কেৰালাৰ মালাপ্পুৰমত উপস্থিত ভাৰত জোড়ো যাত্ৰা

author img

By

Published : Sep 27, 2022, 12:32 PM IST

Bharat Jodo Yatra entered Malappuram of Kerala
কেৰালাৰ মালাপ্পুৰমত উপস্থিত ভাৰত জোড়ো যাত্ৰা ()

কংগ্ৰেছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল, চ'লো দিল্লীৰ পাছত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা ৰূপায়ন কৰিছে(Congress Bharat Jodo Yatra) । ১২ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেদি ৩,৫০০ কিলোমিটাৰ অতিক্ৰমিব ভাৰত জোড়ো যাত্ৰাই । এই যাত্ৰাই মঙলবাৰে কেৰালাৰ মালাপ্পুৰম জিলাত ( Bharat Jodo Yatra entered Malappuram of Kerala) প্ৰৱেশ কৰে ।

নেশ্য়নেল ডেস্ক, ২৭ ছেপ্টেম্বৰ: যোৱা ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই (Congress to launch Bharat Jodo Yatra) মঙলবাৰে ২০ দিনত প্ৰৱেশ কৰিলে । কংগ্ৰেছৰ জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰাসকলে মঙলবাৰে কেৰালাৰ মালাপ্পুৰম জিলাত ( Bharat Jodo Yatra entered Malappuram of Kerala)প্ৰৱেশ কৰে । শ শ দলীয় কৰ্মী আৰু সমৰ্থকে ৰাহুল গান্ধীৰ সৈতে খোজ কাঢ়ি এই যাত্ৰাত অংশ লয় ।

উল্লেখ্য় যে সোমবাৰে পালাক্কাড জিলাৰ কপ্পামত দিনটোৰ বাবে যাত্ৰা সমাপ্ত হোৱাৰ পিছত আজি পুৱা ৰাজ্যখনৰ উত্তৰ জিলাৰ পুলামান্থোল জংচনৰ পৰা পুনৰ আৰম্ভ কৰে এই যাত্ৰা । উল্লেখ্য় যে ৱায়ানাডৰ সাংসদ গান্ধীয়ে আবেলি কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰই সদৰি কৰিছে ।

ইপিনে, এআইচিচিৰ ভাৰপ্ৰাপ্ত জনসংযোগ সম্পাদক জয়ৰাম ৰমেশে টুইট (AICC general secretary communications tweeted) কৰি কয়,"২০ দিনত এখন সুন্দৰভাৱে সজোৱা দলঙৰ ওপৰত মালাপ্পুৰম জিলাত ভাৰত জোড়ো যাত্ৰাই প্ৰৱেশ দেখা গৈছে । এই দলটোৱে আজি পুৱা ১৪ কিলোমিটাৰ খোজ কাঢ়িব । আবেলি ৰাহুল গান্ধীয়ে কাষৰীয়া অঞ্চলৰ কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিব(Jairam Ramesh tweeted)। এতিয়ালৈকে বতৰ শীতল আৰু চাৰিওফালৰ পৰিৱেশ মনোৰম ।'' ১০ ছেপ্টেম্বৰত কেৰালাত প্ৰৱেশ কৰা এই যাত্ৰাই ৪৫০ কিলোমিটাৰ অতিক্ৰম কৰি ৰাজ্যখনৰ মাজেৰে আহা ১ অক্টোবৰত কৰ্ণাটকত প্ৰৱেশ কৰিব বুলি তেওঁ টুইটত উল্লেখ কৰিছে ।

লগতে পঢ়ক:ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতেৰে ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি গৃহভূমিত নয়না শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.