ETV Bharat / bharat

Gyanvapi complex: পৱিত্ৰ শাওণ মাহৰ সোমবাৰ হেতু জ্ঞানবাপীৰ এএছআই জৰীপত আজি কিছু বিলম্ব

author img

By

Published : Aug 7, 2023, 11:29 AM IST

সোমবাৰে জ্ঞানবাপীৰ এএছআই জৰীপত কিছু বিলম্ব । মুছলমান পক্ষইও জৰীপত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে । জৰীপত বিভিন্ন অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ ।

Gyanvapi complex
জ্ঞানবাপীৰ এএছআই জৰীপৰ আজি চতুৰ্থ দিন

নেশ্যনেল ডেস্ক,৭ আগষ্ট : বিতৰ্কিত জ্ঞানবাপীৰ চৌহদত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে বৈজ্ঞানিক জৰীপ অব্যাহত ৰাখিছে । সোমবাৰে এছআইৰ এই জৰীপৰ চতুৰ্থ দিন । কিন্তু সোমবাৰে এই জৰীপ আৰম্ভ কৰাত কিছু পলম হ'ব পাৰে । হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰা এগৰাকী অধিবক্তাই কয় যে যিহেতু আজি পৱিত্ৰ শাওণ মাহৰ পঞ্চমটো সোমবাৰ, সেয়ে জৰীপ আৰম্ভ কৰাত কিছু পলম হ'ব পাৰে ।

আন এগৰাকী অধিবক্তাই জনোৱা মতে জৰীপৰ কামত অঞ্জুমান ইন্তেজামিয়া সমিতিয়েও সহযোগিতা আগবঢ়াইছে । তেওঁ জনোৱা মতে এএছআইয়ে এক প্ৰণালীবদ্ধ আৰু বৈজ্ঞানিক প্ৰকাৰে জৰীপটো চলাই আছে । জোখ-মাপ কৰা হৈছে, সেয়ে কিছু সময় লাগিব । এই জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু সেই প্ৰতিবেদনখন আদালতত দাখিল কৰা হ'ব ।

দেওবাৰে বাৰাণসীত সাংবাদিকৰ সন্মুখত হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে কয় যে মুছলমান পক্ষই আদালতৰ নিৰ্দেশ অনুসৰণ কৰিছে আৰু জৰীপটোত সম্পূৰ্ণ সহযোগিতা কৰিছে । এএছআইয়ে ইয়াৰ কাম সুচাৰুৰূপে কৰি আছে । জৰীপৰ বাবে প্ৰতিটো আধুনিক কৌশল ব্যৱহাৰ কৰা হৈছে । ভৱিষ্যতেও আদালতৰ নিৰ্দেশ অনুসৰি কাম অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে, অধিবক্তা সুভাষ নন্দন চতুৰ্বেদীয়ে কোৱা মতে মছজিদৰ চৌহদৰো অধিক অনুসন্ধান কৰা হৈছে । এএছআইয়ে প্ৰয়োজনীয় বিশ্লেষণ কৰি আছে । চৌহদৰ তিনিওটা সমাধিৰ ফটোগ্ৰাফী, জোখ আৰু মেপিং কৰা হৈছে । গোটেই চৌহদটোৰ এক অধ্যয়ন চলোৱা হৈছে । চতুৰ্বেদীয়ে জনোৱা মতে জিডিপিআৰ যন্ত্ৰও ব্যৱহাৰ কৰা হৈছে ।

উল্লেখ্য যে, এলাহাবাদ উচ্চ ন্যায়ালয়ে এএছআইৰ জৰীপৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছিল যদিও ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে পুনৰ জৰীপ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে । লগে লগে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে জৰীপৰ প্ৰক্ৰিয়া আৰম্ভ হয় ।

লগতে পঢ়ক :Gyanvapi Shringar Gauri Case : জ্ঞানবাপী চৌহদত এএছআই জৰীপ দ্বিতীয়দিনাও অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.