ETV Bharat / bharat

Amit Shah on Khalistan : খালিস্তান সম্পৰ্কে কি ক'লে গৃহ মন্ত্ৰী অমিত শ্বাহে ?

author img

By

Published : Apr 22, 2023, 8:52 PM IST

Amit Shah on Khalistan
খালিস্তান সম্পৰ্কে কি ক'লে গৃহ মন্ত্ৰী অমিত শ্বাহে

কৰ্ণাটকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে খলিস্তানৰ সমৰ্থক অমৃতপাল সিঙৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে (Amit Shah on Khalistan)। পলাতক অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা বাবে প্ৰচেষ্টা অব্যাহত আছে । কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আছে ।

নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল: ‘‘পঞ্জাৱত খালিস্তানৰ ঢৌ নাই ।’’ এই মন্তব্য দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ । শনিবাৰে বেংগালুৰুত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অমিত শ্বাহে কয় যে, পলাতক খলিস্তান সমৰ্থক অমৃতপাল সিঙক আটক কৰিবলৈ চেষ্টা চলাই থকা হৈছে (Amit Shah at Bengaluru)। কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে । গৃহমন্ত্ৰী অমিত শ্বাহে এই ক্ষেত্ৰত পঞ্জাৱ চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰে আৰু কেন্দ্ৰই সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা বুলিও উল্লেখ কৰে ।

শ্বাহৰ মতে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ কিছু সময় লাগিব পাৰে কিন্তু খালিস্তানী নেতাজনে তেওঁৰ কাৰ্যকলাপ আগবঢ়াব নোৱাৰে । যোৱা মাহত লণ্ডন, ব্ৰিটেইন আৰু চান ফ্ৰান্সিস্কোৰ কনচুলেটত ভাৰতীয় উচ্চ আয়োগৰ ওপৰত হোৱা আক্ৰমণৰ কথাও উল্লেখ কৰে অমিত শ্বাহে । তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰে ভাৰতীয় উচ্চ আয়োগৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ সহ্য নকৰে আৰু ভাৰতীয় আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

২০২৩ চনৰ ১৯ মাৰ্চত লণ্ডনৰ হাই কমিছনৰ বাহিৰত খালিস্তান বেনাৰ লৈ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিছিল (Khalistan supporters protest)। এগৰাকী প্ৰতিবাদকাৰীয়ে ভাৰতৰ জাতীয় পতাকা তললৈ নমাই আনিছিল । লণ্ডনৰ হাই কমিছনৰ বাহিৰত সংঘটিত এই ঘটনাৰ ভিডিঅ'টো সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল ।

খালিস্তান সমৰ্থকসকলে ছান ফ্ৰান্সিস্কোৰ (এছএফঅ') ভাৰতীয় কনচুলেটতো আক্ৰমণ কৰিছিল বুলি অভিযোগ কৰা হৈছে । খলিস্তান সমৰ্থকসকলে কাৰ্যালয়ত প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ পাইছিল ।

বেংগালুৰুত উপস্থিত থাকি গৃহমন্ত্ৰীয়ে লগতে কয় যে, ১০ মে'ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া কৰ্ণাটক পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াও এক গুৰুত্বপূৰ্ণ বিষয় (Amit Shah on PFI)। তেওঁ কয় যে, কংগ্ৰেছে পিএফআইক সুৰক্ষা দিছিল আৰু কৰ্ণাটকত ইয়াক সমৰ্থন কৰিছিল কিন্তু বিজেপি চৰকাৰে পিএফআই নিষিদ্ধ কৰিছে । বিজেপিয়ে দক্ষিণ ভাৰতত প্ৰচাৰ চলাই থকা বিচ্ছিন্নতাবাদী সংগঠনটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে (PFI banned)।

উল্লেখ্য যে, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই) আৰু ইয়াৰ সহযোগীসকলক যোৱা বছৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বেআইনী সংগঠন হিচাপে ঘোষণা কৰিছিল ।

লগতে পঢ়ক : Mamata Banerjee on NRC: ঈদৰ দিনাই পুনৰ বিজেপিক প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.