ETV Bharat / bharat

নাৰদা গোচৰত অভিযুক্ত চাৰি নেতাক গৃহবন্দী কৰাৰ নিৰ্দেশ

author img

By

Published : May 21, 2021, 2:05 PM IST

নাৰদা ষ্টিং টেপ গোচৰত অভিযুক্ত চাৰি নেতাক গৃহবন্দী ৷ শুকুৰবাৰে কলকাতা উচ্চ ন্যায়ালয়ে নাৰদা গোচৰত বন্দী নেতা চাৰি গৰাকীক গৃহবন্দী কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

Calcutta HC orders house arrest of four leaders held in Narada case
নাৰদা গোচৰত অভিযুক্ত চাৰি নেতাক গৃহবন্দী কৰাৰ নিৰ্দেশ

নেচনেল ডেস্ক, 21 মে': কলকাতাৰ ৰাজনীতি তোলপাৰ লগোৱা নাৰদা গোচৰত বন্দী চাৰিগৰাকী নেতাক কলকাতা উচ্চ ন্যায়ালয়ে গৃহবন্দী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ শুকুৰবাৰে কলকাতা উচ্চ ন্যায়ালয়ে চলিত মাহৰ আৰম্ভণীতে নাৰদা ষ্টিং টেপছ গোচৰত অভিযুক্ত দুগৰাকী মন্ত্ৰীকে ধৰি দুগৰাকী ৰাজনৈতিক নেতাক গৃহবন্দী কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

কাৰ্যকৰী মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দালৰ অধ্যক্ষতাত খণ্ড বিচাৰপীঠৰ ন্যায়াধীশসকলে মন্ত্ৰী সুব্ৰত মুখাৰ্জী আৰু ফিৰহাদ হাকিম, তৃণমূল কংগ্ৰেছৰ বিধায়ক মদন মিত্ৰ আৰু কলকাতাৰ প্ৰাক্তন মেয়ৰ শুভন চেটাৰ্জীক চিবিআইৰ এখন বিশেষ আদালতে জামিনত দিয়া স্থগিতাদেশ খালী কৰাক লৈ মতভেদ ব্যক্ত কৰে ৷

ন্যায়াধীশ অৰিজিত বেনাৰ্জীক লৈ গঠিত বিচাৰপীঠে নেতা কেইগৰাকীক ন্যায়িক ৰিমাণ্ডৰ অধীনত ৰাখি গৃহবন্দী কৰাৰ নিৰ্দেশ দিয়ে ৷ কাৰ্যকৰী মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দাল আৰু ন্যায়াধীশ অৰিজিত বেনাৰ্জীৰ মাজৰ মতভেদৰ বাবে বিষয়টো বেলেগ বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰো এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

অৱশ্যে, আদালতৰ গৃহবন্দী আদেশৰ ওপৰত অধিক তৰ্কৰ বাবে দুয়োপক্ষই জনোৱা আবেদনক লৈ গোচৰটোৰ শুনানি প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে ৷ চিবিআইক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদেশটো কাৰ্যকৰী কৰাৰ ওপৰত স্থগিতাদেশ দিয়াৰ বাবে অনুৰোধ জনাইছে ৷

উল্লেখ্য যে, নাৰদা ষ্টিং টেপ গোচৰৰ তদন্তৰ সন্দৰ্ভত সোমবাৰে ৰাতিপুৱা চিবিআইয়ে নেতা চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল ৷ উচ্চ ন্যায়ালয়ে সোমবাৰে নিশা নেতা চাৰিজনক জামিন দিয়াৰ বাবে নিম্ন আদালতৰ সিদ্ধান্ত স্থগিত ৰাখিছিল ৷

লগতে পঢ়ক: নাৰদা কেলেংকাৰীৰ ইতিবৃত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.