ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ খেৰীত এগৰাকী নাবালিকাক ধৰ্ষণ আৰু হত্যা

author img

By

Published : Aug 16, 2020, 1:28 PM IST

উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ স্থিত খেৰীত সংঘটিত হৈছে এক নৃশংস ঘটনা । শুকুৰবাৰে ঈশান নগৰ নামৰ অঞ্চলটিত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ লগতে কৰিলে হত্যা । অঞ্চলটোৰ এডৰা কুঁহিয়াৰতলিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহটো ।

13-year-old raped and killed in Uttar Pradesh's Lakhimpur Kheri
উত্তৰ প্ৰদেশৰ খেৰীত এগৰাকী নাবালিকাক ধৰ্ষণৰ লগতে হত্যা

নিউজ ডেস্ক, ১৬আগষ্ট : আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লক্ষীমপুৰ খেৰীৰ ঈশান নগৰত ধৰ্ষণৰ পিছত অতি নৃশংসভাৱে হত্যা কৰা কৰা হৈছে দলিত সম্প্ৰদায়ৰ নাবালিকাগৰাকীক । শনিবাৰে অঞ্চলটোৰ এডৰা কুঁহিয়াৰতলীৰ পৰা উদ্ধাৰ কৰা হৈছে নাবালিকাগৰাকীৰ মৃতদেহ । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুজন লোকক ।

ধৰ্ষণকাৰীয়ে নাবালিকাগৰাকীক ডিঙি কাটি হত্যা কৰে । লগতে চকু দুটা উলিয়াই দিয়াৰ লগতে জিভাখনো কাটি পেলাইছিল নৰপিশাচৰ দলটোৱে ।

উত্তৰ প্ৰদেশৰ খেৰীত এগৰাকী নাবালিকাক ধৰ্ষণৰ লগতে হত্যা

শুকুৰবাৰে এই পাশৱিক ঘটনা সংঘটিত হোৱা গাঁওখন নেপাল সীমান্তত অৱস্থিত আৰু এজন অভিযুক্তৰ কুঁহিয়াৰ খেতিত উদ্ধাৰ হৈছিল নাবালিকাগৰাকীৰ মৃতদেহ ।

জিলা আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ কুমাৰে সদৰি কৰা মতে, মৰণোত্তৰ পৰীক্ষাৰ অন্তত এইয়া ধৰ্ষণৰ পিছত কৰা হত্যাকাণ্ড বুলি নিশ্চিত কৰা হৈছে । ইতিমধ্যে দুজন লোকক আটক কৰা হৈছে । আমি ধৰ্ষণ আৰু হত্যাৰ অভিযোগ লগাইছো যদিওঁ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় সুৰক্ষা অধিনিয়ম আইনৰ অন্তৰ্গত আন এটা গোচৰো ৰুজু কৰিম ।

আৰক্ষীয়ে আটক কৰা লোক দুজন হৈছে সন্তুষ যাদৱ আৰু সঞ্জয় গৌতম । ইতিমধ্যে দুই অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ১৩ বছৰীয়া নাবালিকা গৰাকীয়ে শুক্ৰবাৰে দুপৰীয়া হৈছিল নিৰুদ্দেশ । দুৰ্ভগীয়া দেউতাকে কোৱা অনুসৰি জীয়ৰীক বিচাৰি নাপাই চৌদিশে বিচাৰ-খোচাৰৰ অন্তত গাঁওখনৰে এডৰা কুঁহিয়াৰ তলিত নৰপিশাচৰ দলে নৃশংস ভাৱে হত্যা কৰি পেলাই থৈ অৱস্থাত পোৱা গ'ল ।

এই নৃশংস ঘটনাটোক লৈ সকলোৱে কৰিছে প্ৰতিক্ৰিয়া । বহুজন সমাজ পাৰ্টিৰ অধ্যক্ষ মায়াৱতীয়ে এটা টুইটৰ জড়িয়তে ঘটনাক গৰিহনা দি আখ্যা দিলে, ই অতিকে দুখজনক তথা লজ্জাজনক । লগতে চৰকাৰলৈ প্ৰশ্ন কৰিলে, যদিহে ৰাজ্যখনত এনেবোৰ পৈশচিক ঘটনা ঘটিয়েই থাকে তেনেহ'লে পূৰ্বৰ সমাজ বাদী পাৰ্টি অথবা বৰ্তমানৰ বিজেপি চৰকাৰৰ মাজত প্ৰভেদ ক'ত থাকিল?

ভীম আৰ্মিৰ প্ৰধান চন্দ্ৰ শেখৰ আজাদেও ঘটনাৰ গৰিহনা দিয়াৰ লগতে ক'লে, বিজেপি চৰকাৰৰ সময়চোৱাত দলিত সকলক কৰি অহা অত্যাচাৰৰ ঘটনাই চুড়ান্ত সীমা পাইছেগৈ । যদিহে এয়া জংঘলৰাজ নহয়েই, তেন্তে এয়া কি হয় ? আমাৰ জীয়ৰী সকল এতিয়া সুৰক্ষিত নহয়, আমাৰ ঘৰখন এতিয়া সুৰক্ষিত নহয় । ৰাজ্যখনৰ সকলোতে কেৱল আতংক । বিফল মুখ্যমন্ত্ৰী যোগীয়ে পদত্যাগ কৰা উচিত ।

উল্লেখ্য যে, চলিত মাহৰে ৬ তাৰিখে ৰাজ্যখনৰ হাপুৰ জিলাত ৬বছৰীয়া এগৰাকী কণমানিক অপহৰণ কৰি ধৰ্ষণ কৰা হৈছিল । এই পাশৱিক ঘটনাটোৰ সন্দৰ্ভত শুকুৰবাৰে আৰক্ষীয়ে অপৰাধীক কৰিলে আটক । বৰ্তমানেওঁ চিকিৎসালয়ত চিকিৎসাধীন কণমানি জনীৰ এটা চাৰ্জাৰীও কৰা হয় । চিকিৎসকৰ মতে কণমানিজনীৰ স্থাস্থ্যৰ অৱস্থা স্থিৰ দেখা গৈছে যদিও এতিয়াও বিপদসীমাৰ পৰা মুক্ত হোৱা নাই কণমানিজনী ।

লগতে পঢ়ক : সুখবৰ: আজিৰে পৰা ভক্তৰ বাবে মুকলি বৈষ্ণু দেৱী মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.