ETV Bharat / bharat

অসমৰ কৰ্কট চিকিৎসা নেটৱৰ্কক প্ৰশংসা কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : May 5, 2022, 10:42 PM IST

গুজৰাটত কেন্দ্ৰীয় চৰকাৰৰ 'স্বাস্থ্য চিন্তন শিবিৰ'ত অসমৰ পদক্ষেপক ভূয়সী প্ৰশংসা (Appreciates the steps taken by Assam in Gujarat)। কৰ্কট ৰোগীক সকাহ দিবলৈ অসম চৰকাৰে লোৱা উদ্যোগৰ বিষয়ে সবিস্তাৰে ব্যাখ্যা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

appreciates-the-steps-taken-by-assam-in-the-field-of-cancer-treatment-in-gujarat
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত অসমে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা

গুৱাহাটী, ৫ মে' : অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগত কৰ্কট ৰোগীসকলৰ বাবে অত্যাধুনিক আৰু সুলভ চিকিৎসা সেৱা উপলব্ধ কৰিবলৈ অসমত আৰম্ভ কৰা দক্ষিণ-পূৱ এছিয়াৰ সৰ্ববৃহৎ কৰ্কট চিকিৎসা নেটৱৰ্কে ৰাষ্ট্ৰীয় স্তৰতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰাণালয়ে (Ministry of Health and Family Welfare) অনুষ্ঠিত কৰা 'স্বাস্থ্য চিন্তন শিবিৰ'ত এই ক্ষেত্রত অসমে প্ৰশংসা লাভ কৰিছে (Appreciates the steps taken by Assam in Gujarat)।

Appreciates the steps taken by Assam in the field of cancer treatment in Gujarat
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত অসমে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা

গুজৰাটৰ নৰ্মদা নদীৰ পাৰৰ লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি ষ্টেচ্যু অৱ ইউনিটী'ৰ (Statue of Unity of Gujarat) সমীপৰ কেৱড়িয়াৰ একতা নগৰত অনুষ্ঠিত হৈছে এই শিবিৰ ৷ 'স্বাস্থ্য চিন্তন শিবিৰ' শীৰ্ষক চতুৰ্দশ সন্মিলনৰ প্ৰথমদিনা অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ (Assam Cancer Care Foundation)অধীনত নিৰ্মাণ কৰা কৰ্কট চিকিৎসা কেন্দ্ৰসমূহৰ জৰিয়তে অসমত কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে লোৱা দূৰদৰ্শী পদক্ষেপৰ বিষয়ে বিস্তাৰিতভাৱে উপস্থাপন কৰে ।

Appreciates the steps taken by Assam in the field of cancer treatment in Gujarat
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত অসমে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰসায়ন আৰু সাৰ দপ্তৰৰ মন্ত্ৰী ড৹ মনসুখ মান্দাভিয়া আৰু ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰৰ লগতে ২৫ খন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত বৃহস্পতিবাৰে আয়োজিত স্বাস্থ্য চিন্তন শিবিৰৰ প্ৰথম আলোচনাত ৰাজ্যসমূহে স্বাস্থ্য আৰু চিকিৎসা সেৱা খণ্ডত প্ৰদৰ্শন কৰা শ্ৰেষ্ঠ অনুশীলন শিতানত স্বাস্থ্যমন্ত্ৰী মহন্তই অসমৰ কৰ্কট চিকিৎসালয়সমূহৰ বিষয়টো উপস্থাপন কৰে ।

Appreciates the steps taken by Assam in the field of cancer treatment in Gujarat
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত অসমে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসাৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত অসমে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা

ইফালে তেওঁ টাটা ট্ৰাষ্টৰ সহযোগত অসম চৰকাৰে ৰাজ্যখনক দক্ষিণ-পূৱ এছিয়াৰ কৰ্কট ৰোগ চিকিৎসাৰ প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ লোৱাৰ বিষয়ে সন্মিলনত প্ৰকাশ কৰে। ইয়াৰ পাছতে সন্মিলনত এই বিষয়ে হোৱা আলোচনাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীসহ ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্ৰীসকলেও কৰ্কট ৰোগীক সকাহ দিবলৈ অসমত লোৱা এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ এই চতুৰ্থদশ সন্মিলন । বৃহস্পতিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলে আনুষ্ঠানিকভাৱে সন্মিলনখন উদ্বোধন কৰে ।

Appreciates the steps taken by Assam in the field of cancer treatment in Gujarat
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত অসমে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা

উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰসায়ন আৰু সাৰ দপ্তৰৰ মন্ত্ৰী ড৹ মান্দাভিয়া, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ, নীতি আয়োগৰ সদস্য বিনোদ কুমাৰ পাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ ৰাজ্যপাল এডমিৰেল ডি কে যোশী, ২৫খন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণসহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু ৰাজ্যসমূহৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

Appreciates the steps taken by Assam in the field of cancer treatment in Gujarat
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত অসমে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা

উল্লেখ্য যে, ৭ মে'লৈকে অনুষ্ঠিত হ'বলগীয়‍া এই স্বাস্থ্য চিন্তন শিবিৰত অসমক প্ৰতিনিধিত্ব কৰি স্বাস্থ্যমন্ত্ৰী মহন্তৰ সৈতে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু এনএইচএম, অসমৰ অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক : দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.