ETV Bharat / bharat

বিগত ৫ বছৰত নৰ্দমা পৰিষ্কাৰ কৰোঁতে ৪৪৩ জন শ্ৰমিকৰ মৃত্যু হৈছে

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 9:15 PM IST

নিটি আয়োগৰ নিৰ্দেশনা অনুসৰি ২০১৮ চনত আৰম্ভ কৰা ৰাষ্ট্ৰীয় জৰীপৰ অনুসৰি মেনুৱেল স্কেভেঞ্জাৰৰ ৪৪,২১৭ গৰাকী কৰ্মী আছে বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে লোকসভাত চৰকাৰে প্ৰকাশ কৰা অনুসৰি বিগত পাঁচ বছৰত নলা পৰিষ্কাৰ কৰি থকা অৱস্থাত মুঠ ৪৪৩ জন শ্ৰমিকৰ মৃত্যু হৈছে।

443 people died while cleaning sewers in last 5 years
বিগত ৫ বছৰত নৰ্দমা পৰিষ্কাৰ কৰোঁতে ৪৪৩ জন শ্ৰমিকৰ মৃত্যু হৈছে

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : যোৱা ৫ বছৰত (২০১৮-২০২৩) দেশত নলা পৰিষ্কাৰ কৰি থকা অৱস্থাত কমেও ৪৪৩ জন লোকৰ মৃত্যু হোৱাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ মঙলবাৰে লোকসভাত চৰকাৰে এই তথ্য প্ৰকাশ কৰে।

নিটি আয়োগৰ নিৰ্দেশমৰ্মে ২০১৮ চনত আৰম্ভ কৰা ৰাষ্ট্ৰীয় জৰীপত ৪৪,২১৭ তকৈ অধিক মেনুৱেল স্কেভেঞ্জাৰৰ কৰ্মী আছে বুলি চিনাক্ত কৰা হৈছে । লোকসভাত টিএমচিৰ সাংসদ অপৰূপা পোদ্দাৰৰ এক প্ৰশ্নৰ উত্তৰত সামাজিক ন্যায় আৰু সৱলীকৰণৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালে লোকসভাক অৱগত কৰে যে, ২০১৮ চনত ৰাষ্ট্ৰীয় জৰীপৰ অধীনত মুঠ ৪৪, ২১৭ টা মেনুৱেল স্কেভেঞ্জাৰ তথা চাফাই কৰ্মী বুলি চিনাক্ত কৰা হৈছে ৷

ইয়াৰে মহাৰাষ্ট্ৰত ৬,৩২৫, উত্তৰাখণ্ডত ৪,৮৫৪, অসমত ৩,৭৭১, ৰাজস্থানত ২,৩৪০ আৰু কৰ্ণাটকত ২,২৩৮ কৰ্মী আছে বুলি জানিব পৰা গৈছে । ২০১৮-২০২৩ চনৰ ভিতৰত মুঠ ৪৪৩ জন কৰ্মীৰ মৃত্যু হৈছে ৷ ২০১৮ চনত ৭৬ জন, ২০১৯ চনত ১৩৩ জন, ২০২০ চনত ৩৫ জন, ২০২১ চনত ৬৬ জন, ২০২২ চনত ৮৪ জন আৰু ২০২৩ চনত ৪৯ জন (২০ নৱেম্বৰ ২০২৩ তাৰিখলৈকে) লোকৰ মৃত্যু হৈছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পিইএমএছআৰ আইন, ২০১৩ ৰ অধীনত মেনুৱেল স্কেভেঞ্জাৰ নিযুক্তি প্ৰতিৰোধ আৰু তেওঁলোকৰ পুনৰ্সংস্থাপন নিষিদ্ধ বুলি মন্ত্ৰণালয়ে সদনক জনাইছিল ৷ লক্ষণীয় যে, বৰ্তমান দেশত মেনুৱেল স্কেভেঞ্জিঙত তথা চাফাই কৰ্মত নিয়োজিত শ্ৰমিকসকলৰ কোনো আনুষ্ঠানিক প্ৰতিবেদন দাখিল কৰা হোৱা নাই ৷ এই আইনখনে যিকোনো ব্যক্তিক হাতেৰে পৰিষ্কাৰ কৰা, নিষ্কাশন কৰা কৰ্মত নিয়োগ কৰিবলৈ নিষিদ্ধ কৰে ৷

লগতে পঢ়ক: তুষাৰপাতৰ বাবে স্তব্ধ হৈ পৰিল কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.