নাগালেণ্ডৰ মন জিলাৰ ঘটনাৰ তদন্তৰ বাবে সেনাই বিচাৰিছে প্ৰকৃত ভিডিঅ'

author img

By

Published : Dec 20, 2021, 10:24 PM IST

army-announces-inquiry-on-oting-massacre

নাগালেণ্ডৰ মন জিলাৰ ঘটনাৰ প্ৰকৃত ভিডিঅ’ বিচাৰিলে সেনাৰ তদন্ত কমিটিয়ে । সেনাৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা (Army announces inquiry on Oting massacre ) । সবিশেষ জানো আহক ৷

তেজপুৰ, ২০ ডিচেম্বৰ : যোৱা 4 ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাৰ ওটিং গাঁওত সংঘটিত সেনাৰ ২১ পেৰাট্ৰুপৰ উগ্ৰপন্থী বিৰোধী অভিযানৰ গুলিবর্ষণৰ ঘটনাত ১৪ জন সাধাৰণ লোকৰ মৃত্যুৰ (Oting massacre incident) ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সেনাই । সোমবাৰে সেনাৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে (Army announces inquiry on Oting massacre )। এই তদন্তৰ বাবে সেনাৰ তদন্ত কমিটিয়ে ৰাইজৰ সহায় বিচাৰিছে । এক প্ৰেছ বিবৃতিযোগে সেনাই উক্ত ঘটনাৰ যি সমূহ প্ৰকৃত ভিডিঅ' আছে সেয়া সেনাবাহীনৰ তদন্ত কমিটিৰ হাতত দিবলৈ আহ্বান জনাইছে ।

তেওঁলোকে উল্লেখ কৰিছে যে ভিডিও সমূহ কোনো দ্বিতীয় পক্ষৰ ভিডিঅ' হলেও নহ’ব । সেনাই সেই ভিডিওৰ বাবে হোৱাটছএপ নম্বৰ +916026930283 আৰু আৰ্মী exchange নম্বৰ +913742388456 নম্বৰ মুকলি কৰিছে বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল ববিং সিঙে । যোৱা 4 ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাৰ ওটিং গাঁৱত ১৪ জন লোকৰ মৃত্যু ঘটিছিল আৰু তাৰ পৰৱৰ্তী সময়ত নাগালেণ্ডৰ মন জিলাত ১৪৪ ধৰা জাৰি কৰিছিল প্ৰশাসনে ।

মৃত লোক সকলৰ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ' উপস্থিত আছিল আৰু নাগালেণ্ডৰ পৰা সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ বিষয়ে মুকলি কৈ ঘোষণা কৰিছিল ।
উল্লেখযোগ্য যে, সোমবাৰে নাগালেণ্ড বিধান সভাৰ এক বিশেষ অধিৱেশনত মন জিলাৰ অটিং গাঁৱত অসম ৰাইফলছৰ দ্বাৰা অসামৰিক লোকৰ হত্যাকাণ্ডক গৰিহণা দি সোমবাৰে নাগালেণ্ড বিধান সভাৰ এক বিশেষ অধিৱেশনে উপযুক্ত কৰ্তৃপক্ষৰ পৰা ক্ষমা বিচাৰিবলৈ আহ্বান জনায় ( Nagaland assembly seeks apology for Oting massacre) আৰু উত্তৰ-পূবৰ পৰা, বিশেষকৈ নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ (AFSPA) বাতিল কৰাৰ দাবী জনায়(Repeal of AFSPA from North East) ৷
লগতে পঢ়ক : নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে গুৰুতৰ অভিযাগ স্থানীয় লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.