ETV Bharat / bharat

সম্পূৰ্ণ হোৱাৰ পথত ভৈৰৱ-চাইৰাং প্ৰকল্প

author img

By

Published : Feb 12, 2021, 9:05 PM IST

সম্পূৰ্ণ হোৱাৰ পথত ভৈৰৱ-চাইৰাং প্ৰকল্প ৷ ৰেল মন্ত্ৰণালয়ে জাৰি কৰা তথ্য অনুসৰি এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিব 2023 বৰ্ষৰ মাৰ্চৰ ভিতৰত ৷

ভৈৰৱ-চাইৰাং প্ৰকল্প
ভৈৰৱ-চাইৰাং প্ৰকল্প

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰীঃ উত্তৰ পূৰ্ব্বাঞ্চলৰ সকলো ৰাজধানীক ব্ৰডগ’জ ৰেলৱে লাইনেৰে সংযোজিত কৰাৰ লক্ষৰে ৰেল মন্ত্ৰনালয়ে নিৰ্মাণৰ কাম হাতত লৈছিল ভৈৰৱ-চাইৰাং প্ৰকল্প ৷ এই প্ৰকল্পৰ বাবে বিগত 2008-09 বৰ্ষত অনুমোদন লাভ কৰিছিল ৷ এই প্ৰকল্পটোৰ সৰ্বমুঠ দৈঘ্যৰ্ 51.38 কি.মি. ৷ সমগ্ৰ প্ৰকল্পটোৰ আনুমানিক ব্যয় প্ৰায় 5521.45 কোটি টকা ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিগত বৰ্ষত সমগ্ৰ প্ৰকল্পটোৰ বাবদ খৰচ হৈছিল প্ৰায় 3763.63 কোটি টকা ৷

সম্পূৰ্ণ হোৱাৰ পথত ভৈৰৱ-চাইৰাং প্ৰকল্প
সম্পূৰ্ণ হোৱাৰ পথত ভৈৰৱ-চাইৰাং প্ৰকল্প

উল্লেখ্য যে, সমগ্ৰ ৰেলপথৰ বাবদ 55খন বৃহৎ আৰু 87খন সৰু সেতু থাকিব ৷ লগতে 5খন অভাৰ ব্ৰিজ আৰু 6খন আণ্ডাৰ ব্ৰিজ থাকিব ৷ প্ৰাপ্ত তথ্য অনুসৰি এই প্ৰকল্পটোত থাকিব কেইবাটাও সুৰংগ পথ ৷ ইয়াৰ বাবে প্ৰায় 12639.20 মিটাৰ দৈঘ্যৰ সুৰংগ নিৰ্মাণৰ কাম-কাজ সম্পন্ন কৰা হ’ব ৷ এই নিৰ্মাণৰ বাবে প্ৰায় 487.47 হেক্টৰ ভূমি অধিগ্ৰহণ কৰাৰ লগতে 347.89 লাখ চি ইউ এম আৰ্থ ৱৰ্ক সম্পন্ন কৰা হৈছে ৷

সম্পূৰ্ণ হোৱাৰ পথত ভৈৰৱ-চাইৰাং প্ৰকল্প
সম্পূৰ্ণ হোৱাৰ পথত ভৈৰৱ-চাইৰাং প্ৰকল্প

ভৈৰৱীৰ দিশৰ পৰা চাৰিটা ষ্টেচন ক্ৰমে হৰটকী, কাৱনপুই, মুৱালখাং আৰু চাইৰাং থাকিব ৷ আনহাতে, চাইৰাং ষ্টেচনৰ পৰা মিজোৰামৰ ৰাজধানী আইজললৈ বেছি দূৰ নহ’ব ৷

সম্পূৰ্ণ হোৱাৰ পথত ভৈৰৱ-চাইৰাং প্ৰকল্প
সম্পূৰ্ণ হোৱাৰ পথত ভৈৰৱ-চাইৰাং প্ৰকল্প

2021-22 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্থাপিত অনুসৰি ভৈৰৱ-চাইৰাং প্ৰকল্প চলাই নিয়াৰ বাবে 1000 কোটি টকা আৱন্টন দিছে ৷ আনহাতে, 2020-21 বৰ্ষত আৱন্টন দিয়া হৈছিল 475 কোটি টকা ৷

ৰেল মন্ত্ৰণালয়ে জাৰি কৰা তথ্য অনুসৰি এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিব 2023 বৰ্ষৰ মাৰ্চৰ ভিতৰত ৷

লগতে পঢ়কঃ 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.