১২ বছৰৰ অন্তত ত্ৰিপুৰা আৰক্ষীৰ জালত গাৰ্হস্থ্য হিংসাৰ অভিযুক্ত

author img

By

Published : Sep 13, 2022, 2:14 PM IST

Tripura
১২ বছৰৰ অন্তত ত্ৰিপুৰা আৰক্ষীৰ জালত গাৰ্হস্থ্য হিংসাৰ অভিযুক্ত ()

স্মাৰ্ট ত্ৰিপুৰা আৰক্ষীৰ প্ৰকৃত ছবি পোহৰলৈ আহিছে । সুদীৰ্ঘ ১২ বছৰৰ অন্তত আৰক্ষীৰ জালত পৰিছে গাৰ্হস্থ্য হিংসাৰ এজন অভিযুক্ত (Tripura police arrest accused after 12 years)। গাৰ্হস্থ্য হিংসাৰ বলি হোৱা পত্নীয়ে স্বামীৰ বিৰুদ্ধে দিছিল গোচৰ ।

নেশ্যনেল ডেস্ক,১৩ ছেপ্টেম্বৰ : প্ৰায় ১২ বছৰৰ অন্তত ত্ৰিপুৰা আৰক্ষীৰ জালত গাৰ্হস্থ্য হিংসাৰ এজন অভিযুক্ত (Accused of domestic violence held after 12 year)। দেওবাৰে নিশা ৰাজ্যখনৰ দক্ষিণ জিলাৰ বেলোনিয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক । মঙলবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্তজনক ।

জানিব পৰা মতে গাৰ্হস্থ্য হিংসাৰ অভিযুক্তজন হৈছে বনন্তপাৰা অঞ্চলৰ চিত্তামাৰাৰ নাণ্টু দেৱনাথ । পত্নীয়ে নাণ্টুৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসা (Domestic violence accused arrested) সম্পৰ্কীয় এক গোচৰ ৰুজু কৰিছিল । আৰক্ষীয়ে গোচৰটো ৪৯৮ আইপিচি ধাৰাৰ অধীনত পঞ্জীয়ন কৰি আদালতত অভিযোগনামাও দাখিল কৰিছিল । কিন্তু লক্ষণীয়ভাৱে গোচৰটো ৰুজু হোৱাৰ পাছৰে পৰা অভিযুক্ত নাণ্টু পলাতক হৈ আছিল । আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাইও নাণ্টুৰ কোনো তথ্য লাভ কৰিব পৰা নাছিল ।

কিন্তু সুদীৰ্ঘ বাৰ বছৰৰ অন্তত অভিযুক্তজনে চিত্তামাৰাৰ নিজৰ ঘৰলৈ আহিছিল । ঘৰলৈ অহাৰ তথ্য লাভ কৰাৰ লগে লগে বেলোনিয়া আৰক্ষী থানাৰ এছ আই সঞ্জীৱ দেববৰ্মা আৰু এছ আই চম্পা দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় আৰু অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে । সোমবাৰে চিকিৎসা পৰীক্ষাৰ অন্তত তেওঁক জিলা আৰু সত্ৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে এদিনৰ বাবে অভিযুক্ত নাণ্টুক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

বিভিন্ন সময়ত দেশৰ নেতা তথা অভিজ্ঞসকলে দাবী কৰে যে আৰক্ষীসকল পূৰ্বতকৈ আধুনিক হৈছে । ন ন প্ৰযুক্তিৰ ব্যৱহাৰেৰে আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ সক্ষম হৈছে । স্মাৰ্ট হৈছে আৰক্ষী । কিন্তু ত্ৰিপুৰা আৰক্ষীয়ে ১২ বছৰ ধৰি এগৰাকী গাৰ্হস্থ্য হিংসাৰ অভিযুক্ত আটক কৰিব নোৱাৰাত বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে । আৰক্ষীৰ আধুনিকীকৰণক লৈও বহু প্ৰশ্ন উঠিছে ।

লগতে পঢ়ক :গোৰেশ্বৰত গ্ৰেপ্তাৰ সুৰা আৰু তীৰ খেলৰ এজেন্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.