ETV Bharat / bharat

Owaisi slams RSS Chief: ২০২৪ চনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নেকি মোহন ভাগৱতে !

author img

By

Published : Jan 11, 2023, 5:24 PM IST

Owaisi slams RSS Chief
এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি

মোহনক হিন্দুসকলৰ প্ৰতিনিধি হিচাপে কোনে বাছনি কৰিছিল ? আমাৰ নাগৰিকত্বৰ ওপৰত 'চৰ্ত' আৰোপ কৰাৰ সাহস কেনেকৈ কৰিলে ? আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক প্ৰশ্ন এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ ৷ আৰএছএছৰ মুৰব্বীগৰাকীয়ে মঙলবাৰে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত এনেদৰে তীক্ষ্ম বাক্যবান এৰে ওৱেইছিয়ে ৷

নিউজ ডেস্ক, ১১ জানুৱাৰী: "মুছলমানসকলক ভাৰতত বাস কৰিবলৈ বা আমাৰ ধৰ্ম পালন কৰিবলৈ 'অনুমতি' দিয়া মোহন কোন ? আমি ভাৰতীয় কাৰণ আল্লাই ইচ্ছা কৰে । তেওঁ আমাৰ নাগৰিকত্বৰ ওপৰত 'চৰ্ত' আৰোপ কৰাৰ সাহস কেনেকৈ কৰিলে ? আমি ইয়াত আমাৰ বিশ্বাসক 'স্থান' দিবলৈ তথা নাগপুৰত কথিত ব্ৰহ্মচাৰীৰ দলটোক সন্তুষ্ট কৰিবলৈ অহা নাই । এই মন্তব্য এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ(AIMIM president Asaduddin Owaisi) ৷

আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে(RSS Chief Mohan Bhagwat) মঙলবাৰে কৰা এক বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(Rashtriya Swayamsevak Sangh) চমুকৈ আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে মঙলবাৰে এক অনুষ্ঠানত ভাৰতত মুছলমানসকলৰ বাবে ভয় কৰাৰ কোনো কথা নাই, কিন্তু তেওঁলোকে তেওঁলোকৰ "ডাঙৰ মন্তব্য" পৰিহাৰ কৰা উচিত বুলি মন্তব্য কৰিছিল । আৰএছএছৰ মুৰব্বীগৰাকীৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছাদুদ্দিন ওৱেইছিয়ে ৷

ওৱাইছিয়ে ভাগৱতক লক্ষ্য কৰি কয়, "মোহনে কৈছিল- ভাৰতৰ বাবে কোনো বাহ্যিক ভাবুকি নাই । সংঘীসকলে কেইবাদশক ধৰি "আভ্যন্তৰীণ শত্ৰু" আৰু "যুদ্ধৰ পৰিস্থিতি"ৰ বাবে কান্দি আছে আৰু তেওঁলোকৰ নিজৰ স্বেচ্ছাসেৱকসকলে কয়, লোক কল্যাণ মাৰ্গত কোনেও প্ৰৱেশ কৰা নাই । "চীনৰ বাবে এইয়া 'চুৰি' আৰু সহ নাগৰিকৰ বাবে এই 'ছিনাজোৰী' কিয় ? যদি আমি সঁচাকৈয়ে যুদ্ধত আছোঁ তেন্তে স্বেচ্ছাসেৱক চৰকাৰে ৮ বছৰতকৈও অধিক সময় শুই আছে নেকি(Owaisi slams RSS Chief) ?"

তেওঁ আৰু কয়, "কোনো সভ্য সমাজে ধৰ্মৰ নামত এনে ঘৃণা আৰু গোড়ামি সহ্য কৰিব নোৱাৰে । মোহনক হিন্দুসকলৰ প্ৰতিনিধি হিচাপে কোনে বাছনি কৰিছিল ? আপুনি ২০২৪ চনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে নেকি ? স্বাগতম । বহুতো হিন্দু আছে যিয়ে আৰ এছ এছৰ আধিপত্যৰ বাক্যবাণ অনুভৱ কৰে, সংখ্যালঘুসকলে কেনে অনুভৱ কৰে সেয়াটো বাদেই দিয়ক । যদি আপুনি আপোনাৰ নিজৰ দেশত বিভাজন সৃষ্টি কৰাত ব্যস্ত, তেন্তে আপুনি বিশ্বক 'বসুধৈব কুটুম্বকম' ক'ব নোৱাৰে ।"

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কটাক্ষ কৰি কয় "প্ৰধানমন্ত্ৰীয়ে আন দেশৰ সকলো মুছলমান নেতাক আলিংগন কৰে কিন্তু তেওঁক দেশৰ এজনো মুছলমানক আলিংগন কৰা দেখা পোৱা নাযায় ?"

লগতে পঢ়ক: Joshimath Landslide: দুৰ্যোগপীড়িতসকললৈ তাৎক্ষণিক 1.5 লাখ টকাৰ সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.