ETV Bharat / bharat

Ganesh Laddu auction Record : হায়দৰাবাদত অভিলেখ মূল্যত নিলাম গণেশ লাড়ু

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:05 PM IST

Updated : Sep 28, 2023, 8:35 PM IST

হায়দৰাবাদত অভিলেখ মূল্যত নিলাম গণেশ লাড়ু
Ganesh Laddu auction Record

বান্দলাগুড়াৰ কীৰ্তি ৰিচমণ্ড ভিলাত গণেশ লাড়ু নিলামত এক নতুন অভিলেখ সৃষ্টি হৈছে । এই লাড়ু ১.২০ কোটি টকাত ক্ৰয় কৰা হয় ।

হায়দৰাবাদত অভিলেখ মূল্যত নিলাম গণেশ লাড়ু

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : সমগ্ৰ দেশতে মহা আড়ম্বৰেৰে পালন কৰা গণেশ পূজা । দেশৰ বিভিন্ন স্থানত এই গণেশ পূজা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় । কোনো কোনো স্থানত সপ্তাহজোৰাকৈ অনুষ্ঠিত হয় গণেশ পূজা । এই গণেশ পূজাৰ বিশেষ আকৰ্ষণ হৈছে পূজাৰ প্ৰসাদ হিচাপে ব্যৱহৃত লাডু । প্ৰতিবাৰেই এই গণেশ পূজাৰ লাড়ুক লৈ বিভিন্ন অভিলেখ সৃষ্টি হয় । কেতিয়াবা যদি ইয়াৰ আকাৰৰ বাবে অভিলেখৰ সৃষ্টি হয়, কেতিয়াবা আকৌ ইয়াৰ ওজন বা মূল্যৰ বাবেও শিৰোনাম দখল কৰে ।

এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । গণেশ উৎসৱৰ অন্তিমদিনা হায়দৰাবাদৰ বিভিন্ন স্থানত লাড়ুৰ নিলাম অনুষ্ঠিত হয় । কিছুমান ঠাইত এই গণেশ লাড়ু অভিলেখ মূল্যত নিলাম কৰা হয় । কিন্তু বান্দলাগুড়া গণেশ লাড়ুৱে নিলামত ইতিহাস ৰচনা কৰে । বান্দলাগুড়াৰ কীৰ্তি ৰিচমণ্ড ভিলাত গণেশ লাড়ু নিলামত এক নতুন অভিলেখ সৃষ্টি হয় । এই লাড়ু ১.২০ কোটি টকা মূল্যত ক্ৰয় কৰা হয় । ভিলাৰ সমগ্ৰ লোকে মিলি এই লাড়ুটো ১.২০ কোটি মূল্যত ক্ৰয় কৰে ।

"আমি কীৰ্তি ৰিচমণ্ড ভিলাত ১০ বছৰ ধৰি বাস কৰি আছোঁ । প্ৰতিবছৰে আমি গণেশ উৎসৱ বিশালভাৱে উদযাপন কৰোঁ । প্ৰতিবছৰে গণেশ বিসৰ্জনৰ দিনা আমি লাড়ু নিলাম অনুষ্ঠিত কৰোঁ । আমি এই লাড়ু নিলামৰ ধন দানৰ বাবে খৰচ কৰিম । আমি দৰিদ্ৰ লোক, স্বাস্থ্য সেৱা কৰ্মী, চৰকাৰী বিদ্যালয়ৰ বিকাশত সহায় কৰিবলৈ, শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষা মাচুল পৰিশোধ কৰাত সহায় কৰিবলৈ এই ধন ব্যৱহাৰ কৰিম ।" কীৰ্তি ৰিচমণ্ড ভিলাৰ বাসিন্দাসকলে কয় ।

"আমি কিছুমান বেচৰকাৰী সংগঠনৰ বাবে সামগ্ৰী ক্ৰয় কৰোঁ । যোৱা বছৰ লাড়ুটো ৬০.৮০ লাখত নিলাম কৰা হৈছিল । এই বছৰ ১.২০ কোটি টকাত নিলাম হৈছে । আমি আমাৰ নিজৰ বাবে এটা পইচাও ব্যৱহাৰ নকৰোঁ । আমি সকলোকে তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ মাজত এনে ধৰণৰ নিলাম অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে দৰিদ্র লোকসকলক সহায় কৰিব পাৰি ।" তেওঁলোকে লগত কয় ।

লগতে পঢ়ক :Balapur Laddu auction: আজি গণেশ বিসৰ্জন; খেইৰতাবাদত 27 লাখ টকাত নিলাম গণপতিৰ লাডু

Last Updated :Sep 28, 2023, 8:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.