ETV Bharat / bharat

ৰাৱণৰ ভাও দি থাকোতেই হৃদক্ৰিয়া বন্ধ হৈ শিল্পীৰ মৃত্যু

author img

By

Published : Oct 4, 2022, 7:44 PM IST

Artist playing Ravan dies of cardiac arrest during Ramlila in Ayodhya
ৰাৱণৰ ভাও দি থকা সময়তে হৃদৰোগত আক্ৰান্ত হৈ শিল্পীৰ মৃত্যু

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ প্ৰদেশত উলহ মালহে উদযাপন কৰিছে ৰামলীলা (Ravan dies in Ayodhya)৷ উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাত ৰামলীলা অনুষ্ঠানত 'ৰাৱণ'ৰ চৰিত্ৰত অভিনয় কৰা এজন শিল্পী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় (Ravan dies of cardiac arrest)৷

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: দেশজুৰি উৎসৱমুখৰ পৰিৱেশ ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ প্ৰদেশত উলহ মালহে উদযাপন কৰিছে ৰামলীলা (Ravan dies in Ayodhya)৷ উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাত ৰামলীলা অনুষ্ঠানত 'ৰাৱণ'ৰ চৰিত্ৰত অভিনয় কৰা এজন শিল্পী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় (Ravan dies of cardiac arrest)৷

অযোধ্যাৰ আইহাৰ গাঁৱত আয়োজন কৰা সীতা হৰণ নাটত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা 60 বছৰীয়া শিল্পী পাতিৰাম নামৰ লোকজনৰ অভিনয় কৰি থকাৰ সময়তে বুকুৰ বিষ উঠে (Ravan dies of cardiac arrest during Ramlila)৷ লগে লগে লোকজন মঞ্চত বাগৰি পৰে ৷ লগে লগে ৰামলীলাৰ মঞ্চায়ন তৎক্ষণাৎ বন্ধ কৰা হৈছিল ৷

ততালিকে ৰামলীলা সমিতিৰ সদস্যসকলে পাতিৰামক নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক 'মৃত' বুলি ঘোষণা কৰে ৷ চিকিৎসকে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷

এই ঘটনা সন্দৰ্ভত গাঁওবুঢ়া পুনীত কুমাৰ চাহুৱে কৈছিল যে পাতিৰামে বহু বছৰ ধৰি ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি আহিছে ৷ তেওঁ মৃত্যুৰ সময়ত পত্নী দেৱমতী, দুই পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে ৷

ইয়াৰ পূৰ্বে সংঘটিত ফতেহপুৰ জিলাৰ চালেমপুৰ গাঁৱত অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ নাট প্ৰদৰ্শনৰ সময়ত হনুমানৰ চৰিত্ৰত অভিনয় কৰি থকা ৫০ বছৰীয়া ৰাম স্বৰূপৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ইয়াৰ পিছতে ঘটনাটোৰ ভিডিঅ'টো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল ৷

লগতে পঢ়ক: বৈষ্ণো দেৱী মন্দিৰ দৰ্শন অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.