ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 19, 2020, 7:00 PM IST

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 PM TOP TEN NEWS
7 PM TOP TEN NEWS

৩ ঘণ্টাৰ বাবে নিজ বাসগৃহলৈ আহিল ডিটেনচন কেম্পত বন্দী অমলা দাস

প্ৰায় 1 বছৰ 9 মাহ ডিটেনচন কেম্পত থকাৰ পাচত স্বামীৰ মৃত্যু হোৱাত 24 ঘন্টাৰ বাবে অমলা দাসে জামিন লাভ কৰে যদিও বিভাগীয় নীতিৰ মাজেৰে আহি ঘৰত উপস্থিত হৈ মাত্ৰ তিনি ঘন্টা সময়হে থাকিবলৈ পায় ৷ ঘৰলৈ অহাৰ পিছতেই শোকত ভাগি পৰে অমলা দাসৰ লগতে পৰিয়ালবৰ্গ ৷ সকলো নথি-পত্ৰ থকাৰ পিচতো ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা অমলা দাসক পুনৰ উভটি যাবলৈ নিদিয়াৰ হুংকাৰ সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ ৷

ডিব্ৰুগড়ৰ পৰা হাওৰালৈ চলিব চাৰিখন নতুন ৰে'ল

ডিব্ৰুগড় আৰু হাওৰাৰ মাজত চলাচল আৰম্ভ হ'ব চাৰিখনকৈ বিশেষ ৰে'লৰ ৷ যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ -পূব ৰে'লৱেয়ে চাৰিওখন ৰে'ল চলাচলৰ সিদ্ধান্ত লৈছে ৷

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে বিজেপিয়ে

মুম্বাইস্থিত এগৰাকী মডেলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ এদিন পিচতেই মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে বিজেপিয়ে ৷

২৭ নং কাকী তিৱা পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিজুমণি বৰদলৈৰ জয়লাভ

২৭ নং কাকী তিৱা পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিজুমণি বৰদলৈ জয়লাভ । আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা হয় । পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোট গণনা । ১৬৭ টা ভোটত বিজেপিৰ প্ৰার্থীক হৰুৱাই জয় লাভ কংগ্ৰেছৰ প্ৰাৰ্থী বিজুমনি বৰদলৈয়ে ।

তাজ ভিভান্তাত হাগ্ৰামাৰে কিহৰ মন্ত্ৰণা হিমন্তবিশ্ব শৰ্মাৰ ?

ৰাজনীতিত সকলো সম্ভৱ । ৰাজনীতিত কোনো স্থায়ী শত্ৰু নাথাকে,মিত্ৰও নাথাকে । বি টি আৰৰ নিৰ্বাচন আৰু তাৰ পাছৰ ৰাজনৈতিক ঘটনাক্ৰমে সেই কথা পুনৰ প্ৰমাণ কৰিলে ।

হোটেল তাজ ভিভান্তাত হাগ্ৰামা-হিমন্তৰ বৈঠকৰ বাতৰিক অস্বীকাৰ বিপিএফৰ

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোটেল তাজ ভিভান্তাত বৈঠক অনুষ্ঠিত হোৱাৰ বাতৰিক নস্যাৎ কৰিছে বিপিএফ দলে ৷ তেওঁলোকৰ মতে এইয়া এক ভিত্তিহীন খবৰ ৷

নয়দাত অগ্নিকাণ্ডত মৃত্যু অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ সহ পত্নীৰ

শুকুৰবাৰে নিশা নয়ডাৰ ছেক্টৰ ২৯ ত সংঘটিত হোৱা এক অগ্নিকাণ্ডত প্ৰায় ৮২ বৰ্ষীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ আৰু পত্নীয়ে কৰুণ মৃত্যুক সাৱটি লয় ৷

মুম্বাই-আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইনৰ প্ৰথমখন আলোকচিত্ৰ প্ৰকাশ

ভাৰতস্থিত জাপানৰ দূতাবাসে জাপানৰ পৰা ভাৰতলৈ আহিবলগীয়া প্ৰথমখন বুলেট ট্ৰেইনৰ ছবি প্ৰকাশ কৰিছে ৷ 1,08,000 কোটিৰ এই প্ৰকল্প 2023ৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে ৷

আকৌ CAA বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হংকাৰ ৭০ সংগঠনৰ

শিৱসাগৰত ৭০ টা জাতি-জনগোষ্ঠীয় সংগঠনৰ সংবাদ মেল ৷ অহা ২ জানুৱাৰী তাৰিখৰ পৰা অসমব্যাপী আৰম্ভ কৰিব CAA বিৰোধী আন্দোলন ৷

বৰ্তমানলৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 17 টা সমষ্টি বিজেপিৰ দখলত

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 17 টা পৰিষদীয় সমষ্টিত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ৷ শেহতীয়া তথ্য অনুসৰি, 17 টা সমষ্টি বিজেপিৰ দখলত ৷ আনহাতে, বৰ্তমানলৈ 1 টা সমষ্টি অগপই দখল কৰিবলৈ সক্ষম হৈছে ৷ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ইটিভি ভাৰতৰ প্ৰতিবেদন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.