ETV Bharat / bharat

সীমান্তৰ বজাৰ আৰম্ভ কৰাত বিলম্ব কৰিছে বাংলাদেশে !

author img

By

Published : Sep 20, 2021, 1:31 PM IST

Bangladesh’s delay stalls Border haat reopening
সীমান্তৰ সপ্তাহিক বজাৰ পুনৰ আৰম্ভ কৰাত বিলম্ব কৰিছে বাংলাদেশে

ক'ভিড পৰিস্থিতি(Covid Situation) উন্নত হোৱাৰ পিছতো সপ্তাহিক বজাৰ(Weekly market) পুনৰ আৰম্ভ হোৱা নাই ভাৰত-বাংলাদেশ(India-Bangladesh) সীমান্তৰ শ্ৰীনগৰ আৰু কমলা সাগৰত । এই বিষয়ত আলোচনা কৰাৰ ক্ষেত্ৰত অনিচ্ছা প্ৰকাশ কৰাৰ অভিযোগ উঠিছে বাংলাদেশৰ বিৰুদ্ধে । ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় বিক্ৰেতাসকল ।

আগৰতলা, ২০ ছেপ্টেম্বৰ : ক'ভিড-১৯ মহামাৰীৰ বাবে বিগত বৰ্ষৰ পৰাই ক্ষুদ্ৰ ব্যৱসায়ী, দৰিদ্ৰ লোক, মধ্যবিত্ত সকলোৱেই আৰ্থিক সংকটত ভূগিছে । মহামাৰীৰ ভয়াৱহতা হ্ৰাস পোৱাৰ পাছত স্বাস্থ্যবিধি মানি চলাৰ নিৰ্দেশ দি দোকান-বজাৰসমূহো খোলাৰ অনুমতি দিয়া হৈছে । কিন্তু ভাৰত-বাংলাদেশ(India-Bangladesh) সীমান্তৰ শ্ৰীনগৰ আৰু কমলাসাগৰত এতিয়াও গ্ৰামাঞ্চলৰ সাপ্তাহিক বজাৰ খোলাৰ অনুমতি দিয়া নাই বাংলাদেশে । এই বিষয়ত আলোচনা কৰাতো কোনো আগ্ৰহ প্ৰকাশ কৰা নাই বাংলাদেশ চৰকাৰে ।

ভাৰতৰ চৰকাৰী পক্ষৰ এক সূত্ৰই জনোৱা মতে, বৃহৎ লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় বিক্ৰেতাসকল । ক'ভিড সংক্ৰমণৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা বন্ধ আছে সীমান্তৰ শ্ৰীনগৰ আৰু কমলাসাগৰৰ সাপ্তাহিক বজাৰ । উল্লেখ্য যে, ২০১৫-১৬ বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা বজাৰ দুখনত ভাৰতৰ ফালৰ পৰা বিক্ৰী বৃদ্ধি পাইছে । প্ৰথম বিত্তীয় বৰ্ষত ভাৰতৰ ফালৰ পৰা বিক্ৰী প্ৰতিটো বৰ্ষতে ২.৯৬ কোটি টকাকৈ আছিল ।

২০১৯-২০ বিত্তীয় বৰ্ষত বিক্ৰী ৮.৯৩ কোটি টকালৈ বৃদ্ধি পায় । আৰম্ভণিৰ পৰা বজাৰ বন্ধ হোৱাৰ সময়লৈকে বাংলাদেশৰ তৰফৰ পৰা ৪.২৪ কোটি টকাৰ সামগ্ৰী বিক্ৰী হৈছিল আৰু এয়া ভাৰতৰ তুলনাত যথেষ্ট কম ।

শ্ৰীনগৰ আৰু কমলাসাগৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ এই দুখন সীমান্ত হাটত দুয়োখন দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰী কৰে ৷ এই দুয়োখন বজাৰে সীমান্তৱৰ্তী অঞ্চলৰ অৰ্থনীতি উন্নীত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিয়নো, ভাৰতীয় বিক্ৰেতাসকলে সপ্তাহত এবাৰ সামগ্ৰী বিক্ৰী কৰি যথেষ্ট লাভ অৰ্জন কৰে ।

ভাৰতৰ চৰকাৰী পক্ষৰ এক সূত্ৰই জনোৱা মতে, ক'ভিড-১৯ মহামাৰীৰ বাবে সীমান্তৰ হাটবোৰ বন্ধ কৰি দিয়া হৈছিল আৰু পৰিস্থিতি উন্নত হোৱাৰ পিছত হাটৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়াসকলে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

কিন্তু বাংলাদেশ চৰকাৰে বৰ্তমান এই বিষয়ত আলোচনা কৰিব বিচৰা নাই । সূত্ৰটোৱে কোৱা মতে, সম্ভৱতঃ ক'ভিড-১৯ ৰ সংক্ৰমণ অধিক বৃদ্ধি হোৱাৰ আশংকাত বাংলাদেশে বজাৰ পলমকৈ খুলিব বিচাৰিছে । যদি দুয়োখন দেশৰ মাজত বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকে তেন্তে কেইমাহমানৰ ভিতৰত বৈঠক অনুষ্ঠিত কৰিবলৈ মৌখিকভাৱে সন্মত হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

লগতে পঢ়ক: অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.