ETV Bharat / bharat

Fear of Postmortem: মৰণোত্তৰ পৰীক্ষা নহ'ব, মৃতদেহ কান্ধত লৈ দৌৰ মাৰিলে মৃতকৰ আত্মীয়

author img

By

Published : Jan 14, 2023, 6:21 PM IST

এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছতেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পৰিৱৰ্তে মৃতদেহটো কান্ধত লৈ দৌৰ মাৰিলে এগৰাকীয়ে ব্যক্তিয়ে ৷ নিজ বাসগৃহতে মৃত্যু হোৱা লোকজন অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ লওঁতেই সংঘটিত এই ঘটনা ৷

Fear of Postmortem
মৰণোত্তৰ পৰীক্ষাত বাধা; মৃতদেহ কান্ধত লৈ দৌৰ মাৰিল এগৰাকী ব্যক্তি

নেশ্যনেল ডেস্ক, 14 জানুৱাৰী: কোনো লোকৰ যদি অস্বাভাৱিক ভাৱে মৃত্যু হয় অথবা সেই মৃত্যু দুৰ্ঘটনাৰ ফলত বা হত্যাকাণ্ড হয় তেন্তে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা(Post mortem) কৰাটো আইন সংগত নিয়ম ৷ কিন্তু মৰণোত্তৰ পৰীক্ষাক কেন্দ্ৰ কৰি এক আচৰিত ঘটনা সংঘটিত হৈছে তেলেংগানাৰ তাংগাল্লাপাল্লী মণ্ডলৰ অন্তৰ্গত লক্ষ্মীপুৰ গাঁৱত(Lakshmipur village of Tangallapally Mandal) ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে মৃতদেহটো কান্ধত লৈ দৌৰ মাৰিলে এগৰাকী ব্যক্তিয়ে(Man run away holding a dead body) ৷

উল্লেখ্য যে, তেলেংগানাৰ তাংগাল্লাপাল্লী মণ্ডলৰ অন্তৰ্গত লক্ষ্মীপুৰ গাঁৱৰ যাদালা মাল্লায়া নামৰ 65 বছৰীয়া ব্যক্তিজনৰ নিজ বাসগৃহতে মৃত্যু হয় শুকুৰবাৰে ৷ ব্যক্তিজনৰ মৃত্যুৰ পিছতে শেষকৃত্য সম্পন্ন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছিল পৰিয়ালৰ লোকে ৷ কিন্তু তেলেংগানা আৰক্ষীয়ে এক অচিনাক্ত নম্বৰৰ পৰা ব্যক্তিজনৰ অস্বাভাৱিক মৃত্যু(Unnatural death) হোৱা বুলি তথ্য লাভ কৰিছিল ৷ ইয়াৰ পিচতেই আৰক্ষী উপস্থিত হয়গৈ লোকজনৰ বাসগৃহত ৷

আৰক্ষী উপস্থিত হৈয়ে মৃত্যুৰ কাৰণ সম্পৰ্কে জানিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ(conduct an autopsy of the dead body) বাবে প্ৰেৰণ কৰিবলৈ যো-জা কৰে ৷ কিন্তু মৃতদেহটো পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ অমান্তি হয় ৷ ইয়াৰ কাৰণ সম্পৰ্কে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে যে, ‘‘আমি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ নামত ক্ষত-বিক্ষত কৰিবলৈ নিদিওঁ ৷’’ ইয়াকে লৈ মৃত লোকজনৰ পৰিয়ালৰ লোকক আৰক্ষীয়ে বুজাবলৈ চেষ্টা কৰি থকা অৱস্থাতে এগৰাকী ব্যক্তিয়ে কান্ধত মৃতদেহটো লৈ শ্মশালৈ দৌৰ মাৰে(Man runaway with dead body) ৷

যাদালা মাল্লায়া নামৰ লোকজনৰ পৰিয়ালৰ লোকে দাবী কৰে যে, তেওঁৰ মৃত্যু হাৰ্ট এটেকৰ ফলত হৈছে আৰু এই মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকৰ কোনো সন্দেহ নাই ৷ অৱশ্যে আৰক্ষীয়ে, মৃতদেহটো সম্প্ৰতি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে(Dead body sent to the post mortem) ৷ এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে পোহৰলৈ আহিব ব্যক্তিজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৷

লগতে পঢ়ক: Shootout For 10 Rupees : সুৰাৰ বটলৰ দাম 10 টকা বেছিকৈ লোৱাৰ বাবেই গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.