ETV Bharat / bharat

ATF price hiked : বিমান ইন্ধন আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য পুনৰ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 1:14 PM IST

বিমান টাৰ্বাইন ইন্ধনৰ মূল্য প্ৰতি কিলোলিটাৰত ৫,৭৭৯.৮৪ টকা বৃদ্ধি । বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি ১৯ কিলোগ্ৰাম চিলিণ্ডাৰত ২০৯ টকা বৃদ্ধি ।

ATF price hiked
বিমান ইন্ধন আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য পুনৰ বৃদ্ধি

নেশ্যনেল ডেস্ক,১ অক্টোবৰ : দেশৰ জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ । ১ অক্টোবৰৰ পৰা বৃদ্ধি হ'ল ইন্ধনৰ মূল্য । জেট ইন্ধন বা এটিএফৰ মূল্য ৫ শতাংশ বৃদ্ধি কৰা হৈছে । জুলাই মাহৰ পৰা চতুৰ্থবাৰৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হৈছে । ইফালে বাণিজ্যিক ৰন্ধন গেছৰ মূল্যও প্ৰতি ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰত ২০৯ টকা বৃদ্ধি হৈছে । অৱশ্যে ঘৰুৱা এলপিজিৰ মূল্য একেই আছে । বৰ্তমান ঘৰুৱা চিলিণ্ডাৰৰ প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত মূল্য এতিয়া ৯০৩ টকা ।

দিল্লীত বিমান টাৰ্বাইন ইন্ধনৰ মূল্য প্ৰতি কিলোলিটাৰত ৫,৭৭৯.৮৪ টকা বৃদ্ধি হৈছে । প্ৰতি কিলোলিটাৰত ১,১২,৪১৯.৩৩ টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ১,১৮,১৯৯.১৭ টকা হৈছে । ১ ছেপ্টেম্বৰত বিমান ইন্ধনৰ মূল্য ১৪.১ শতাংশ বৃদ্ধি হৈছিল আৰু ১ আগষ্টত প্ৰতি কেএলত ৮.৫ শতাংশ অৰ্থাৎ ৭,৭২৮.৩৮ টকা বৃদ্ধি হৈছিল ।

জুলাইৰ পৰা জেট ইন্ধনৰ মূল্য চতুৰ্থবাৰৰ বাবে পোনপটীয়া বৃদ্ধি হৈছে, যি এয়াৰলাইনৰ পৰিচালনা ব্যয়ৰ ৪০ শতাংশ বুলি কোৱা হৈছে । যাৰ ফলত এয়াৰলাইনবোৰৰ ওপৰত বোজা বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে । বিগত চাৰিবাৰৰ বৃদ্ধিত এটিএফৰ মূল্য প্ৰতি কেএলত অভিলেখ ২৯,৩৯১.০৮ টকা বৃদ্ধি হৈছে ।

ইফালে তৈল প্ৰতিষ্ঠানবোৰে বাণিজ্যিক এলপিজিৰ মূল্য ২০৯ টকা বৃদ্ধি কৰিছে । এই বৃদ্ধিৰ লগে লগে ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য এতিয়া দিল্লীত ১,৭৩১.৫০ টকা আৰু মুম্বাইত ১,৬৮৪ টকা হ'ব । ৩০ আগষ্টত ঘৰুৱা এলপিজিৰ মূল্য প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত ২০০ টকা হ্ৰাস কৰিছিল ।

উল্লেখ্য যে ৰাজ্যিক মালিকানাধীন ইণ্ডিয়ান অইল কৰ্পোৰেচন (আইঅ'চি), ভাৰত পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেড (বিপিচিএল) আৰু হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেডে (এইচপিচিএল) গড় আন্তঃৰাষ্ট্ৰীয় মূল্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছ আৰু এটিএফৰ মূল্য সংশোধন কৰে । পেট্ৰ'ল আৰু ডিজেলৰ মূল্য একেৰাহে ১৮ টা মাহৰ বাবে একেই আছে । বৰ্তমান দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯৬.৭২ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৯.৬২ টকা ।

লগতে পঢ়ক :Rules Change From 1st Sept 2023 : ছেপ্টেম্বৰৰ ভিতৰতে কৰক এই কেইটা কাম..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.