ETV Bharat / bharat

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এমএমএছ কাণ্ডৰ ৩ অভিযুক্তক ৭ দিনৰ আৰক্ষীৰ জিম্মা

author img

By

Published : Sep 19, 2022, 5:40 PM IST

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এমএমএছ কাণ্ডৰ ৩ অভিযুক্তক ৭ দিনৰ আৰক্ষীৰ জিম্মা
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এমএমএছ কাণ্ডৰ ৩ অভিযুক্তক ৭ দিনৰ আৰক্ষীৰ জিম্মা

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এমএমএছ কাণ্ড (Chandigarh University MMS case) । আদালতত হাজিৰ তিনিও অভিযুক্তক (3 accused in Kharar court) । তিনিওজন অভিযুক্তকে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ।

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : সোমবাৰে খাৰাৰ আদালতত হাজিৰ কৰোৱা হয় চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এমএমএছ গোচৰৰ (Chandigarh University MMS case) তিনিও অভিযুক্তক (3 accused in Kharar court) । আদালতত ছানী, ৰাংকাজ আৰু অভিযুক্ত ছাত্ৰজনক হাজিৰ কৰোৱা হয় । তিনিওজন অভিযুক্তক কঠোৰ নিৰাপত্তা ব্যৱস্থাৰে খাৰা আদালতলৈ নিয়া হয় ।

এগৰাকী যুৱতীকে ধৰি তিনিজনকে চিমলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ বিৰুদ্ধে ধাৰা ৩৫৪চি আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । আনহাতে, এমএমএছ গোচৰৰ তিনিওজন অভিযুক্তকে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । ছানী, ৰংকাজ সিং আৰু অভিযুক্ত ছাত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হয় । উল্লেখ্য, বিগত দুদিন ধৰি এমএমএছ কাণ্ডই উত্তাল কৰি ৰাখিছে চণ্ডীগড় বিশ্ববিদ্যালয় ।

উক্ত এমএমএছ কেলেংকাৰীৰ লগত কানাডা সংযোগ থকা বুলিও চৰ্চিত হৈছে । অভিযুক্তক আদালতত হাজিৰৰ সময়ত আদালত চৌহদত ব্যাপক আৰক্ষী বাহিনী মোতায়েন কৰা হয় । উল্লেখ্য, চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোষ্টেলৰ বাথৰূমৰ ভিতৰৰ পৰা ভিডিঅ' বনোৱাৰ সময়ত এগৰাকী ছাত্ৰী হাতে-লোটে ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল (Chandigarh University viral video) ৷

ছাত্ৰীগৰাকীয়ে কেইবাদিনো ধৰি হোষ্টেলৰ বাথৰূমৰ ভিতৰত স্নান কৰি থকা সহপাঠীৰ ভিডিঅ' ৰেকৰ্ড কৰি চিমলাৰ এগৰাকী বন্ধুলৈ প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যমত পোষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে (Video viral on social media) ৷ এই ঘটনাৰ পিছতে হোষ্টেলৰ চৌহদত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় (Ruckus in Chandigarh university) ৷ ছাত্ৰীসকলে নিশাতেই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰায় ৷ আনকি বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰীয়ে আত্মহননৰ চেষ্টা চলোৱা বুলিও প্ৰচাৰ হয় (Student attempt to suicide) ৷

উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে বিশ্ববিদ্যালয়খনৰ শ শ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘটনা সন্দৰ্ভত এজাহাৰো দাখিল কৰা হয় ৷ উক্ত এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে অভিযুক্ত ছাত্ৰীগৰাকীক আটক কৰি (Chandigarh university student arrested) মোবাইল ফোন তথা ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰে ৷ তাৰ পিছতেই দেওবাৰে সন্ধিয়া চিমলা আৰক্ষীয়ে ধৃত ছাত্ৰীগৰাকীৰ প্ৰেমিকৰ সৈতে নিশাৰ ভিতৰতে এই ঘটনাৰ লগত জড়িত দুই অভিযুক্তক আটক কৰে ৷ অভিযুক্ত দুজনক ছানী মেহতা আৰু ৰংকাজ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পিছতে হিমাচল আৰক্ষীৰ জিম্মাৰ পৰা পঞ্জাব আৰক্ষীৰ দলে দুয়ো অভিযুক্তকে নিজৰ জিম্মাত লয় ৷

আনহাতে, চিমলা ৰাজ্যিক আৰক্ষীয়ে এই ক্ষেত্ৰত পঞ্জাব আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়াৰ লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ ইফালে চণ্ডীগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এক বিবৃতি জাৰি কৰি কয় যে ছাত্ৰীয়ে সহপাঠীৰ আপত্তিজনক ভিডিঅ' শ্বুটিং কৰাৰ কথা সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন ৷ বিবৃতিটোত উল্লেখ কৰা অনুসৰি, কোনো ছাত্ৰীৰ কোনোধৰণৰ আপত্তিজনক ভিডিঅ' পোৱা হোৱা নাই ৷ কেৱল ছাত্ৰীগৰাকীয়ে প্ৰেমিকৰ লগত শ্বেয়াৰ কৰা ব্যক্তিগত ভিডিঅ'ৰ বাহিৰে কোনোধৰণৰ ভিডিঅ’ পোৱা হোৱা নাই ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰ উৰাবাতৰি ওলাইছে বুলিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক :চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ দুই অভিযুক্তক আটক চিমলা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.