ETV Bharat / bharat

দীপাৱলীত অযোধ্যাত জ্বলোৱা হ'ব 5.5 লাখ চাকি

author img

By

Published : Oct 24, 2020, 10:59 AM IST

11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ অযোধ্যাত পোহৰৰ উৎসৱ দীপাৱলী ৷ বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্য 5 লাখ 50 হাজাৰ চাকি জ্বলোৱা হ'ব ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পালন কৰা হ'ব এই উৎসৱ ৷

5.5 lakh earthen lamps to be lighten up in Ayodhya for Deepotsav
দীপাৱলীত অযোধ্যাত জ্বলোৱা হ'ব 5.5 লাখ চাকি

নিউজ ডেস্ক, 24 অক্টোবৰ : আগন্তক দীপাৱলীত অযোধ্যাত বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যে 5 লাখ 50 হাজাৰ মাটিৰ চাকি জ্বলোৱা হ'ব ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰি এই উৎসৱ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ কাৰণে চলিত বৰ্ষত বিশ্ববিখ্যাত ৰামলীলাক ডিজিটেল মাধ্যমলৈ ৰূপান্তৰ কৰা হৈছে ৷ একেদৰে, চলিত বৰ্ষত অযোধ্যাতো পোহৰৰ উৎসৱ দীপাৱলীক এক অন্য ৰূপত দেখা পোৱা যাব বুলি উল্লেখ কৰে ৷ চলিত বৰ্ষত 11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ দীপাৱলী উৎসৱ পালন কৰা হ'ব ৷

বিগত বৰ্ষত চহৰখনত 5 লাখ চাকি জ্বলাই বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ 5 লাখ 50 হাজাৰ চাকি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

শুকুৰবাৰে অযোধ্যাৰ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাই কয় যে, 13 নৱেম্বৰত ৰামকথা পাৰ্ক, ৰামকি পেডি, নয়াঘাট, চাৰু আৰতিকে ধৰি কেইবাটাও স্থানত মুখ্য অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব । সন্ধিয়া ওপৰৰ পৰা পুষ্পবৃষ্টি কৰিব আৰু তাৰ পিচত ৰামলীলা ভজন অনুষ্ঠিত কৰি চাকি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, ক'ভিড মহামাৰীৰ বাবে কেৱল সীমিত সংখ্যক লোকে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰিচয় পত্ৰ লাভ কৰিব ৷ কেৱল প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে সীমিত সংখ্যক লোকক অনুমতি প্ৰদান কৰিছে ৷

কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা অনুসৰি, ক'ভিড প্ৰট'কল আৰু চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি এই উৎসৱ পালন কৰা হ'ব ৷

লগতে পঢ়ক : গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুয়ে হাঁহি বিৰিঙাইছে ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.