ETV Bharat / bharat

Tanker Explosion in Mizoram : পেট্ৰোল টেংকাৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৪, আহত ১৮

author img

By

Published : Oct 30, 2022, 6:03 PM IST

উক্ত দুৰ্ঘটনাত অতিকমেও চাৰিজন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে (4 died in oil tanker explosion in Mizoram) । আনহাতে, অন্য ১৮ জন লোক অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে ।

accident
accident

আগৰতলা, ৩০ অক্টোবৰ : মিজোৰামত ভয়ংকৰ দুৰ্ঘটনা (Tragic accident in Mizoram) । মিজোৰামৰ আইজলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা (Oil tanker exploded in Aizawl Mizoram) । উক্ত দুৰ্ঘটনাত চাৰিগৰাকী লোকে অকাল মৃত্যুক সাৱটিবলগা হয় । উল্লেখ্য, এখন পেট্ৰোল টেংকাৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত টেংকাৰখনত বিস্ফোৰণ হয় ।

উক্ত দুৰ্ঘটনাত অতিকমেও চাৰিজন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে (4 died in oil tanker explosion in Mizoram) । আনহাতে, অন্য ১৮ জন লোক অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে । ঘটনাটো শনিবাৰে সন্ধিয়া মিজোৰামৰ আইজল জিলাত সংঘটিত হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত টুইৰিয়াল গাঁৱত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত পেট্ৰোল টেংকাৰখন চম্ফাই জিলালৈ গৈ থকাৰ সময়ত উক্ত মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত স্থানীয় লোকে টেংকাৰখনৰ পৰা নিৰ্গত পেট্ৰোল সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে । ঠিক তেনে সময়তে কিবা কাৰণত হঠাতে টেংকাৰখনত অগ্নিকাণ্ড সংঘটিত হয় । তাৰ পিছত টেংকাৰখনত বিস্ফোৰণ ঘটে ।

টেংকাৰখনত সংঘটিত অগ্নিকাণ্ডৰ পিছত জুইৰ গ্ৰাসলৈ আহে টেংকাৰখনৰ পৰা পেট্ৰোল সংগ্ৰহ কৰি থকা লোকসকল । তাৰ পিছতে অগ্নিদগ্ধ হৈ চাৰিজন লোক জ্বলি যায় আৰু মৰ্মান্তিকভাৱে মৃত্যুমুখত পৰে । আনহাতে, জুইৰ কৰাল গ্ৰাসলৈ অহা আন ১৮ জন লোক বেয়াকৈ অগ্নিদগ্ধ হয় । অগ্নিদগ্ধ লোকসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । সূত্ৰ মতে, অগ্নিদগ্ধ উক্ত ১৮ জন ব্যক্তিৰ ভিতৰত পাঁচজনৰ অৱস্থা সংকটজনক ।

লগতে পঢ়ক :Bharat Jodo Yatra in Assam : ৮৩৪ কিলোমিটাৰ বাট সামৰি অসমত ১ নৱেম্বৰৰ পৰা ভাৰত জোড়ো যাত্রা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.