ETV Bharat / bharat

আইজলৰ টাস্ক ফ'ৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান অসম ৰাইফলছৰ

author img

By

Published : May 25, 2021, 10:24 AM IST

আইজল বেটেলিয়নৰ দলে ফাউণ্ডেচন ফৰ ড্ৰাগ ফ্ৰী মিজোৰামৰ প্ৰতিনিধিসকলৰ সৈতে আইজলৰ 10 টা এলএলটিএফ পৰিদৰ্শন কৰে আৰু তেওঁলোকক ক’ভিড-19 ৰ সৈতে যুঁজিবলৈ প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰে ।

Assam Rifles donates essential commodities to Task Forces of Aizawl
অসম ৰাইফলছৰ আইজলৰ টাস্ক ফ'ৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান

মিজোৰাম,25 মে’: সোমবাৰে আইজল চহৰৰ বিভিন্ন অঞ্চলত অসম ৰাইফলছ আৰু আইজল বেটেলিয়নে ড্ৰাগ ফ্ৰী মিজোৰাম ফাউণ্ডেচনৰ সহযোগত স্থানীয় পৰ্যায়ৰ টাস্ক ফ'ৰ্চক (এলএলটিএফ) সহায় কৰিবলৈ এক কাৰ্যসূচী অনুষ্ঠিত কৰে । এই অভিযানৰ উদ্দেশ্য ৰাজ্য চৰকাৰক ক’ভিড মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰা ৷ লগতে মহামাৰীৰ সৈতে যুঁজ দিয়া ভিএলটিএফসমূহক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰা ৷

Assam Rifles donates essential commodities to Task Forces of Aizawl
আইজলৰ টাস্ক ফ'ৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান অসম ৰাইফলছৰ

উল্লেখ্য যে, আইজল বেটেলিয়নৰ দলে ফাউণ্ডেচন ফৰ ড্ৰাগ ফ্ৰী মিজোৰামৰ প্ৰতিনিধিসকলৰ সৈতে আইজলৰ 10 টা এলএলটিএফ পৰিদৰ্শন কৰে আৰু তেওঁলোকক ক’ভিড-19 ৰ সৈতে যুঁজিবলৈ প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰে ।

Assam Rifles donates essential commodities to Task Forces of Aizawl
আইজলৰ টাস্ক ফ'ৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান অসম ৰাইফলছৰ

মহামাৰী কৰ’ণা ভাইৰাছে স্বাস্থ্য সেৱা কৰ্মী, প্ৰথম পৰ্যায়ৰ যোদ্ধা আৰু অন্যান্য কৰ্মীসকলকে ধৰি সকলোৰে জীৱনত প্ৰভাৱ পেলাইছে ৷ কৰ্মৰত এলএলটিএফৰ স্বেচ্ছাসেৱকসকলে ৰাইজক সুৰক্ষিত আৰু সুস্থ কৰি ৰাখিবলৈ অহৰহ কাম কৰিছে ৷ সেয়েহে আইজল বেটেলিয়নে তেওঁলোকক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি কামৰ প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Assam Rifles donates essential commodities to Task Forces of Aizawl
আইজলৰ টাস্ক ফ'ৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান অসম ৰাইফলছৰ

লগতে পঢ়ক : ব্লেক আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ আহিছে ‘য়েল্ল’ ফাংগাছ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.