হানী ট্ৰেপত একাউণ্টটেণ্ট: পাকিস্তানী মহিলালৈ সেনাৰ গোপন তথ্য প্ৰেৰণৰ অভিযোগ

author img

By

Published : Oct 4, 2022, 10:39 PM IST

accountant-posted-in-roorkee-beg-trapped-in-honey-trap-of-pakistani-woman

ৰুৰকী হানি ট্ৰেপৰ বলি হৈ এগৰাকী পাকিস্তানী মহিলালৈ সেনাৰ গোপন তথ্য প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী একাউণ্টটেণ্টৰ বিৰুদ্ধে(An accountant posted in Roorkee BEG) ৷

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: সামাজিক মাধ্যমত অচিনাকী লোকৰ লগত কথা পাতোতে সাৱধান হওক ৷ হানি ট্ৰেপৰ চিকাৰ হ’ব পাৰে আপুনিও (Roorkee Honey Trap Case)৷ ৰুৰকী হানি ট্ৰেপৰ বলি হৈ এগৰাকী পাকিস্তানী মহিলালৈ সেনাৰ গোপন তথ্য প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী একাউণ্টটেণ্টৰ বিৰুদ্ধে(An accountant posted in Roorkee BEG) ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, চিকান্দ্ৰা জিলাৰ বাসিন্দা এমামী খান উত্তৰ প্ৰদেশৰ বাসিন্দা ৷ ১৫ দিনৰ পূৰ্বে ৰুৰকী বিইজিৰ সহকাৰী একাউণ্টেণ্ট অফিচাৰ গ্ৰুপ ডিত আগ্ৰা কেণ্টৰ সৈতে সংলগ্ন আছিল এমামী (Accountant trapped in honey trap)৷

তেওঁ মে’ মাহৰ পৰা ২০ জুনলৈ এগৰাকী পাকিস্তানী মহিলাৰ সৈতে কথা-বতৰা পাতি আছিল ৷ মহিলাগৰাকীৰ লগত তেওঁৰ বন্থুত্ব হোৱাৰ পিছতে পিছলৈ এই সম্পৰ্ক প্ৰেমলৈ ৰূপান্তিৰত হয় ৷ প্ৰেমিকাক বিশ্বাস কৰিয়েই সেনাৰ বিভিন্ন গোপন তথ্যও শ্বেয়াৰ কৰাৰ কথা পোহৰলৈ আহিছে ৷

এই বিষয়ে তথ্য লাভ কৰাৰ পিছতে মিৰাটৰ সেনা বিষয়াৰ এটা দল ৰুৰকীত উপস্থিত হৈছিল আৰু একাউণ্টেণ্টৰ মোবাইল পৰীক্ষা কৰিছিল ৷ বি ই জিৰ পৱন গুপ্তাই চৰকাৰী গোপন আলোচনা আইন আৰু জালিয়াতিৰ সন্দৰ্ভত কোতৱালী চিভিল লাইনত একাউণ্টেণ্ট ইমাম খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ অভিযুক্তজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ গোচৰটো তদন্ত উপ-পৰিদৰ্শক দেৱেন্দ্ৰ সিং পালক হস্তান্তৰ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Tragic incident in Bangalore: পুত্ৰৰ চিকিৎসাৰ বাবে গৈ আদবাটতে প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.