ETV Bharat / bharat

ক'ভিড-১৯ ৰ তৃতীয় ঢৌৰ ভয়াৱহ সংক্ৰমণ নহ'বও পাৰে: ডাঃ ৰণদীপ গুলেৰিয়া

author img

By

Published : Jul 1, 2021, 6:47 PM IST

ক'ভিড-১৯ ৰ তৃতীয় ঢৌৱে ভাৰতত ভয়াৱহ পৰিস্থিতি সৃষ্টি নকৰিবও পাৰে । যদিহে সকলো সাৱধান হয়, দেশৰ অধিকাংশ লোকক প্ৰতিষেধক প্ৰদান কৰিব পৰা যায়, তেন্তে তৃতীয় ঢৌৰ সংক্ৰমণৰ পৰা ভাৰত ৰক্ষা পৰাৰ সম্ভাৱনা আছে । বৃহস্পতিবাৰে এই মন্তব্য প্ৰকাশ কৰে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই ।

According to AIIMS director, third wave may not come if COVID norms are followed
ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ সন্দৰ্ভত মন্তব্য ড০ ৰণদীপ গুলেৰিয়াৰ

নেশ্যনেল ডেস্ক, ১ জুলাই : দেশত অব্যাহত আছে কাল কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংহাৰ । একে সময়তে তৃতীয় ঢৌৰ সংক্ৰমণৰ আশংকাই শংকিত কৰি তুলিছে দেশবাসীক । বৃহস্পতিবাৰে ক'ভিড-১৯ ৰ তৃতীয় ঢৌ সন্দৰ্ভত কেতবোৰ পৰামৰ্শ আগবঢ়াইছে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(AIIMS)ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই । তেওঁ কয় যে, যদি সকলো সাৱধান হয়, ক'ভিড বিধি মানি চলে, দেশৰ অধিকাংশ লোকক প্ৰতিষেধক প্ৰদান কৰিব পৰা যায়, তেন্তে তৃতীয় ঢৌৰ সংক্ৰমণৰ পৰা ভাৰত ৰক্ষা পৰাৰ সম্ভাৱনা আছে ।

সাৱধানতা অৱলম্বন কৰিলে তৃতীয় ঢৌৰ সংক্ৰমণ হ'লেও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নহয় । তেওঁ লগতে কয় যে, মহামাৰীৰ পৰা ৰক্ষা পাব নে নাই সেয়া সকলোৰে আচৰণৰ ওপৰত নিৰ্ভৰ কৰিব । সজাগ হৈ থাকি প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি থাকিলে এই সংকটৰ পৰা দেশবাসী ৰক্ষা পৰিব বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, প্ৰতিষেধক সন্দৰ্ভত ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে, দুটা পৃথক প্ৰতিষেধকৰ পালি গ্ৰহণ কৰাৰ ক্ষেত্ৰত বৰ্তমান অধিক তথ্যৰ প্ৰয়োজন ।

শেহতীয়া অধ্যয়ন অনুসৰি ই কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ।

কিন্তু একেটা প্ৰতিষেধকৰ দুটা পালি গ্ৰহণ কৰোতে হোৱা পাৰ্শ্বক্ৰিয়াতকৈ দুটা পৃথক প্ৰতিষেধকৰ পালি গ্ৰহণ কৰিলে পাৰ্শ্বক্ৰিয়া অধিক হোৱাৰ সম্ভাৱনা আছে ৷ তেওঁ লগতে কয় যে, এইক্ষেত্ৰত এতিয়াও অধিক তথ্য লাভ কৰিবলৈ বাকী আছে ৷ যদি এনেদৰে প্ৰতিষেধক গ্ৰহণ কৰিলে অধিক ফলপ্ৰসু হোৱাতো প্ৰমাণিত হয় তেন্তে ভাৰততো এইদৰে প্ৰতিষেধক প্ৰদান কৰা উচিত ।

উল্লেখ্য যে, ইংলেণ্ডৰ বিশেষজ্ঞই কৰা এক অধ্যয়নত পোহৰলৈ আহিছে যে, দুটা পৃথক প্ৰতিষেধকৰ পালি একেলগে গ্ৰহণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক বৃদ্ধি হয় । অৱশ্যে এই বিষয়ত এতিয়াও দ্বি-মত আছে । দেশত ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি সন্দৰ্ভত ডাঃ গুলেৰিয়াই পৰামৰ্শ দিয়ে যে, আক্ৰান্তৰ সংখ্যা অধিক হোৱা অঞ্চলসমূহত অধিকৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়াস কৰা উচিত । তেওঁ কয় যে, আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও ঠাই বিশেষে সংক্ৰমণ হ্ৰাস পোৱা নাই ।

লগতে পঢ়ক: ইন্দ্ৰজাল: শত্ৰুৰ ড্ৰোণ প্ৰতিৰোধ কৰিবলৈ সাজু ভাৰতীয় বায়ুসেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.