ETV Bharat / bharat

Attack in Jamshedpur Court :জামছেদপুৰ আদালতত পেশকাৰক আক্ৰমণৰ ঘটনাৰ শুনানী গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 10:47 PM IST

Attack On Peshkar In Jamshedpur Court
জামছেদপুৰ আদালতত পেশকাৰৰ ওপৰত আক্ৰমণ

জামছেদপুৰ আদালতত পেশকাৰৰ ওপৰত হোৱা আক্ৰমণৰ ক্ষেত্ৰত গৃহ সচিব আৰু ডিজিপি উচ্চ ন্যায়ালয়ত উপস্থিত হয় । আদালতে কৰ্তৃপক্ষক তিনি সপ্তাহৰ ভিতৰত গোচৰটোৰ বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

নেশ্য়নেল ডেস্ক, ২ ছেপ্তেম্বৰ: ১ ছেপ্টেম্বৰৰ সন্ধিয়া ৬.৩০ বজাত জামছেদপুৰ আদালতত পেশকাৰ ৰাকেশ কুমাৰক তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল । শনিবাৰে ৰাজ্যিক গৃহ সচিব আৰু ডিজিপি অজয় কুমাৰ সিঙে এই গোচৰটো সন্দৰ্ভত আদালতত হাজিৰ হয় । মুখ্য ন্যায়াধীশ সঞ্জয় কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ আনন্দ সেনৰ আদালতে বিষয়টো সন্দৰ্ভত বন্ধৰ দিনত শুনানী গ্ৰহণ কৰে । ইয়াৰ পিছত,আদালতে কৰ্তৃপক্ষক তিনি সপ্তাহৰ ভিতৰত এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

ইপিনে, ৰাজ্যখনৰ সকলো অসামৰিক আদালতৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত এটা প্ৰতিবেদন বিচৰা হৈছে । অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আদালতক ইতিমধ্য়ে অৱগত কৰা হৈছে । মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে ৰাজ্যখনৰ সকলো অসামৰিক আদালতৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত গৃহ সচিব আৰু ডিজিপিৰ পৰা প্ৰতিবেদন বিচৰা বুলি উচ্চ ন্যায়ালয়ৰ অধিবক্তা ধীৰাজ কুমাৰে সদৰী কৰিছে । তেওঁ এই প্ৰসংগত কয় যে ইয়াৰ পূৰ্বেও ন্যায়পালিকাৰ সৈতে জড়িত লোকক আক্ৰমণ কৰা ঘটনা হৈছিল ।

উল্লেখ্য় যে শুকুৰবাৰে এজন ব্যক্তিয়ে জামছেদপুৰ আদালতৰ এডিজে-১ সঞ্জয় কুমাৰ উপাধ্যায়ৰ আদালতত প্ৰৱেশ কৰি চুৰিৰে আক্ৰমণ কৰাত পেশকাৰজন গুৰুতৰভাৱে আহত হয় । তেওঁ কাণৰ ওচৰত গুৰুতৰ আঘাত পায় । ঘটনাটো সংঘটিত হোৱাৰ পিছতে ন্যায়াধীশ সঞ্জয় কুমাৰ উপাধ্যায় আৰু আদালতৰ অন্যান্য কৰ্মচাৰীয়ে আহতজনক এমজিএম চিকিৎসালয়লৈ লৈ যায় । ইয়াৰ পিচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পেশকাৰজনক পিছত টিএমএইচত ভৰ্তি কৰোৱা হয় । এই ঘটনাৰ পিছত আদালতৰ কৰ্মচাৰীসকলে অভিযুক্তজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে ।

তথ্য অনুসৰি আদালতৰ কৰ্মচাৰীসকলে অভিযুক্তজনক প্ৰহাৰ কৰিছিল । এই সময়ছোৱাত অভিযুক্তজনে তেওঁৰ নাম শ্বাহিদ বুলি কয় । তেওঁ নিজকে কদমাৰ বাসিন্দা বুলি চিনাকি দিয়ে । সম্পৰিতি আৰক্ষীয়ে এই বিষয়টোৰ তদন্ত কৰি আছে । তথ্য অনুসৰি,আদালতত শুনানী সম্পূৰ্ণ হোৱাৰ পিছত ন্যায়াধীশ সঞ্জয় কুমাৰ উপাধ্যায়ে তেওঁৰ কাৰ্যালয়ত আদেশ আৰু অন্যান্য পদক্ষেপ লিখি আছিল । ৰাকেশ কুমাৰে তেওঁৰ ঠাইত কাম কৰি আছিল । কিয়নো সেইদিনা মুখ্য উপস্থাপক সত্যানন্দ ঝা ছুটিত আছিল । সেই সময়তে,শ্বাহিদে তেওঁক আক্ৰমণ কৰিছিল ।

উল্লেখ্য় যে এই ঘটনাটোৰ কিছু সময় পূৰ্বে আল-কায়েদাৰ সৈতে সম্পৰ্কিত সন্ত্ৰাসবাদী আব্দুল ৰেহমান কাটকীক আদালতে তেওঁৰ হাজিৰ হোৱাৰ পিছত ঘাঘিদিহ কাৰাগাৰলৈ প্ৰেৰণ কৰে । তেওঁক কালি দিল্লীৰ তিহাৰ কাৰাগাৰৰ পৰা ৰাঁচীলৈ বিমানেৰে লৈ যোৱা হৈছিল আৰু জামছেদপুৰলৈ অনা হৈছিল ।

লগতে পঢ়ক:Nuh sensational case : পিতৃ আৰু ৩ সন্তানৰ মৃতদেহ উদ্ধাৰ, মাতৃ পলাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.