ETV Bharat / bharat

BCCI ended gender disparity: ভাৰতীয় মহিলা আৰু পুৰুষ ক্ৰিকেটাৰে পাব সমান দৰমহা

author img

By

Published : Oct 27, 2022, 8:58 PM IST

BCCI
BCCI

নতুনকৈ প্ৰৱৰ্তন কৰা ব্যৱস্থা অনুসৰি এতিয়াৰে পৰা ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলে প্ৰতিখন টেষ্টত 15 লাখ টকা, প্ৰতিখন এদিনীয়াত 6 লাখ টকা আৰু প্ৰতিখন টি-20ত 3 লাখ টকা লাভ কৰিব । যিটো ভাৰতীয় পুৰুষ দলটোৰ সমকক্ষ (BCCI introduced new pay system) ।

স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ : এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত বিচিচিআইয়ে বৃহস্পতিবাৰে দেশৰ আটাইতকৈ জনপ্ৰিয় খেল ক্ৰিকেটত লিংগ সমতাৰ কথা ঘোষণা কৰিছে (BCCI announces equal pay for men and women) । বিচিচিআইয়ে কেন্দ্ৰীয়ভাৱে চুক্তিবদ্ধ মহিলা আৰু পুৰুষ খেলুৱৈসকলৰ বাবে সমান মেচ মাচুল ঘোষণা কৰে (BCCI promote gender equality) ।

নতুনকৈ প্ৰৱৰ্তন কৰা ব্যৱস্থা অনুসৰি, ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলে এতিয়াৰে পৰা প্ৰতিখন টেষ্টত 15 লাখ টকা, প্ৰতিখন এদিনীয়াত 6 লাখ টকা আৰু প্ৰতিখন টি-20 ত 3 লাখ টকাকৈ লাভ কৰিব । যিটো পুৰুষ দলটোৰ সমকক্ষ ।

ইয়াৰ পূৰ্বে মহিলা খেলুৱৈসকলে এদিনীয়া আৰু টি-20 ৰ বাবে এক লাখ টকাকৈ লাভ কৰিছিল । আনহাতে এখন টেষ্ট মেচৰ বাবে মেচ মাচুল আছিল চাৰি লাখ টকা । এই সিদ্ধান্তটো বিচিচিআই ৰ শীৰ্ষ পৰিষদৰ আকস্মিক বৈঠকত লোৱা হয় ।

বিচিচিআইৰ সভাপতি ৰজাৰ বিন্নীয়ে (BCCI President Roger Binny) কয়, "এই সিদ্ধান্তই ক্ৰিকেটৰ উন্নয়ন আৰু বিকাশৰ মঞ্চ নিৰ্ধাৰণ কৰিছে । মই বিশ্বাস কৰোঁ যে মহিলা ক্ৰিকেট আৰু সামগ্ৰিকভাৱে ক্ৰীড়াৰ বাবে এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।"

বিচিচিআইৰ সচিব জয় শ্বাহে (BCCI secretary Jay Shah) কয় যে বৈষম্যৰ মোকাবিলা কৰাৰ দিশত বেতনৰ সমানতা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ । "আমি ভাৰতীয় ক্ৰিকেটত এক নতুন যুগত প্ৰৱেশ কৰাৰ লগে লগে এইটো এটা যুগান্তকাৰী সিদ্ধান্ত । মই বিচিচিআইৰ শীৰ্ষ পৰিষদৰ মোৰ সহকৰ্মীসকলক ধন্যবাদ জনাইছোঁ ।" তেওঁ কয় ।

উল্লেখ্য, চলিত বছৰৰ আৰম্ভণিতে নিউজীলেণ্ড ক্ৰিকেটে (এনজেডচি) দেশৰ খেলুৱৈ সংগঠনৰ সৈতে এক চুক্তি কৰিছিল । যাৰ ফলত মহিলা ক্ৰিকেটাৰসকলে পুৰুষ খেলুৱৈসকলৰ সমান উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । আনহাতে, ক্ৰিকেট অষ্ট্ৰেলিয়াইও লিংগ বৈষম্য দূৰ কৰিবলৈ কাম কৰি আছে । সেইফালৰ পৰা ভাৰত পুৰুষ আৰু মহিলা দলৰ বাবে সমান দৰমহা কাৰ্যকৰী কৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মাত্ৰ দ্বিতীয়খন দেশ হৈ পৰে ।

লগতে পঢ়ক :Kashmir Black Day : আজি কাশ্মীৰীসকলে পালন কৰিছে ক'লা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.