ETV Bharat / bharat

গাংগুলীৰ টুইটে লগালে তোলপাৰ; জয় শ্বাহে ক’লে এয়া পদত্যাগ নহয়

author img

By

Published : Jun 1, 2022, 7:43 PM IST

গাংগুলীৰ টুইটে লগালে তোলপাৰ
গাংগুলীৰ টুইটে লগালে তোলপাৰ

বিচিচিআইৰ সভাপতি পদৰ পৰা গাংগুলীয়ে (President of bcci) পদত্যাগ কৰা বুলি শেহতীয়াকৈ চৰ্চা হৈছে ৷ গাংগুলীয়ে কৰা এটা টুইটৰ বাবেই অৱশ্যে এই চৰ্চা আৰম্ভ হৈছে ৷

নিউজ ডেস্ক, 1 জুন: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক লৈ এক নতুন চৰ্চা চলিছে (Sourav Ganguly news)৷ জানিব পৰা মতে, বিচিচিআইৰ সভাপতি পদৰ পৰা গাংগুলীয়ে (President of bcci) পদত্যাগ কৰা বুলি শেহতীয়াকৈ চৰ্চা হৈছে ৷ গাংগুলীয়ে কৰা এটা টুইটৰ বাবেই অৱশ্যে এই চৰ্চা আৰম্ভ হৈছে ৷

নিজৰ টুইটাৰ একাউন্টৰ যোগেদি বুধবাৰে সৌৰভ গাংগুলীয়ে এটা পোষ্ট আপডেট কৰি উল্লেখ কৰে যে, তেওঁ এক এনেকুৱা কাম কৰাৰ পৰিকল্পনা কৰিছে, যাৰ দ্বাৰা বহুলোকৰ সহায় হ’ব ৷ জীৱনৰ এই নতুন অধ্যায় আৰম্ভ কৰিলে সকলোৱে সমৰ্থন কৰিব বুলিও আশা প্ৰকাশ কৰে গাংগুলীয়ে ৷

গাংগুলীৰ এই টুইটৰ পাচতে চ’ছিয়েল মিডিয়াত তেওঁ ইস্তফা দিয়া বুলি চৰ্চা হ’বলৈ ধৰে ৷ অৱশ্যে এই বিষয়ে কোনো বিভাগীয় ঘোষণা বৰ্তমানলৈকে হোৱা নাই ৷ বিচিচিআইৰ সম্পাদক জয় শ্বাহে উল্লেখ কৰিছে যে, গাংগুলীয়ে সভাপতি পদৰ পৰা ইস্তফা দিয়া নাই (BCCI secretary Jay Shah on Sourav Ganguly) ৷

উল্লেখ্য যে, যোৱা 6 মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কলকতাৰ বাসগৃহত সৌৰভ গাংগুলীক সাক্ষাৎ কৰিছিল (Amit Shah met Sourav Ganguly)৷ এই সাক্ষাতৰ পাচত গাংগুলী বিজেপিমুখী হ’ব বুলি ধাৰণা কৰা হৈছিল ৷ অৱশ্যে পূৰ্বেও এনে চৰ্চা চলিছিল যদিও গাংগুলীয়ে বিজেপিত যোগ দিবলৈ অস্বীকাৰ কৰে ৷

লগতে পঢ়ক : UTLA cadres surrender : মণিপুৰত অধ্যক্ষসহ ১৪ UTLA কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.