ETV Bharat / bharat

Encounter in JK’s Anantnag: সন্ত্ৰাসবাদীৰ গুলীত নিহত সেনাৰ কৰ্ণেল আৰু মেজৰসহ আৰক্ষীৰ উপ অধীক্ষক

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:28 PM IST

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ অধীক্ষক হুমায়ুন ভাট ৷ সন্ত্ৰাসবাদীৰ দলৰ পলায়নৰ প্ৰচেষ্টা বিফল কৰাৰ সময়তে গুলীবিদ্ধ হয় বিষয়া তিনিজন । জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতিয়ে নিহত বিষয়াকেইজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

Encounter in JK’s Anantnag
সন্ত্ৰাসবাদীৰ গুলীত নিহত সেনাৰ কৰ্ণেল আৰু মেজৰসহ আৰক্ষীৰ উপ অধীক্ষক

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত বুধবাৰে সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এজন সেনা কৰ্ণেলসহ এজন মেজৰ আৰু এজন উপ আৰক্ষী অধীক্ষক নিহত হয় । সেনাবাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, "আজি দিনৰ প্ৰায় ২ বজাত প্ৰাৰম্ভিক গুলীচালনাৰ সময়ত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ অধীক্ষক হুমায়ুন ভাট গুৰুতৰভাৱে আহত হয় ।"

"প্ৰথমে তেওঁলোকক অনন্তনাগৰ স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে শ্ৰীনগৰস্থিত সেনাবাহিনীৰ ঘাটি চিকিৎসালয়লৈ বিমানযোগে লৈ যোৱা হৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰচুৰ ৰক্তক্ষয় হোৱাৰ বাবে তিনিওজনেই ইজনৰ পিছত সিজনকৈ মৃত্যুক সাৱটি লয় । কৰ্ণেল সিং আৰু মেজৰ ধোনাকৰ সেনাবাহিনীৰ ১৯ আৰ আৰৰ আছিল ।" বিষয়াগৰাকীয়ে লগতে কয় ।

আনহাতে এই অভিযানৰ সন্দৰ্ভত সেনাৰ জ্যেষ্ঠ বিষয়াজনে কয়, "যোৱা নিশা আমি আৰক্ষীৰ পৰা তথ্য লাভ কৰিছিলো আৰু সেই অনুসৰি গাডোলে অঞ্চল ঘেৰাবন্দী কৰা হয় । অৱশ্যে আন্ধাৰ হোৱাৰ বাবে অভিযান পুৱালৈকে বন্ধ কৰি দিয়া হৈছিল । পুৱাভাগত পুনৰ অভিযান আৰম্ভ কৰা হয় ৷ সেনাৰ দলে সন্ত্ৰাসবাদীসকলৰ আত্মগোপন স্থান ধ্বংস কৰাত তেওঁলোকে পলায়নৰ চেষ্টা কৰি গুলীচালনা আৰম্ভ কৰে ।'

বিষয়াগৰাকীয়ে লগতে কয় যে, "কৰ্ণেল সিঙে সন্মুখৰ পৰা নেতৃত্ব দি সন্ত্ৰাসবাদীৰ দলটোৰ পলায়নৰ প্ৰচেষ্টা বিফল কৰাৰ সময়তে তেওঁ গুলীবিদ্ধ হয়। মেজৰ ধোনাক আৰু ডি এছ পি ভাটও সন্ত্ৰাসবাদীৰ গুলিত গুৰুতৰভাৱে আহত হয় ।" জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি আৰু ওমৰ আব্দুল্লাই এনকাউণ্টাৰৰ সময়ত নিহত হোৱা বিষয়াকেইজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

"আজি অনন্তনাগত কৰ্তব্যৰত অৱস্থাত নিহত হোৱা সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । এনে ঘৃণনীয় হিংসাৰ কোনো স্থান নাই ।" জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপিৰ চুপ্ৰেমো মেহবুবা মুফতিয়ে এক্সত পোষ্ট কৰে ।

  • My deepest condolences to the families of those who were killed in the line of duty at Anantnag today. There is no place for such abominable acts of violence. https://t.co/W6wlyLIwn9

    — Mehbooba Mufti (@MehboobaMufti) September 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এন চিৰ উপ-সভাপতি ওমৰ আব্দুল্লাই কয়, "জম্মু-কাশ্মীৰত শোকাবহ ঘটনা । আজি দক্ষিণ কাশ্মীৰৰ কোকেৰনাগ অঞ্চলত হোৱা এক এনকাউণ্টাৰত এজন সেনা কৰ্ণেল, এজন মেজৰ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ অধীক্ষকে চূড়ান্ত বলিদান দিলে ।

" জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ অধীক্ষক হুমায়ুন ভাট, মেজৰ আশীষ ধোনাক আৰু কৰ্ণেল মনপ্ৰীত সিঙে সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত নিজৰ প্ৰাণ আহুতি দিয়ে । তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক ৷ এই কঠিন সময়ত তেওঁলোকৰ আপোনজনে শক্তি লাভ কৰক," তেওঁ লগতে কয় ।

  • Terrible terrible news from J&K. An army colonel, a major and a J&K Police DYSP gave the ultimate sacrifice in an encounter in Kokernag area of South Kashmir today. DySP Humayan Bhat, Major Ashish Dhonack, and Colonel Manpreet Singh laid down their lives in an encounter with…

    — Omar Abdullah (@OmarAbdullah) September 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Terrorist killed in JK: সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী; শ্বহীদ এজন জোৱান; দুই সন্ত্ৰাসবাদী নিধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.