ETV Bharat / bharat

IED blast in Jharkhand: ঝাৰখণ্ডত 24 ঘণ্টাৰ ভিতৰত দুটাকৈ আই ই ডি বিস্ফোৰণ, নজন জোৱান আহত

author img

By

Published : Jan 13, 2023, 9:42 AM IST

ঝাৰখণ্ডৰ চাইবাছাত 24 ঘণ্টাৰ ভিতৰত দুটাকৈ আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ( IED blast in 24 hrs) ৷ এই দুই ধাৰাবাহিক আই ই ডি বিস্ফোৰণৰ ঘটনাত 9 জনকৈ জোৱান আহত হৈছে ৷

3 CRPF jawans injured in IED blast in Chaibasa, second such explosion in 24 hrs
24 ঘণ্টাত দুটাকৈ আই ই ডি বস্ফোৰণ

নেশ্যনেল ডেস্ক, 13 জানুৱাৰী: ঝাৰখণ্ডৰ চাইবাছাত যোৱা 24 ঘণ্টাৰ ভিতৰত ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে (Jharkhand IED blast ) ৷ বুধবাৰে সংঘটিত আই ই ডি বিস্ফোৰণৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাঁওতেই 24 ঘণ্টাৰ ভিতৰতে অন্যা এটা আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (IED blasts in Chaibasa )৷ এই বিস্ফোৰণত 3 জন জোৱান আহত হয়(3 CRPF jawans injured in IED blast)৷ আহত জোৱানকেইজন অৰ্ধসামৰিক বাহিনীৰ কোব্ৰা বেটেলিয়ানৰ জোৱান বুলি জানিব পৰা গৈছে ৷

জোৱানকেইজন ক্ৰমে অমৰেশ সিং, সৌৰভ কুমাৰ আৰু সন্তোষ সিং বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে এজন জোৱানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আইইডিটো বিস্ফোৰণ হোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত কুটাঘাটকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ আঘাতপ্ৰাপ্ত জোৱান তিনিওজনক প্ৰথমে ৰাঞ্চীলৈ নিয়া হৈছিল যদিও তাৰ পৰা তাৎক্ষণিকভাৱে আটাইকে মেডিকা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

তাৎপৰ্যপূৰ্ণভাৱে বুধবাৰে চিআৰপিএফৰ এটা অভিযানকাৰী দলে চাইবাছা অঞ্চলত গোপন সূত্ৰৰ পম খেদি নক্সালবাদীৰ অৱস্থানৰ কথা গম পাই চলাইছিল অভিযান ৷ কোবৰা 209 বেটেলিয়ানৰ এটা গোটে জিলা আৰক্ষীৰ লগত যৌথভাৱে চলাইছিল এই অভিযান ৷ এই অভিযানৰ সময়তে নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত প্ৰথমে গুলীচালনা কৰে ৷ ইয়াৰ পিছতে সেই ঠাইত এটা আইইডি বোমা বিস্ফোৰণ হয় ৷ প্ৰত্যুত্তৰত সেনাবাহিনীয়েও নক্সালবাদীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ এই প্ৰচণ্ড গুলীবৰ্ষণৰ মাজতে নক্সালবাদীৰ দলটো অৰণ্যৰ মাজলৈ পলাই যাবলৈ চেষ্টা কৰে ৷ নিৰাপত্তাৰক্ষীয়ে নক্সালবাদী দলটোক খেদি আগুৱাই যোৱাৰ সময়তে অৰণ্যত ৰখা আইইডিটো বিস্ফোৰণ হয় ৷

এই বিস্ফোৰণত ছয়জন সেনা জোৱান আঘাতপ্ৰাপ্ত হৈছিল (6 CRPF jawans injured in IED blast)৷ লগে লগে আহত জোৱানকেইজনক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰা হয় ৷

ইফালে কম সময়ৰ ভিতৰতে দুটাকৈ আই ই ডি বিস্ফোৰণৰ এই ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ দুয়োটা ঘটনাই নক্সালবাদীয়ে সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে (IEDs were planted by Naxalites)৷ ইতিমধ্যে নক্সালবাদীৰ সন্ধানত টোণ্টো গাঁৱৰ ওচৰৰ ঘন অৰণ্যত এটা বৃহৎ অভিযান অব্যাহত আছে ৷ ইফালে চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, আহত সৈন্যকেইজনৰ প্ৰায়সংখ্যকৰে শৰীৰৰত স্পিল্টাৰৰ আঘাত পৰিলক্ষিত কৰা হৈছিল ৷

আনহাতে নক্সালবাদী কামাণ্ডাৰ মিছিৰ বেছৰাৰ সন্ধানত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলাই আছে ৷ নক্সালবাদী কামাণ্ডাৰটোৰ বিপৰীতে 1 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল সেনাবাহিনীয়ে ৷

লগতে পঢ়ক: Cop brings sons body to office: মৃত সন্তানক লৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কনিষ্টবল পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.