ETV Bharat / bharat

Ankita Dutta accuses IYC President: যুৱ কংগ্ৰেছৰ সভাপতিয়ে মোক নিৰ্যাতন চলাইছে: অংকিতা দত্ত

author img

By

Published : Apr 19, 2023, 7:39 AM IST

কংগ্ৰেছত যে ভাল দিন চলা নাই সেয়া শেহতীয়া বছৰকেইটাৰ বিভিন্ন কাৰ্যকলাপত প্ৰকট হৈ পৰিছে । বিশেষকৈ বিৰোধীৰ আসনত বহাৰ পিছৰ পৰা কংগ্ৰেছে সবল বিৰোধীৰ ভূমিকা গ্ৰহণতো চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ । তাৰ মাজতে দলৰ নেতৃত্ব তথা দল পৰিচালনাত অসন্তুষ্ট কেইবাজনো নেতাই দল ত্যাগ কৰিছে । এইবাৰ অসম যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তই উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ । খোদ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিয়েই নিৰ্যাতন চলোৱাৰ অভিযোগ অংকিতা দত্তৰ (Ankita Dutta accuses Srinivas BV of harassment) ।

Ankita Dutta accuses IYC President
Ankita Dutta accuses IYC President

নিউজ ডেস্ক, ১৯ এপ্ৰিল : কোনো কাৰণ নোহোৱাকৈ হঠাতে সভাপতি পদৰ পৰা আঁতৰোৱাৰ সময়তে সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । প্ৰশ্ন উঠিছিল বঙহৰ যুঁজত ৰণত পৰিল নেকি অংকিতা দত্ত । হয়, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদত সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱাৰ পিছতো অকস্মাতে উক্ত পদবীৰ পৰা আঁতৰোৱা হৈছিল অংকিতা দত্তক (Assam Youth Congress President Ankita Dutta) । ফলত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । তেতিয়াই উত্থাপন হৈছিল বিভিন্ন প্ৰসংগ । কংগ্ৰেছৰ অভ্যন্তৰত আচলতে কি চলিছে । যিটো সময়ত কংগ্ৰেছৰ সাংগঠনিক ভেটি একপ্ৰকাৰ থৰকবৰক হৈ পৰিছে, তেনে সময়ত কংগ্ৰেছৰ কেতবোৰ হঠকাৰী সিদ্ধান্তই কংগ্ৰেছক পুনৰ মূৰ দাঙি উঠিবলৈ চেষ্টা কৰাত কঁকালত কোব মৰাৰ দৰেই অৱস্থা হৈছে ।

অংকিতা দত্তৰ দৰে এগৰাকী যুৱ নেত্ৰী তথা প্ৰগতিশীল কংগ্ৰেছকৰ্মীক পদবীৰ পৰা আঁতৰাই আচলতে কংগ্ৰেছে কি প্ৰতিপন্ন কৰিব বিচাৰিছিল সেয়াও একপ্ৰকাৰ ৰহস্য হৈয়ে থাকিল । কিন্তু এইবাৰ অংকিতা দত্তৰ এক বিস্ফোৰক অভিযোগে কংগ্ৰেছৰ অভ্যন্তৰত কঁপনি তুলিছে । কেৱল কংগ্ৰেছতেই নহয়, এতিয়া দেশজুৰি অংকিতাৰ এই অভিযোগে লাভ কৰিছে ব্যাপক চৰ্চা । অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াযোগে উত্থাপন কৰা কেতবোৰ বিস্ফোৰক অভিযোগত এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । টুইটাৰযোগে অংকিতা দত্তই শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে কৰা অতি স্পৰ্শকাতৰ এই অভিযোগত এক প্ৰকাৰ কংগ্ৰেছৰ ভেটিত কঁপনি উঠাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে (Ankita Dutta accuses Srinivas BV of harassment) ।

ভাৰতীয় যুৱ কংগ্ৰেছ, (Indian Youth Congress, IYC) অসমৰ সভাপতি অংকিতা দত্তই তেওঁৰ সহকৰ্মী তথা ভাৰতীয় যুৱ কংগ্ৰেছৰ মুৰব্বী শ্ৰীনিবাস বিভিৰ (IYC chief Srinivas BV) বিৰুদ্ধে যৌনতা আৰু তেওঁৰ লিংগক লৈ মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে (Ankita Dutta alleged Srinivas BV of sexism) । এসময়ৰ অসমৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা অঞ্জন দত্তৰ কন্যা অংকিতা দত্তৰ এই বিস্ফোৰণত এতিয়া একপ্ৰকাৰ শ'লঠেকত পৰাৰ দৰে হৈছে কংগ্ৰেছ নেতৃবৃন্দ ।

অংকিতা দত্তই আনকি একাধিক টুইটত শ্ৰীনিবাসৰ বিৰুদ্ধে অভিযোগ থকা সত্ত্বেও প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ সমালোচনা কৰিছে (Ankita Dutta alleged IYC chief for harassing over gender) ।

অংকিতাই টুইটত লিখিছে, "IYC-ৰ সভাপতি শ্ৰীনিবাস বিভিয়ে মোক নিৰন্তৰ হাৰাশাস্তি কৰি আহিছে আৰু মোৰ লিংগৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰি আহিছে । মোৰ মূল্যবোধ আৰু শিক্ষাই মোক আৰু অনুমতি নিদিয়ে । বহুবাৰ তেওঁলোকৰ সন্মুখলৈ এই অভিযোগ অনা সত্ত্বেও তেওঁলোকে চকুমুদা, কাণ কলাৰ ভাও ধৰিছে ।" এই টুইটটো অংকিতাই ৰাহুল গান্ধী (Ankita Dutta twitted to Rahul Gandhi), কেচি বেণুগোপাল আৰু প্ৰিয়ংকা গান্ধীক টেগ কৰি লিখিছে (Ankita Dutta twitted to Priyanka Gandhi) ।

আন এটা টুইটত অংকিতাই লিখিছে, "মই কেইবা মাহ ধৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে অপেক্ষা কৰি আছোঁ, কিন্তু এতিয়ালৈকে কোনেও আগ্ৰহ দেখুওৱা নাই । শ্ৰীনিবাস বিভিয়ে তেওঁৰ পদবীৰ ছদ্মবেশত এইবোৰ ভুল কাম কৰি আহিছে । এজন যৌনতাবাদী আৰু উগ্ৰবাদীয়ে কেনেকৈ আইৱাইচিক নেতৃত্ব দিব পাৰে, প্ৰতিবাৰেই এগৰাকী মহিলাক অত্যাচাৰ আৰু অৱমাননা কৰিব পাৰে ? প্ৰিয়ংকা গান্ধীৰ 'লড়কি হু, লৰ সকতি হু'ৰ কি হ'ল ?" তেওঁ টুইটোত প্ৰশ্ন কৰে । লগতে অংকিতাই কয় যে দলৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত জম্মুত যোগাযোগ কৰাৰ সময়ত ৰাহুল গান্ধীৰ ওপৰত তেওঁৰ 'যথেষ্ট বিশ্বাস' আছিল ।

"মই ৰাহুল গান্ধীৰ ওপৰত যথেষ্ট বিশ্বাস ৰাখিছিলোঁ আৰু ভাৰত জোড়ো যাত্ৰাৰ সময়ত জম্মুলৈ গৈছিলোঁ যাতে তেওঁ শ্ৰীনিবাস বিভিৰ নিৰ্যাতন আৰু মোৰ প্ৰতি কৰা কটু ভাষা প্ৰয়োগৰ বিষয়ে তেওঁৰ পৰা সদুত্তৰ লাভ কৰিব পাৰোঁ । এতিয়া এপ্ৰিল মাহ পৰিল, কিন্তু এতিয়াও তেওঁৰ বিৰুদ্ধে কোনো অনুসন্ধান কৰা নাই ।" অংকিতা দত্তই কয় ।

"এইটো সুৰক্ষিত স্থান নেকি, ৰাহুল গান্ধীয়ে যে মহিলাৰ বিষয়ে কয় ?" তেওঁ প্ৰিয়ংকা গান্ধীক টেগ কৰি এই কথা কয় ।

"মই এগৰাকী মহিলা নেতা । যদি মই এনে ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হওঁ, তেন্তে মই মহিলাসকলক কংগ্ৰেছত যোগদান কৰিবলৈ কেনেকৈ উৎসাহিত কৰিব পাৰোঁ ?" অংকিতাই আন টুইটত প্ৰশ্ন কৰে ।

"শ্ৰীনিবাসে ভাবে যে তেওঁ বহুত শক্তিশালী আৰু লগতে ডাঙৰ নেতাসকলৰ আশীৰ্বাদ তেওঁৰ লগত আছে । সেয়ে তেওঁ সংগঠনটোৰ এগৰাকী মহিলাক হাৰাশাস্তি আৰু অৱমাননা কৰিব পাৰে । যেতিয়া পূৰ্বৰ আইৱাইচিৰ সভাপতি কেশৱ কুমাৰে যৌন নিৰ্যাতন চলাইছিল আৰু সেয়া মি টুৰ দ্বাৰা (#MeToo) ৰাজহুৱা হৈছিল, তেতিয়া তেওঁক আঁতৰিবলৈ বাধ্য কৰোৱা হৈছিল । এতিয়া শ্ৰীনিবাসে বিগত ছমাহ ধৰি মানসিকভাৱে উৎপীড়ন আৰু বৈষম্যমূলক আচৰণ কৰি অহা সত্ত্বেও, মোক মৌন হৈ থাকিবলৈ কোৱা হৈছে আৰু কোনো তদন্ত আৰম্ভ কৰা হোৱা নাই ।" তীব্ৰ ক্ষোভত অংকিতাই তেওঁ কয় ।

উল্লেখ্য, এগৰাকী সাহসী আৰু যুক্তিপৰায়ণ নেত্ৰী হিচাপে পৰিচিত অংকিতা দত্তই দলৰ নেতৃত্বক সোঁৱৰাই দিয়ে যে তেওঁ এগৰাকী চতুৰ্থ প্ৰজন্মৰ কংগ্ৰেছ নেতা । "মই এগৰাকী চতুৰ্থ প্ৰজন্মৰ কংগ্ৰেছী । মই দুবাৰকৈ আভ্যন্তৰীণ সংগঠনত (নিৰ্বাচন) প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, বুথ কমিটী তৈয়াৰ কৰিছোঁ, আৰক্ষীয়ে মোক প্ৰহাৰ কৰিছে । মোৰ শিক্ষা দিল্লী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ পৰা আইনৰ স্নাতকলৈকে, গুৱাহাটী বিশ্ববিদ্যালয়ত পিএইচডিলৈকে । আমি দলৰ বাবে চুপ থাকোঁ । কিন্তু শ্ৰীনিবাসৰ দ্বাৰা উৎপীড়ন বন্ধ নহয় ।" তীব্ৰ ক্ষোভত অংকিতাই লিখিছে ।

আনহাতে, অংকিতা দত্তৰ অভিযোগৰ প্ৰত্যুত্তৰত আইৱাইচিৰ আইনী কোষে কৈছে যে অংকিতা দত্তৰ বিৰুদ্ধে 'শক্তিশালী আইনী ব্যৱস্থা' আৰম্ভ কৰিব । "ডঃ দত্তই IYC-ৰ সভাপতি শ্ৰীনিবাস বিভিজীৰ বিৰুদ্ধে সম্পূৰ্ণ অসংসদীয়, অসন্মানজনক, মানহানিকৰ, বিদ্বেষপূৰ্ণ শব্দ ব্যৱহাৰৰ আশ্ৰয় লৈছে আৰু তেওঁৰ বিৰুদ্ধে সম্পূৰ্ণ অৰ্থহীন অভিযোগ উত্থাপন কৰিছে । IYC আইনী কোষে এই সন্দৰ্ভত শক্তিশালী/কঠোৰ আইনী ব্যৱস্থা আৰম্ভ কৰিছে ।" IYC-ৰ আইনী কোষে এটা টুইটত এনেদৰে কয় ।

উল্লেখ্য যে শ্ৰীনিবাসৰ বিৰুদ্ধে দত্তৰ একাধিক টুইটৰ এক ক'লাজৰ সৈতে বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয়ই আন এক টুইটত লিখিছে, "IYC অসমৰ সভাপতি ডঃ অংকিতা দত্তই তেওঁৰ লিংগৰ বাবে আইৱাইচিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ দ্বাৰা হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ ওচৰলৈ যোৱাৰ পাছতো কোনো তদন্ত সমিতি গঠন কৰা হোৱা নাই । কংগ্ৰেছৰ স্তৰত নাৰীৰ ওপৰত উৎপীড়ন এক স্বাভাৱিক ঘটনা ।"

প্ৰণিধানযোগ্য যে ২০১৯ চনত আন এগৰাকী কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে মথুৰাত তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰা কংগ্ৰেছকৰ্মীসকলক পুনৰ দল তথা পদবীত বাহাল কৰাৰ পিছত শিৱসেনাত যোগদান কৰে ।

লগতে পঢ়ক :Rahul Defamation Case : পাটনা আদালতে গ্ৰহণ কৰিব ৰাহুলৰ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.