ETV Bharat / bharat

Manipur Violence : বৰ্তমানলৈকে মণিপুৰত ৬০ জনৰ মৃত্যু, ২০০ৰো অধিক লোক আহত

author img

By

Published : May 9, 2023, 11:09 AM IST

Updated : May 9, 2023, 11:28 AM IST

মণিপুৰৰ পৰিস্থিতি কিছু শান্ত হৈছে । মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনোৱা মতে ৰাজ্যখনত হিংসাত্মক ঘটনাত ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে (60 death in Manipur violence)। প্ৰায় ২৩১ গৰাকী লোক আহত হৈছে । ৩৫,৬৫৫ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ । মৃতকৰ পৰিয়াল লৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ ।

Manipur Violence
মণিপুৰত এতিয়ালৈ ৬০ জনৰ মৃত্যু

তেজপুৰ, ৯ মে' : মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সম্পৰ্কে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ উদ্বেগ প্ৰকাশ (Manipur CM reacts over violence)। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰা মতে, ৩ মে' পৰা সংঘটিত হিংসাত্মক ঘটনাত ৰাজ্যখনত মহিলাসহ প্ৰায় ৬০ গৰাকী লোকৰ মৃত্যু হৈছে । আহাতে ২৩১ গৰাকী লোক আহত হোৱাৰ লগতে ১,৭০০ টা বাসগৃহ জ্বলাই দিয়া হৈছে (1700 house burnt in Manipur violence)।

আনকি এই হিংসাত জড়িত বা হিংসাত উচটনি দিয়া ব্যক্তি আৰু চৰকাৰী কৰ্মচাৰী আৰু দায়িত্ব পালনত গাফিলতি কৰা লোক বাবে গোটবোৰৰ দায়বদ্ধতা নিৰ্ধাৰণ কৰিবলৈ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ'ব (High level inquiry on Manipur violence)। সিঙে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈকে হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত ৩৫,৬৫৫ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে (Stranded in Manipur)। য'ত ১,৫৯৩ গৰাকী শিক্ষাৰ্থীও আছে ।

টেংনুপাল, চুৰাচান্দপুৰ, কাংপোকপল, উখৰুল, পশ্চিম ইম্ফল, পূৱ ইম্ফল আদি জিলাত আৱদ্ধ হৈ থকা লোকসকলক নিজ নিজ ঘৰলৈ স্থানান্তৰৰ বাবে বিশেষ পৰিবহণৰ ব্যৱস্থা কৰা হৈছে । ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্ৰীক এই বিষয়টো পৰ্যালোচনাৰ বাবে নিৰ্দেশ দিয়া হৈছে । প্ৰায় ১০,০০০ লোক আৱদ্ধ হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনাটোৰ প্ৰথম দিনৰ পৰাই সোমবাৰলৈকে পৰিস্থিতি নিৰীক্ষণ কৰি আহিছে ।

গৃহমন্ত্ৰীয়ে হিংসাৰ মোকাবিলা কৰিবলৈ সেনা আৰু অসম ৰাইফলছৰ ১০৫ টা বাহিনীক সহায় কৰিবলৈ কেন্দ্ৰীয় বাহিনীৰ ৫০ টা কোম্পানীক প্ৰেৰণ কৰিছে । তেওঁ লগতে কয় যে দুৰ্বৃত্ত আৰু আন্দোলনকাৰীসকলে নিৰাপত্তা বাহিনীৰ পৰা ১,০৪১ টা অস্ত্ৰ আৰু ৭,৪৬০ টা গোলাবাৰুদ কাঢ়ি লৈ গৈছিল (Weapon snatched in Manipur)। অৱশ্যে এতিয়ালৈকে ২১৪ টা অস্ত্ৰ আৰু ৪,২৭৩ টা গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে মৃতকৰ নিকটাত্মীয়লৈ ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক দুই লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকসকলক ২৫,০০০ টকা আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে । ইয়াৰ উপৰিও ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনাইছে ।

মুখ্যমন্ত্ৰী সিঙৰ মতে, মণিপুৰৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা সকলোলোককে সুৰক্ষিত স্থান আৰু আশ্ৰয় শিবিৰত সৰ্বশ্ৰেষ্ঠ সম্ভৱ যত্ন আৰু সমৰ্থন প্ৰদান কৰা হৈছে । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে সন্ধিয়া এখন সৰ্বদলীয় বৈঠকো অনুষ্ঠিত কৰিছিল ।

লগতে পঢ়ক : Manipur crisis : মণিপুৰ হিংসা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Last Updated : May 9, 2023, 11:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.