ETV Bharat / bharat

Complaint against owner of dog: যাক কামুৰিলে কুকুৰে, তেওঁৰেই বাইক জ্বলালে কুকুৰৰ গৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 6:33 PM IST

Updated : Oct 26, 2023, 9:57 PM IST

ঘটনাবোৰৰ বিৱৰণ শুনিলে অনুভৱ হয় কলিযুগত যেন একেবাৰেই ধৈৰ্য হেৰুৱাই পেলাইছে জীৱশ্ৰেষ্ঠই ৷ খং, আক্ৰোশ, জেদ, প্ৰতিশোধ য’ত যি ঋণাত্মক গুণ বা স্বভাৱ যি বুলিয়েই নকওক, সকলোবোৰ যেন আছে আজি জীৱশ্ৰেষ্ঠৰ মাজত ৷ আপোনালোকলৈ আগবঢ়াইছো এনে এটা ঘটনা য’ত ভুক্তভোগীয়ে নিজ চকুৰ সন্মুখতে জ্বলি উঠা দেখিলে নিজৰ দুচকীয়া বাহনখন ৷

Anger for filing a complaint against owner of dog
জীৱশ্ৰেষ্ঠৰ কৰ্ম

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : এজনে আনজনৰ মনৰ কথা অনুভৱ কৰাটো দূৰৰ কথা, কথা এষাৰ শুনিবলৈয়ো সময় ধৈৰ্য একোৱেই নাই আজিকালি মানুহৰ হাতত ৷ অধৈৰ্য বাবেই প্ৰতিদিনে আমি শুনিবলৈ দেখিবলৈ পাওঁ নানা ধৰণৰ হিংসাত্মক ঘটনাই কিদৰে গ্ৰাস কৰি পেলাইছে সমাজখন ৷ ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া এইবোৰ সহজলভ্য হৈ পৰা বাবেই ভাল-বেয়া ঘটনাৰ ভিডিঅ’ আজিকালি মুহূৰ্তৰ ভিতৰতে জুইৰ দৰে বিয়পি পৰে ৷ আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিছে লিফ্টত পোহনীয়া কুকুৰে অন্য মানুহক কামোৰাৰ শিহৰণকাৰী দৃশ্য আৰু ভুক্তভোগীয়ে তাৰ পিচত অভিযোগ কৰিলে কুকুৰৰ গৰাকীয়ে কিদৰে অভব্য আচৰণ কৰে ৷ শেহতীয়াকৈ তেনে এটা ঘটনাই পুনৰ চৰ্চালৈ আহিছে ৷

ঘটনাৰ স্থান বেংগালুৰু ৷ কুকুৰৰ গৰাকীয়ে জলাই দিলে ভুক্তভোগীৰ বাইক ৷ দৰাচলতে ঘটনাটো এনেকুৱা, পুষ্পা নামৰ এগৰাকী মহিলাক নানজুন্দা বাবু নামৰ এজন ব্যক্তিৰ পোহনীয়া কুকুৰটোৱে কামুৰিছিল ৷ কুকুৰে কামোৰাৰ পিচত পুষ্পাই কট্টানুৰ পুলিচ ষ্টেচনত তেওঁৰ মাতৃ গৌৰাম্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷ ইয়াৰ পিচতে ক্ৰোধত ফাটি পৰে নানজুন্দা বাবু ৷ খঙত একো নাই হৈ নানজুন্দা বাবুয়ে ধমকি দি কয়, ‘মই অভিযোগকাৰীক সাৰি যাব নিদিও’ ৷

23 অক্টোবৰৰ দিনা পুষ্পাৰ পুত্ৰই ঘৰৰ সন্মুখতে বাইকখন ৰখাই থৈ দিছিল ৷ ঘৰৰ সন্মুখতে ৰখাই থোৱা অৱস্থাতে বাইকখন অগ্নিদগ্ধ হয় ৷ পুষ্পাৰ পৰিয়ালে অভিযোগ কৰিছে যে নানজুন্দা বাবুৱেই পৰিয়ালৰ সৈতে মিলি এই অগ্নিকাণ্ড সংঘটিত কৰে ৷ কট্টানুৰ পুলিচ ষ্টেচনত অভিযোগ দাখিল কৰাৰ পাচত এতিয়া আৰক্ষীয়ে নানজুন্দা বাবুক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Land dispute: শিৰশ্ছেদতকৈও ভয়ংকৰ ! ট্ৰেক্টৰেৰে মৰণা মৰাদি চেপি চেপি হত্যা যুৱকক

Last Updated : Oct 26, 2023, 9:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.