ETV Bharat / bharat

২৭ ছেপ্টেম্বৰত ভাৰত বন্ধৰ আহ্বান সংযুক্ত কিষাণ মৰ্চাৰ

author img

By

Published : Sep 26, 2021, 8:06 PM IST

Bharat Bandh announced on 27th september
২৭ ছেপ্টেম্বৰত ভাৰত বন্ধৰ আহ্বান সংযুক্ত কিষাণ মৰ্চাৰ

সংযুক্ত কিষাণ মৰ্চাই ২৭ ছেপ্টেম্বৰত ভাৰত বন্ধৰ আহ্বান জনাইছে ৷ এই ভাৰত বন্ধৰ কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণ হোৱাৰ লগতে কোনোধৰণৰ হিংসা বা উপদ্ৰৱ ভাৰত বন্ধৰ অংশ নহ'ব বুলি সংযুক্ত কিষাণ মৰ্চাৰ গাজীপুৰ সীমান্তৰ মুখপাত্ৰ জগতাৰ সিং বাজৱাই জানিবলৈ দিছে ৷

নেশ্যনেল ডেস্ক , 26 ছেপ্টেম্বৰ : 27 ছেপ্টেম্বৰত সংযুক্ত কিষাণ মৰ্চাই ভাৰত বন্ধ(Bharat Bandh)ৰ আহ্বান জনাইছে ৷ সংযুক্ত কিষাণ মৰ্চাৰ গাজীপুৰ সীমান্তৰ মুখপাত্ৰ জগতাৰ সিং বাজৱাই সদৰী কৰা মতে 27 তাৰিখে সংগঠনটোৱে আহ্বান জনোৱা ভাৰত বন্ধৰ কাৰ্যসূচী সফল কৰাৰ বাবে তৰিৎ গতিত প্ৰস্তুতি অব্যাহত আছে ৷

বাজৱাই জানিবলৈ দিয়া মতে, সমগ্ৰ দেশৰ বিভিন্ন সংগঠনৰ সৈতে জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত আলোচনা কৰা হৈছে আৰু সহযোগিতাৰ বাবে আবেদন জনোৱা হৈছে ৷ কিষাণ মৰ্চাই আহ্বান জনোৱা এই ভাৰত বন্ধৰ কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণ হ'ব বাজৱাই মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, কোনোধৰণৰ হিংসা বা উপদ্ৰৱ ভাৰত বন্ধৰ অংশ নহ'ব ৷

কৃষক নেতাজনে ইতিমধ্যে বন্ধ সমৰ্থকসকলক কোনো ধৰণৰ অশান্তি সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে, ২৭ ছেপ্টেম্বৰত মানিবলগীয়া ভাৰত বন্ধৰ বাবে সংযুক্ত কিষাণ মৰ্চাই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি, সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয় আৰু প্ৰতিষ্ঠান, বজাৰ, দোকান আৰু উদ্যোগ বন্ধ থাকিব, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু সকলো ধৰণৰ শিক্ষানুষ্ঠানৰ লগতে সকলো ধৰণৰ ৰাজহুৱা যান-বাহন আৰু ব্যক্তিগত বাহন আদি বন্ধ থাকিব লাগিব ৷

চিকিৎসালয়, ফাৰ্মাচী, এম্বুলেন্স আৰু যিকোনো চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত অৱশ্যে এই বন্ধ প্ৰযোজ্য নহ'ব ৷ এছকেএম কৰ্মীসকলৰ বাবেও সংগঠনটোৱে নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি, ৰাইজ যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে বন্ধৰ পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে সম্পূৰ্ণ তথ্য দিব লাগিব ৷ বন্ধৰ পূৰ্বে স্থানীয় পৰ্যায়ৰ সকলো গণ আন্দোলন, গণ সংগঠন আৰু অ-বিজেপি ৰাজনৈতিক দলসমূহক বন্ধত যোগ দিবলৈ চেষ্টা কৰিব লাগিব ৷

লগতে পঢ়ক : লক্ষ্য RSSক প্ৰতিৰোধ : কংগ্ৰেছে মুকলি কৰিলে Jawahar Bal Manch

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.