ETV Bharat / bharat

'আৰ্যা' ৱেব চিৰিজেৰে পুনৰ অভিনয় জগতলৈ প্ৰাক্তন মিছ ইউনিভাৰ্চ সুস্মিতা সেন

author img

By

Published : Jun 17, 2020, 3:25 PM IST

প্ৰাক্তন মিছ ইউনিভাৰ্চ তথা অভিনেত্ৰী সুস্মিতা সেনে দীৰ্ঘ বিৰতিৰ পাচত পুনৰ অভিনয় জগতলৈ ঘূৰি আহে । 'আৰ্যা' নামৰ এখন ৱেব চিৰিজৰ জৰিয়তে পুনৰ অভিনয় জগতত ভুমূকি মাৰিব অভিনেত্ৰী গৰাকীয়ে ।

সুস্মিতা সেন
'আৰ্যা' ৱেব চিৰিজেৰে পুনৰ অভিনয় জগতলৈ প্ৰাক্তন মিছ ইউনিভাৰ্চ ছুস্মিতা সেন

নিউজ ডেস্ক, ১৭ জুনঃ বলিউড তথা প্ৰাক্তন মিছ ইউনিভাৰ্চ সুস্মিতা সেনৰ প্ৰথম ৱেব চিৰিজ 'আৰ্যা'ৰ সহ-অভিনেতা তথা ৱেব চিৰিজখনত ছোখাৱত চৰিত্ৰত অভিনয় কৰা মনীষ চৌধৰীক ছ'চিয়েল মিডিয়াযোগে অনুৰাগীসকলৰ মাজত চিনাকী কৰাই দিয়ে অভিনেত্ৰী গৰাকীয়ে ।

লগতে সুস্মিতা সেনে মনীষ চৌধৰীৰ প্ৰশংসা কৰি কয় যে,তেখেতৰ কামৰ প্ৰতি থকা আগ্ৰহ,ধ্য়ান খুবেই মনোগ্ৰাহী ।

সুস্মিতা সেন
'আৰ্যা' ৱেব চিৰিজেৰে পুনৰ অভিনয় জগতলৈ প্ৰাক্তন মিছ ইউনিভাৰ্চ ছুস্মিতা সেন

ৱেব চিৰিজ 'আৰ্যা'ত সুস্মিতা সেনে এটি শক্তিশালী চৰিত্ৰত অভিনয় কৰিছে । নিজৰ পৰিয়ালক অপৰাধ জগতৰ পৰা বাছি থাকিবৈল অভিনেত্ৰী গৰাকীয়ে সকলো সীমা অতিক্ৰম কৰা দেখিবলৈ পোৱা যায় । উল্লেখ্য যে, ৰাম মাধৱানীৰ নিৰ্দেশনাত নিৰ্মাণ কৰা ৱেব চিৰিজখন মনীষ চৌধুৰী আৰু নমিত দাসৰ উপৰিও অভিনেতা চন্দ্ৰচুৰ সিং, ছিকন্দৰ খেল আৰু বিনোদ ৰাৱতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে চাওকঃ হিমাচল প্ৰদেশৰ লাহৌল-স্পিটী, কিন্নাউৰ সীমান্তৰ জিলাসমূহত হাইএলাৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.