ETV Bharat / state

অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন

author img

By

Published : Sep 20, 2021, 10:55 AM IST

workshop for local weavers at Chhaygaon
বামুনীগাঁৱত স্থানীয় শিপিনীসকলৰ সুবিধাৰ্থে কৰ্মশালা

ছয়গাঁৱৰ বামুণীগাঁৱত আছাম টেক্সটাইল ইনষ্টিটিউটৰ(Assam Textile Institute) প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত ‘হস্ততাঁত বস্ত্ৰৰ ব্যৱসায়ত কাপোৰৰ সঠিক মূল্য নিৰ্ধাৰণ, বিশুদ্ধতা আৰু সু-পৰিৱেশনৰ প্ৰয়োজনীয়তা’ শীৰ্ষক আলোচনা চক্ৰ তথা কৰ্মশালাৰ আয়োজন ৷ এই আলোচনা চক্ৰই লাভৱান্বিত কৰিব স্থানীয় শিপিনীসকলক ৷ কৰ্মশালাত প্ৰায় 35 গৰাকী শিপিনীয়ে অংশগ্ৰহণ কৰে ৷

গুৱাহাটী, 20 ছেপ্তেম্বৰ : দেওবাৰে ছয়গাঁৱৰ বামুণীগাঁৱত দেওবাৰে অনুষ্ঠিত হয় ‘হস্ততাঁত বস্ত্ৰৰ ব্যৱসায়ত কাপোৰৰ সঠিক মূল্য নিৰ্ধাৰণ, বিশুদ্ধতা আৰু সু-পৰিৱেশনৰ প্ৰয়োজনীয়তা’ শীৰ্ষক এখনি আলোচনা চক্ৰ ৷ 6 নং উত্তৰ দক্ষিণ বনগাঁও গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আছাম টেক্সটাইল ইনষ্টিটিউটৰ(Assam Textile Institute) প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত আয়োজন কৰা হয় এই আলোচনা চক্ৰ তথা কৰ্মশালাখনি ৷

workshop for local weavers at Chhaygaon
বামুনীগাঁৱত স্থানীয় শিপিনীসকলৰ সুবিধাৰ্থে কৰ্মশালা

সদৌ অসম হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিষয়া সন্থাৰ সভাপতি কুলেন চন্দ্ৰ ডেকাই বন্তি প্ৰজ্জলনেৰে মুকলি কৰা এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ যুটীয়া সঞ্চালক ৰঞ্জিত ডেকা(Ranjit Deka) ৷ লগতে জিলা পৰিষদৰ সদস্য গোলাপ মেধি আৰু গাঁও পঞ্চায়তৰ সভানেত্ৰী অনুপমা বড়োৱে সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়ায় ৷

সাৰদা বড়োৰ বৰগীতৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিষয়বস্তুৰ ওপৰত মূল ভাষণ আগবঢ়ায় হস্ততাঁত বিভাগৰ উপ সঞ্চালক কুলেন ডেকা, অসম টেক্সটাইল ইনষ্টিটিউটৰ শিক্ষক ৰবীন খাটনিয়াৰ, হস্ততাঁত উৎপাদন কেন্দ্ৰ জাজৰীৰ অধীক্ষক প্ৰণীতা বৰুৱা, ICCO ৰ হস্ততাঁত বিষয়া চিত্ৰবন শৰ্মা, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উপ সঞ্চালক ড৹ জয়ন্ত দেৱ শৰ্মাই ৷

workshop for local weavers at Chhaygaon
বামুনীগাঁৱত স্থানীয় শিপিনীসকলৰ সুবিধাৰ্থে কৰ্মশালা

অনুষ্ঠানত স্থানীয় শিল্পী নগেন বড়োই আধুনিক গীত আৰু মণিৰূপা মিশ্ৰই কবিতা আবৃত্তি কৰি উপস্থিত থকা আটাইকে আপ্লুত কৰে ৷ আছাম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ যুটীয়া সম্পাদক গোপী কান্ত ঠাকুৰীয়াই শিক্ষানুষ্ঠানখনৰ শতবৰ্ষ উদযাপনৰ বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা এই অনুষ্ঠানে স্থানীয় শিপিনীসকলক লাভৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে ৷

ইনষ্টিটিউটখনত থকা বিভিন্ন পাঠ্যক্ৰম সম্পৰ্কে আটাইকে অৱগত কৰে যুটীয়া সম্পাদকগৰাকীয়ে ৷ অনুষ্ঠানত পৌৰহিত্য কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উপ সভাপতি গিৰেণ সৰকাৰে কয় যে, এই আলোচনা চক্ৰ আৰু বস্ত্ৰত প্ৰাকৃতিক ৰঙৰ প্ৰয়োগৰ কৰ্মশালাই নিশ্চয়কৈ শিপিনীসকলক উপকৃত কৰিব ৷ হিতেশ নাথৰ পৰিচালনাত অনুষ্ঠিত বস্ত্ৰত প্ৰাকৃতিক ৰঙৰ প্ৰয়োগৰ কৰ্মশালাত অংশগ্ৰহণ কৰে প্ৰায় 35 গৰাকী শিপিনীয়ে ৷

লগতে পঢ়ক: অসমৰ লোক-কলা সংস্কৃতিৰ উপস্থাপনেৰে নলবাৰীত নিৰ্মাণ হ’ব তোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.