ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ উৰিত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাৰ অভিযান

author img

By

Published : Sep 20, 2021, 11:27 AM IST

জম্মু-কাশ্মীৰ(Jammu-Kashmir)ত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই(Indian Army) । দেওবাৰে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ উৰি চেক্টৰ(Uri sector)ত তালাচী অভিযান চলায় সেনা জোৱানৰ দলে । উৰি চেক্টৰত সন্ত্ৰাসবাদীৰ সন্দেহজনক উপস্থিতিৰ বিষয়ে সম্ভেদ পোৱাৰ পাছতে অভিযান চলোৱা হৈছে বুলি সেনা বিষয়াসকলে জানিবলৈ দিছে ।

Army launches search operation along LoC in Uri
উৰিৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাৰ অভিযান

নেশ্যনেল ডেস্ক, ২০ ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় সীমান্ত(International Border) অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰি কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যেৰে বাৰে বাৰে প্ৰয়াস কৰি আহিছে সন্ত্ৰাসবাদী সংগঠনে । নিৰাপত্তা বাহিনীয়ে এনে সন্ত্ৰাসবাদী সংগঠনৰ চেষ্টা বিফল কৰাৰো বহু ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে ।

শনিবাৰে মাজনিশা পুনৰ জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ বাৰামুলা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ উৰি চেক্টৰ(Uri sector)ত সন্ত্ৰাসবাদীৰ সন্দেহজনক উপস্থিতিৰ তথ্য লাভ কৰে ভাৰতীয় সেনাই । ইয়াৰ পাছতে অঞ্চলটোত তালাচী অভিযান চলায় সেনাই ৷ ভাৰতীয় সেনাই এই বিষয়ে প্ৰকাশ কৰে ৷

সীমান্তত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰাৰ প্ৰয়াস কৰাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে । যোৱা ৩০ আগষ্টত পুঞ্চত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছিল ভাৰতীয় সেনাই । পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাৰ গুলীত এজন সন্ত্ৰাসবাদী আৰু পাকিস্তানী নাগৰিক নিহত হৈছিল । দুয়োৱে অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল ।

ইয়াৰ পূৰ্বে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ ডেৰা বাবা নানকত ভাৰত-পাকিস্তান সীমান্তৰ ওচৰত এখন ড্ৰোণ প্ৰত্যক্ষ কৰিছিল । পেৰা মিলিটেৰীৰ এক সূত্ৰই এই কথা জানিবলৈ দিছে ।

সীমা সুৰক্ষা বলৰ এক সূত্ৰই সংবাদ মাধ্যমক জনাইছে যে, বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওপৰত সন্ধিয়া ৮.৩০-৮.৪০ বজাৰ ভিতৰত ড্ৰোণখন প্ৰত্যক্ষ কৰা হৈছিল । সূত্ৰটোৱে জনোৱা মতে, সীমান্তত নিয়োজিত সীমা সুৰক্ষা বলৰ জোৱানে ড্ৰোণখনলৈ লক্ষ্য কৰি দুই জাঁইতকৈও অধিক গুলীচালনা কৰাৰ পিছত ড্ৰোণখন উভতি যায় ।

সীমা সুৰক্ষা বলৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে যে, এই ঘটনাৰ পিছতে সতৰ্কবাণী জাৰি কৰাৰ লগতে ডেৰা বাবা নানক তালাচী চকীৰ ওচৰত অভিযান চলোৱা হয় । ড্ৰোণখনৰ পৰা ওলোৱা ৰঙা আৰু হালধীয়া পোহৰ আকাশত স্পষ্টকৈ দেখা পোৱা গৈছিল । ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০০ মিটাৰ উচ্চতাত ড্ৰোণখন উৰি থকা দেখা গৈছিল বুলি বিষয়াজনে জানিবলৈ দিয়ে ।

ড্ৰোণখন সীমা সুৰক্ষা বলৰ জোৱানসকলে মাত্ৰ কেইটামান ছেকেণ্ডৰ বাবে দেখা পাইছিল । এনেধৰণৰ সন্দেহজনক ড্ৰোণৰ উৰণে সীমান্তৰ সুৰক্ষাৰ লগতে সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: ৰাম মন্দিৰ নিৰ্মাণত অৰ্পিত হ'ব 115 খন দেশৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.