Life imprisonment : ১৪ বছৰীয়া গোচৰত ৭ গৰাকী দোষীক ত্ৰিপুৰা আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

author img

By

Published : Jan 20, 2022, 6:45 PM IST

7 convicts sentenced to life imprisonment
৭ গৰাকী দোষীক ত্ৰিপুৰা আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড ()

অৱশেষত ন্যায় পালে নিৰুবালা সৰকাৰৰ পৰিয়ালে । ১৪ বছৰ পূৰ্বে মৃত্যু হোৱা মহিলাগৰাকীৰ হত্যাকাৰীক আদালতৰ কঠোৰ শাস্তি । ৭ জনক যাৱজ্জীৱন কাৰাদণ্ড ত্ৰিপুৰা আদালতৰ (Tripura court sentenced life imprisonment to 7 convicts)। এতিয়াও পলাতক দুই মূল অভিযুক্ত ।

আগৰতলা,২০ জানুৱাৰী : পশ্চিম ত্ৰিপুৰাৰ এক স্থানীয় আদালতে বুধবাৰে ১৪ বছৰ পুৰণি গোচৰত সাতজন দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহে । এগৰাকী ৮০ বছৰীয়া মহিলাক হত্যাৰ গোচৰৰ অভিযুক্ত আছিল আটাইকেইজন । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অধিবক্তা পুলক কৰ দেৱনাথে কয় যে অতিৰিক্ত জিলা ন্যায়াধীশ গোবিন্দা দাসে সাতজন দোষীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছে (Tripura court sentenced life imprisonment to 7 convicts)।

তেওঁ কোৱা মতে ২০০৮ চনৰ ১১ নৱেম্বৰত আগৰতলা চহৰৰ সমীপৰ বৰজালাৰ কল্যাণপুৰ পাৰাত সংঘটিত এটা হত্যাৰ গোচৰত তেওঁলোক দোষী সাব্যস্ত হৈছে । তেওঁ উল্লেখ কৰা মতে লাল মোহন সৰকাৰ নামৰ এজন লোকে পথাৰত তেওঁৰ গৰুৰ বাবে ঘাঁহ কাটি আছিল আৰু সেই সময়ছোৱাত সুজিত মালাকাৰ নামৰ লোকজনে সৰকাৰক বাধা দিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পাছতে দুয়োপক্ষৰ মাজত বিবাদ আৰম্ভ হৈছিল । আনকি সুজিত মালাকাৰে ৮ ৰ পৰা ১০ জন লোকৰ সৈতে লালমোহন সৰকাৰক আক্ৰমণ কৰিছিল ।

আক্ৰমণৰ সময়ত লালমোহন সৰকাৰৰ পত্নী নিৰুবালা সৰকাৰ আৰু তেওঁৰ পুত্ৰও ঘৰত উপস্থিত আছিল । তেওঁলোকক লাঠী, ৰড আৰু অন্যান্য চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল । আক্ৰমণকাৰীসকলে নিৰুবল সৰকাৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হৈছিল মহিলাগৰাকী । আহত নিৰুবল সৰকাৰক জিবি পন্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত তেওঁৰ মৃত্যু হয় ।

অধিবক্তাগৰাকীয়ে জনোৱা মতে ঘটনাত লালমোহন সৰকাৰ আৰু চুবুৰীয়া মনোৰঞ্জন সৰকাৰও আক্ৰমণৰ বলী হৈছিল । ঘটনাৰ পাছতে লালমোহনৰ পুত্ৰ অজিত সৰকাৰে ৰামনগৰ আউটপ'ষ্টত গোচৰ ৰুজু কৰিছিল । সেই সময়ছোৱাত তেতিয়াৰ আৰক্ষী উপ-পৰিদৰ্শকে গোচৰটোৰ তদন্ত কৰিছিল আৰু ২০০৯ চনত অভিযোগনামা দাখিল কৰিছিল ।

১৬ গৰাকী সাক্ষীৰ ভাষ্য লিপিবদ্ধ কৰা হৈছিল আৰু অৱশেষত উত্তম সৰকাৰ, উজ্জল দেৱ, পংকজ সূত্ৰধাৰ, লিটান নাগ, অমিত দেৱ, ৰাজেন দেৱ, অজিত সৰকাৰক দোষী সাব্যস্ত কৰে আদালতে আৰু যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে । আনহাতে ঘটনাৰ মূল অভিযুক্ত সুজিত মালাকাৰ আৰু গোপাল পাল এতিয়াও পলাতক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Tripura police awareness program : ত্ৰিপুৰা আৰক্ষীৰ উদ্যোগত তৃতীয় লিংগ সম্পৰ্কীয় সজাগতা সভা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.