ETV Bharat / bharat

হাৰিয়ানাৰ প্ৰতিবাদস্থলীত কৃষকৰ আত্মহত্যা(Suicide)

author img

By

Published : Jun 16, 2021, 1:53 PM IST

কৃষি আইন(FARM LAWS)ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ অৱশেষত আত্মহনন(Suicide)ৰ পথ বাচি ল'লে হাৰিয়ানাৰ এগৰাকী কৃষকে । হাৰিয়ানাৰ জিন্দ জিলাৰ প্ৰতিবাদস্থলীতে তেওঁ আত্মহত্যা কৰে । ভাৰতীয় কৃষক সংগঠনৰ জিন্দ জিলাৰ নেতা আজাদ সিঙে জনোৱা মতে, নিশা আত্মহত্যা কৰাৰ সময়ত ৫৫ বছৰীয়া কৃষকজন প্ৰতিবাদস্থলীত অকলে আছিল ।

A farmer committed suicide at protest site in haryana
হাৰিয়ানাৰ প্ৰতিবাদস্থলীত কৃষকৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, ১৬ জুন : কেন্দ্ৰীয় চৰকাৰে(Central Government) প্ৰণয়ন কৰা তিনিখন বিতৰ্কিত কৃষি আইন(FARM LAWS)ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । এনে সময়তে হাৰিয়ানাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । মঙলবাৰে নিশা হাৰিয়ানাৰ জিন্দ জিলাৰ প্ৰতিবাদস্থলীত এগৰাকী কৃষকে আত্মহত্যা(Suicide) কৰে ।

জিলে সিং নামৰ কৃষকগৰাকীয়ে কেইবামাহো ধৰি খাটকাৰ টোল প্লাজাৰ প্ৰতিবাদস্থলী(PROTEST SITE)ত থকা কৃষকসকলক খাদ্য যোগান ধৰাৰ কামৰে জড়িত হৈ আছিল । প্ৰতিবাদস্থলীত থকা কৃষকসকলে আৰক্ষীক জনোৱা মতে, তিনিটা সন্তানৰ পিতৃ সিঙে বিগত কেই দিনমান ধৰি প্ৰতিবাদৰ পৰিণতি কি হ'ব চিন্তা কৰি হতাশ হৈ পৰিছিল ।

অৱশেষত মঙলবাৰে নিশা তেওঁ জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে । কৃষকগৰাকীয়ে বিহপান কৰি আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে । ভাৰতীয় কৃষক সংগঠনৰ জিন্দ জিলাৰ নেতা আজাদ সিঙে জনোৱা মতে, নিশা আত্মহত্যা কৰাৰ সময়ত ৫৫ বছৰীয়া কৃষকজন প্ৰতিবাদস্থলীত অকলে আছিল ।

বুধবাৰে পুৱা যেতিয়া কৃষকসকল প্ৰতিবাদস্থলীত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে কৃষকগৰাকীক সংজ্ঞাহীন অৱস্থাত বিচনাত পৰি থকা প্ৰত্যক্ষ কৰিছিল । কাষতে এটা বিহৰ বটল উদ্ধাৰ কৰে কৃষকসকলে । এই ঘটনাৰ পিছতে প্ৰতিবাদস্থলীত শোকাকুল পৰিৱেশে বিৰাজ কৰে ।

লগতে পঢ়ক: টুইটাৰ(Twitter)লৈ সংসদীয় কমিটীৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.