ETV Bharat / bharat

"এটাই গেৰাণ্টি আছে, মোদী গেৰাণ্টি": 3 ৰাজ্যত কংগ্ৰেছক উৎখাত কৰি বিজেপি নেতাৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 6:25 PM IST

বিজেপিয়ে মধ্যপ্ৰদেশক ধৰি ৰাখি ৰাজস্থান আৰু ছত্তিশগড়ত কংগ্ৰেছক উৎখাত কৰিবলৈ সাজু হোৱাৰ সময়তে গেৰুৱা দলৰ নেতাসকলে এই সফলতাৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিছে । ইটিভি ভাৰতে কেইবাজনো বিজেপি নেতাৰ সৈতে কথা পাতে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাৰে উপচায় কয় যে দেশত মানুহে মাত্ৰ এটা ‘গেৰাণ্টী’কহে বিশ্বাস কৰে, সেয়া হৈছে ‘মোদীৰ গেৰান্টি’।

Assembly elections 2023
বিজেপি নেতাৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 3 ডিচেম্বৰ : দেওবাৰে ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত গেৰুৱা দলৰ আধিপত্যশীল নিৰ্বাচনী প্ৰদৰ্শনৰ পিছত বিজেপিৰ মুখ্য কাৰ্যালয় আৰু ৰাজ্যিক সমিতিসমূহৰ কাৰ্যলয়ত উলাহৰ জোৱাৰ পৰিলক্ষিত হৈছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত কেইবাজনো বিজেপি নেতাই তেওঁলোকৰ আনন্দ প্ৰকাশ কৰাৰ লগতে কাৰণসমূহ ব্যক্ত কৰে যে কেনেদৰে দলটোৱে মধ্যপ্ৰদেশত ক্ষমতা অক্ষুণ্ণ ৰাখি ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছক পৰাস্ত কৰি হিন্দীবলয়ৰ হৃদপিণ্ডত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল ৷

ভোটগণনাৰ ফলাফলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চৈয়দ জাফৰ ইছলামে কয়, "আমি হাৰ্টলেণ্ডত জয়ী হৈছো, কিন্তু ছত্তিশগড়তো আমি জয়ী হৈছো ৷ ইয়াৰ পূৰ্বে সমীক্ষাত কোৱা হৈছিল যে আমি ছত্তিশগড়ত জয়ী নহ'ম, কিন্তু এতিয়া আমাৰ হাতত 60 খন আসন আছে আৰু তেওঁলোকৰ (কংগ্ৰেছৰ) মাত্ৰ 29 খন আসন আছে ৷ আমি স্পষ্টকৈ দেখিব পাৰো যে জনসাধাৰণে কাক বিশ্বাস কৰে ৷ আমি সকলো ৰাইজক ধন্যবাদ দিব বিচাৰো ৷ তেওঁলোকে আমাক বিশ্বাস কৰিছে ৷ তেওঁলোকে "মোডীৰ গেৰান্টি"ক বিশ্বাস কৰিছিল আৰু ফলত আমি জয়ী হৈছিলো ৷"

বিজেপিৰ সাংসদ সুাংশু ত্ৰিবেদীয়ে কয়, "সকলো (ৰাজনৈতিক) পণ্ডিত বিফল নহ'ল, অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাসকলহে বিফল হ'ল...কংগ্ৰেছে বহু নিশ্চয়তা দিলে, কিন্তু শেষত মানুহে প্ৰমাণ কৰিলে যে ভাৰতত মাত্ৰ এটা গেৰান্টি আছে আৰু সেয়া হ'ল...মোদীৰ গেৰান্টি ৷"

বিজেপিৰ আন এজন নেতা দুষ্যন্ত গৌতমে কয়, "যেতিয়া অষ্ট্ৰেলিয়াই 2023 চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰিছিল, তেতিয়া একাংশ নেতাই পিএম মোদীক "পনৌতি" বুলি অভিহিত কৰিছিল আৰু এতিয়া আমি সকলোৱে জানিব পাৰিছো কোন প্ৰকৃত "পনৌতি" ৷ কংগ্ৰেছ ইয়াত কোনো গেৰান্টিৰ বাবে নাই ৷ ভাৰতত কেৱল মোদীৰ গেৰান্টি আছে ৷ আমি কওঁ আৰু কৰো আৰু সেইবাবেই সকলোৱে আমাক বিশ্বাস কৰিছিল ৷"

বিজেপি নেতা প্ৰেম শুক্লাই কয়, "বিজেপিৰ এক উজ্জ্বল মুখ আছে সেয়া হৈছে পিএম মোদী ৷ কিন্তু কংগ্ৰেছ দল ৰাহুল গান্ধীৰ মুখখন লৈ সকলোতে দৌৰিছে আৰু তেওঁ য'তেই যায় তাতেই দলৰ পৰাজয় হয় ৷ কিন্তু যেতিয়া মানুহে মোদীৰ মুখখন দেখে তেতিয়া তেওঁলোকে সদায় সমৰ্থন দিয়ে আৰু আমি জয়ী হওঁ ৷"

বিজেপিৰ মুখপাত্ৰ, শ্বাহনৱাজ হুছেইনে কয় যে, "ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিৰ জয়ে প্ৰমাণ কৰে যে ভাৰতত মাত্ৰ এটাই গেৰান্টি আছে- "মোদীৰ গেৰান্টি" ৷ এয়া মোদীৰ যাদু ৷ মানুহে আমাক বিশ্বাস কৰিছিল ৷"

"কংগ্ৰেছে কেৱল তেওঁলোকৰ 'ভুৱা নিশ্চয়তা'ৰে মানুহক বিভ্ৰান্ত কৰে ৷ মোদীৰ গেৰান্টিয়ে প্ৰমাণ কৰিলে যে এয়া কংগ্ৰেছৰ ব্যৰ্থতা ৷ প্ৰতিজন ভাৰতীয়ই কেৱল মোদীৰ গেৰান্টিৰ ওপৰত বিশ্বাস ৰাখে ৷ এই জয় প্ৰধানমন্ত্ৰী মোদী আৰু আমাৰ দলৰ সকলো কৰ্মীৰ বাবে উৎসৰ্গিত ৷" কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰেও দলটোৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব দিয়ে ৷ "মোদীৰ কামত সকলোৱে বিশ্বাস কৰে ৷ মোদীয়ে যুৱক-যুৱতী, মহিলা আৰু কৃষকৰ কল্যাণত বিশ্বাস কৰে ৷ আজি সকলোৱে কংগ্ৰেছক আঁতৰাই দুৰ্নীতি দূৰ কৰিছে ৷"

লগতে পঢ়ক : মধ্যপ্ৰদেশত বিজেপিৰ উত্থানৰ অখ্য়াত নায়ক শিৱৰাজ সিং চৌহান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.