ETV Bharat / bharat

Cyclone Jawad : বাতিল হ’ল 75 খনকৈ ৰে’লৰ যাত্ৰা

author img

By

Published : Dec 4, 2021, 4:52 PM IST

75 trains cancelled due to Cyclone Jawad
Cyclone Jawad : বাতিল হ’ল 75 খনকৈ ৰে’লৰ যাত্ৰা

জাৱাদ ঘূৰ্ণীবতাহ (Cyclone Jawad)ৰ বাবে বাতিল হ’ল 75 খন ৰে’লৰ চলাচল ৷ সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিয়েই যাত্ৰা বাতিল কৰা হৈছে ৰে’লসমূহৰ ৷

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : ঘূৰ্ণীবতাহ ‘Jawad’ৰ বাবে ভূমিস্খলনৰ আশংকা কৰি 75 খনকৈ ৰে’লৰ চলাচল বাতিল কৰিছে ভাৰতীয় ৰে’লৱেই ৷ বাতিল হোৱা ৰে’ল কেইখনৰ 35 খন 4 ডিচেম্বৰত বিশাখাপট্টনম (অন্ধ্ৰ প্ৰদেশ), হাওৰা (পশ্চিমবংগ), পুৰী (ওড়িশা)ৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া আছিল ৷

ইয়াৰ উপৰিও 5 আৰু 6 ডিচেম্বৰত যাত্ৰা কৰিবলগীয় 38 খন ৰে’লৰ যাত্ৰাও বাতিল কৰিলে ভাৰতীয় ৰে’লে ৷ সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিয়েই যাত্ৰা বাতিল কৰা হৈছে ৰে’লসমূহৰ ৷ আনহাতে, 3 ডিচেম্বৰ অৰ্থাৎ শুকুৰবাৰে নিউ তিনিচিকীয়াৰ পৰা যাত্ৰা কৰিবলগীয়া New Tinsukia-Bangalore Express (22502) খনেও পথ সলনি কৰি খৰগপুৰ-ঝাৰছুগুড়া-বাল্লাহৰ্ষ পথেৰে যাত্ৰা কৰিব ৷

ইষ্ট কোষ্ট ৰে’লৱেৰ বিভাগীয় ৰে’ল মেনেজাৰ এ কে চতপথি যি ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশৰ অধিকাংশ চোৱাচিতা কৰে তেওঁ কয় যে, "ইষ্ট কোষ্ট ৰেলৱেৰ ৱালটেয়াৰ ডিভিজনে ঘূৰ্ণীবতাহ জাৱাদৰ দ্বাৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু । আমি ৰাজ্য চৰকাৰ, এছডিআৰএফ, এনডিআৰএফ আৰু অন্যান্য সংস্থাৰ সৈতে যোগাযোগ কৰি আছো । আমাৰ কৰ্মচাৰীসকল সতৰ্ক আৰু সম্পূৰ্ণ প্ৰস্তুতিত আছে ৷"

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া বুলেটিন অনুসৰি 'Jawad' ক্ৰমান্বয়ে দুৰ্বল হৈ আগন্তুক 12 ঘন্টাৰ উত্তৰৰ দিশে গতি কৰাৰ সম্ভাৱনৈ আছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ জনাইছে যে পশ্চিম-মধ্য বংগোপসাগৰৰ ওপৰৰ 'Jawad' বিগত 6 ঘণ্টাত প্ৰতি ঘণ্টাত ৪ কিলোমিটাৰ বেগত অলপ উত্তৰদিশে আগবাঢ়িছে ৷

লগতে পঢ়ক : Cyclone Jawad : অন্ধ্ৰ-ওড়িশাৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.