ETV Bharat / bharat

NSCN cadre apprehends: অৰুণাচলৰ টিৰাপত NSCN IM ৰ কেডাৰ আটক

author img

By

Published : Feb 28, 2023, 4:53 PM IST

Assam Rifles detains NSCN IM cadre in Tirap district
টিৰাপ জিলাত NSCN (IM) ৰ এজন কেডাৰ আটক

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত NSCN (IM) ৰ এজন কেডাৰ আটক কৰা হৈছে (Naga extremist detained) ৷ ধৃত কেডাৰজন বিদ্ৰোহী সংগঠনটোৰ অভাৰ গ্ৰাউণ্ড কৰ্মী হিচাপে কৰ্মৰত আছিল ৷

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আটক কৰা হৈছে NSCN (IM) ৰ এজন কেডাৰ (naga extremist detained) ৷ যোৱা 27 ফেব্ৰুৱাৰীত টিৰাপ জিলাৰ নোগ্লো গাঁৱৰ ওচৰত উগ্ৰপন্থীৰ উপস্থিতিৰ এক তথ্য লাভ কৰাৰ পিচতেই অসম ৰাইফলছৰ খুনচা বেটেলিয়ানৰ এটা দলে টিৰাপ আৰক্ষীৰ সহযোগত অঞ্চলটোত কঠোৰ অভিযান চলায় (Operation against extremist in Arunachal) ৷ এই অভিযানত অভিযানকাৰী জোৱানসকলে এন এছ চি এনৰ এজন দুধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷

এক বিবৃত্তিযোগে অভিযানকাৰী দলটোৱে কয় যে, এক গোপন তথ্যৰ ভিত্তিত টিৰাপ আৰক্ষীৰ সৈতে অসম ৰাইফলছৰ সৈন্যই সীমান্তৱৰ্তী গাঁওখনত এক অভিযান আৰম্ভ কৰিছিল । অঞ্চলটোৰ তালাচীৰ সময়ত, যুটীয়া দলটোৱে অস্ত্ৰসহ এজন দুধৰ্ষ উগ্ৰপন্থীক আটক কৰে ৷ উগ্ৰপন্থী কেডাৰজন পলাবলৈ লোৱা দেখি অভিযানকাৰী দলটোৱে আটক কৰি সোধা পোছা কৰে ৷ ধৃত কেডাৰজন টিৰাপ জিলাৰ নোগ্লো গাঁৱৰ নালি হোমনিউ নিয়ামতে বুলি চিনাক্ত কৰা হৈছে (One NSCN cadre detained) ৷ কেডাৰজনে আৰক্ষীক জনোৱা অনুসৰি তেওঁ এছএছ চিএঅ' ৱানহাম ৱাংছালৈ নিয়মিতভাৱে ইলেক্ট্ৰনিক প্ৰক্ৰিয়াৰে ধনৰ ট্ৰেন্সফাৰ কৰিছিল ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি উগ্ৰপন্থীটোৱে ম্যানমাৰৰ পৰা আহি এই অঞ্চলটোত প্ৰৱেশ কৰিছিলহি ৷ ইয়াৰ পূৰ্বে উগ্ৰপন্থীটোৱে ভাৰত-ম্যানমাৰ সীমান্তৰ গাঁওসমূহত ধন দাবী আৰু অন্যান্য হিংসাত্মক কাৰ্যকলাপ চলাবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে ।

বিবৃতিটোত লগতে কোৱা হৈছে যে, উগ্ৰপন্থী কেডাৰজনে টিৰাপ জিলাৰ নোগ্লো আৰু লাজু চক্ৰৰ স্থানীয় লোক আৰু গাঁৱৰ একাংশ নেতাক ভাবুকি দি আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ দীৰ্ঘদিন ধৰি ধৃত কেডাৰজনে অঞ্চলটোত সৃষ্টি কৰা ত্ৰাসৰ বাবে স্থানীয় লোকসকলে একপ্ৰকাৰে অতিষ্ঠ হৈ পৰিছিল ৷ উগ্ৰপন্থী কেডাৰজনে বিভিন্ন দেশবিৰোধী কাৰ্যকলাপ কৰিবলৈও পৰিকল্পনা কৰিছিল ৷

উল্লেখ্য যে, এই কেডাৰজনক আটক কৰাৰ পিচতেই ইয়াক অসম ৰাইফলছৰ জোৱানসকলৰ এক বৃহৎ সফলতা বুলি বিবৃত্তিটোত উল্লেখ কৰিছে ৷ ইফালে যোৱা 24 ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰৰ মাজমজিয়াত তিনিজনকৈ নগা উগ্ৰপন্থী আটক কৰা হৈছিল । তিনিচুকীয়া আৰক্ষী আৰু এছ টি এফ অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত মাৰণাস্ত্ৰসহ তিনি উগ্ৰপন্থীক আটক কৰা হৈছিল (naga extremist detained in Tinsukia)।

লগতে পঢ়ক: Naga Extremist Detained : তিনিচুকীয়াত মাৰণাস্ত্ৰসহ আটক তিনি নগা উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.