ETV Bharat / bharat

দিল্লীত মটৰ চাইকেল চুৰি চক্ৰ উৎখাত: গ্ৰেপ্তাৰ 3

author img

By

Published : Feb 11, 2021, 8:59 PM IST

দিল্লীত মটৰ চাইকেল চুৰি চক্ৰৰে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ ৷ লোক কেইজনৰ পৰা উদ্ধাৰ এখন বুলেট ৷ 7 ফেব্ৰুৱাৰীত বুলেট চুৰি হোৱাৰ অভিযোগ দাখিল কৰিছিল এজন লোকে ৷

3-accused-arrested-in-bullet-theft-case
দিল্লীত মটৰ চাইকেল চুৰি চক্ৰ উৎখাত: গ্ৰেপ্তাৰ 3

নিউজ ডেস্ক, 11 ফেব্ৰুৱাৰী : ৰাজধানী দিল্লীৰ দক্ষিণ জিলাৰ আৰক্ষীৰ এন্টি স্নেচিং দলে মটৰ চাইকেল চুৰি চক্ৰৰে জড়িত তিনিজন লোকক পৃথক পৃথক স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷ লগতে অভিযুক্ত কেইজনৰ কৱলৰ পৰা অভিযানকাৰী দলটোৱে এখন বুলেটো উদ্ধাৰ কৰিছে ৷

দক্ষিণ দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া অতুল কুমাৰ ঠাকুৰে জনোৱা অনুসৰি, এজন লোকে 7 ফেব্ৰুৱাৰীত তেওঁৰ বুলেটখন চুৰি হোৱা বুলি মহৰোলী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল ৷ যাৰ পাছতে এন্টি স্নেচিং দলে অভিযান আৰম্ভ কৰি নিতীন নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ যাৰ পাছতে গ্ৰেপ্তাৰ হোৱা নিতীনৰ স্বীকাৰোক্তিৰ ভিত্তিত আন দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা বুলেটখনো উদ্ধাৰ কৰে ৷ বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজনক সোধপোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: এম্বুলেঞ্চৰ চালকৰ আসনত বিধায়িকা নন্দিতা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.