ETV Bharat / bharat

Balapur Laddu auction: আজি গণেশ বিসৰ্জন; খেইৰতাবাদত 27 লাখ টকাত নিলাম গণপতিৰ লাডু

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 12:09 PM IST

Updated : Sep 28, 2023, 12:30 PM IST

Balapur Laddu auction
এইবৰ্ষত কিমান মূল্যত নিলাম হ’ব খেইৰাতাবাদৰ গণেশ উৎসৱৰ লাডু ?

লাডু নিলামত নিজস্ব স্বকীয়তা প্ৰদৰ্শন কৰি অহা খেইৰতাবাদৰ বালাপুৰ গণেশ উৎসৱ সমিতিয়ে আয়োজন কৰা গণেশ চতুৰ্থীত এইবাৰো নিলাম হ’ব লাডু ৷ সৰ্বোচ্চ গণেশ মূৰ্তিৰ হাতত থকা লাডুটোৰ নিলাম কাৰ্যসূচী আয়োজন কৰা হৈছে বালাপুৰত ৷

নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ : দেশৰ ভিন্ন প্ৰান্তত অব্যাহত আছে গণেশ চতুৰ্থীৰ উৎসৱমুখৰ পৰিৱেশ ৷ গণেশ চতুৰ্থী বুলি ক’লে দক্ষিণ ভাৰতৰ তেলেংগানাৰ খেইৰতাবাদৰ বালাপুৰ গণেশ উৎসৱ সমিতিয়ে আয়োজন কৰা সৰ্বোচ্চ গণেশ মূৰ্তিৰ পূজা অন্যতম ৷ লাডু নিলামত নিজস্ব স্বকীয়তা প্ৰদৰ্শন কৰি অহা বালাপুৰ গণেশে প্ৰতিবৰ্ষৰ দৰে এই বছৰো ভক্তসকলৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ বালাপুৰ গণেশ উৎসৱ সমিতিয়ে আশা কৰিছি যে যোৱা বৰ্ষক ছেৰ পেলাই এইবাৰ বালাপুৰ লাডুৰ মূল্যই 24,60,000 টকাৰ সীমা অতিক্ৰম কৰিব ৷ কিন্তু সমিতিয়ে আশা কৰাতকৈও অধিক মূল্যত নিলাম হ’ল লাডুটো ৷

এইবাৰ তুৰ্কায়াঞ্জলৰ দাসৰী দয়ানন্দ ৰেড্ডীয়ে 27 লাখ টকাৰ বিনিময়ত লাডুটো লাভ কৰে । এই নিলামত 20 জন স্থানীয় লোককে ধৰি মুঠ 36 জন লোকে অংশগ্ৰহণ কৰে । বালাপুৰ উৎসৱ সমিতিয়ে 1116 টকাৰে নিলাম আৰম্ভ কৰে । নিলাম কাৰ্যসূচীত মন্ত্ৰী সবিতা ইন্দ্ৰ ৰেড্ডী, প্ৰাক্তন বিধায়ক থিগালা কৃষ্ণ ৰেড্ডীকে ধৰি বহু জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

খেইৰাতাবাদৰ গণেশ উৎসৱত লম্বোদৰৰ হাতত থকা লাডুটোৰ নিলাম এক পৰম্পৰাগত প্ৰথা ৷ ভক্তসকলে বিশ্বাস কৰে যে যিয়ে এই লাডুটো লাভ কৰে তেওঁ ধন-সম্পদেৰে আশীৰ্বাদপ্ৰাপ্ত হ'ব ৷ সেইবাবে প্ৰতিবৰ্ষই এইদৰে ভক্তসকলে গণেশৰ লাডু নিলামৰ বাবে অপেক্ষা কৰে ৷

আজিৰ পৰা 28 বছৰৰ পূৰ্বে 1994 চনৰ পৰা 450 টকাৰে এই লাডুটোৰ নিলামৰ পৰম্পৰা আৰম্ভ হৈছিল ৷ প্ৰায় 20 গৰাকী স্থানীয় লোক আৰু অ-স্থানীয় লোকে এই নিলাম কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব ৷ বিগত বছৰত স্থানীয় লোক ভাংগেটি লক্ষ্মৰেড্ডীয়ে 24,60,000 টকাত লাডুটো লাভ কৰিছিল ৷ 2001 চনলৈকে, বালাপুৰ লাডু হাজাৰত বিক্ৰী হৈছিল ৷

2002 চনত কান্দাদা মাদাভা ৰেড্ডীয়ে প্ৰতিদ্বন্দিতা কৰি 1,05,000 টকাত লাডুটো লাভ কৰিছিল ৷ তেতিয়াৰ পৰা, প্ৰতি বছৰে লাডুটোৰ মূল্য এক লাখকৈ বৃদ্ধি হৈ আহিছে ৷ 2007 চনত ৰঘুনন্দনাচাৰী নামৰ এজন স্থানীয় লোকে 4,15,000 টকাত লাডুটো লাভ কৰিছিল ৷ 2015 চনত, বালাপুৰ লাডুটোৱে 10 লাখ টকা অতিক্ৰম কৰি এক অভিলেখৰ সৃষ্টি কৰিছিল ৷

কাললেম মদন মোহন ৰেড্ডীয়ে 10,32,000 টকাত লাডুটো লাভ কৰিছিল ৷ 2016 চনত লাডুটোৰ মূল্য চাৰি লাখ টকা বৃদ্ধি হৈছিল ৷ মেডচলৰ স্কাইলেব ৰেড্ডীয়ে লাডুটো 14,65,000 টকাত লাডুটো লাভ কৰিছিল ৷

2017 চনত, নাগাম তিৰুপতি ৰেড্ডীয়ে লাডুটো 15,60,000 টকাত লাভ কৰিছিল ৷ 2018 চনত তেৰেটি শ্ৰীনিবাস গুপ্তা নামৰ এজন অ-স্থানীয় ব্যক্তিয়ে বালাপুৰ লাডুটো 16,60,000 টকাত লাভ কৰিছিল ৷ বালাপুৰ গণেশে একেৰাহে তিনি বছৰ ধৰি অ-স্থানীয় লোকসকলৰ ওপৰত আশীৰ্বাদ কৰিছিল ৷ 2019 চনত অনুষ্ঠিত হোৱা নিলামত স্থানীয় লোকে সুযোগ পাইছিল ৷ কোলানা ৰাম ৰেড্ডীয়ে 17,60,000 টকাত লাডুটো লাভ কৰিছিল ৷

কৰ’ণাৰ কাৰণে 2020 চনত লাডু নিলাম কাৰ্যসূচী বাতিল কৰা উৎসৱ সমিতিয়ে ৷ তেতিয়া এই লাডুটো মুখ্যমন্ত্ৰী কেচিআৰক হস্তান্তৰ কৰা হৈছিল ৷ লাডুটোৰ মূল্য বাৰ্ষিক দুইৰ পৰা তিনি লাখ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল ৷ 2022 চনত লাডুটোৰ মূল্য পাঁচ লাখ টকা বৃদ্ধি কৰি এক অভিলেখ গঢ়িছিল ৷ বিগত বছৰত লাডুটো 24,60,000 টকাত নিলাম হৈছিল ৷

গাঁও উন্নয়নৰ বাবে বালাপুৰ লাডু নিলাম আৰম্ভ হৈছিল ৷ উৎসৱ সমিতিয়ে গাঁও উন্নয়নৰ বাবে নিলামৰ জৰিয়তে লাভ কৰা ধন খৰচ কৰি আছে ৷ উৎসৱ সমিতিয়ে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে লাডু নিমাল কাৰ্যসূচীত 1,04,97970 টকা ব্যয় কৰা হৈছে ৷ বালাপুৰ গণেশ শোভাযাত্ৰাৰ পিচত, গাঁওখনৰ মুখ্য স্কোৱেৰৰ 'বড্ৰাই'ত লাড্ডু নিলাম কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷ স্থানীয় লোক আৰু চুবুৰীয়া গাঁওসমূহৰ লোকসকলে এই নিলাম চাবলৈ ভিৰ কৰেহি ৷ নিলাম গীতৰ পিচত, ভক্তসকলে উল্লাসেৰে 'জয় বোলো গণেশ মহাৰাজ কি' শ্লোগান দি বালাপুৰ গণেশৰ শোভযাত্ৰা বিনায়ক সাগৰত শেষ কৰে ৷

লগতে পঢ়ক: PM Modi on Diplomacy : বিগত এটা মাহত দেশৰ কূটনীতিয়ে নতুন উচ্চতা অৰ্জন কৰিছে; প্ৰধানমন্ত্ৰী মোদী

Last Updated :Sep 28, 2023, 12:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.