ETV Bharat / bharat

গুজৰাটত AAPৰ নিৰ্বাচনী ৰণডংকা

author img

By

Published : Oct 9, 2022, 9:57 AM IST

Updated : Oct 9, 2022, 1:30 PM IST

AAP
গুজৰাটত AAPৰ নিৰ্বাচনী ৰণডংকা

গুজৰাটত আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিশাল জনসভা (Kejriwal and Bhagwant Mann to address 2 rallies)। দেওবাৰে ভালচাদ জিলাৰ ধৰমপুৰ আৰু চুৰাট জিলাৰ কাদোদৰাত ৰাজহুৱা সভা সম্বোধন কৰিব দুয়োগৰাকী নেতাই । বিজেপিৰ দুৰ্গ গুজৰাটত নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা AAP দলৰ ।

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : দিল্লী, পাঞ্জাৱৰ পাছত এইবাৰ বিজেপিৰ দুৰ্গ গুজৰাটত চকু আম আদমি পাৰ্টীৰ । ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ (Gujarat Assembly election 2022) বাবে আপ দলে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । ইতিমধ্যে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে দলটোৱে । ৰাজ্যখনত উপস্থিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান (Kejriwal and Bhagwant Mann in Gujarat)। দেওবাৰে আপৰ দুয়োগৰাকী শীৰ্ষ নেতাই একেলগে দুখনকৈ জনসভা সম্বোধন কৰিব ।

দুয়োগৰাকী নেতাই জনজাতীয় অধ্যুষিত ভালচাদ জিলাৰ ধৰমপুৰ আৰু চুৰাট জিলাৰ কাদোদৰাত ৰাজহুৱা সভা সম্বোধন কৰিব । শনিবাৰে, আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱাল আৰু মানে দাহোদ চহৰত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল আৰু বদোদৰাত 'তিৰংগা যাত্ৰা'ত অংশগ্ৰহণ কৰিছিল (Public meeting of AAP in Gujarat)।

গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলোৱা আপৰ নেতাসকলক লৈ আকৌ সন্তুষ্ট নহয় প্ৰদেশ বিজেপি । গুজৰাটৰ বিজেপি নেতাসকলে শনিবাৰে কেজৰিৱাল নেতৃত্বাধীন দলটোক তীব্ৰ সমালোচনা কৰে । এটা ভাইৰেল ভিডিঅ'ক লৈ তীব্ৰ বিতৰ্কৰ আৰম্ভ কৰিছে বিজেপিয়ে (Gujarat BJP slams AAP leader)। ভিডিঅ'টোত দিল্লীৰ মন্ত্ৰী তথা আপ নেতা ৰাজেন্দ্ৰ পাল গৌতমক এক অনুষ্ঠানত দেখা গৈছে য'ত শ শ লোকে হিন্দু দেৱতাসকলক নিন্দা কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি লৈছে ।

আনকি গুজৰাটৰ মূল চহৰসমূহতো কেজৰিৱালক "হিন্দু বিৰোধী" বুলি অভিহিত কৰি কেইবাখনো বেনাৰ লগাইছে বিৰোধীয়ে । ২৭ বছৰ ধৰি গুজৰাট শাসন কৰি থকা বিজেপিৰ মুখ্য বিৰোধী হিচাপে নিজকে স্থান দিবলৈ আপ দলটোৱেও চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :দেশৰ প্ৰথমখন সৌৰশক্তি চালিত গাঁও হ’ব গুজৰাটৰ মধেৰা

Last Updated :Oct 9, 2022, 1:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.