ETV Bharat / bharat

Chhattisgarh IED Blast : বিজাপুৰত আইইডি বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান

author img

By

Published : Jun 5, 2023, 1:43 PM IST

ছত্তীশগড়ত পুনৰ নক্সালবাদীৰ আক্ৰমণ । এইবাৰ বিজাপুৰ জিলাত আইইডি বিস্ফোৰণ (Chhattisgarh IED Blast) । এই আইইডি বিস্ফোৰণত আহত হৈছে দুজন চিআৰপিএফ জোৱান ।

Chhattisgarh IED Blast
Chhattisgarh IED Blast

নিউজ ডেস্ক, ৫ জুন : সততে নক্সালবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ অহা ছত্তীশগড়ত পুনৰবাৰ ৰক্তক্ষয়ী আক্ৰমণ (maoist ied blast in chhattisgarh) । নক্সালবাদী অধ্যুষিত ৰাজ্যখনৰ বিজাপুৰ জিলাত এইবাৰ সংঘটিত কৰিছে আইইডি বিস্ফোৰণ (Chhattisgarh IED Blast) । নক্সাল উগ্ৰপন্থীয়ে স্থাপন কৰা আইইডি বিস্ফোৰণত চিআৰপিএফৰ ৮৫ নং বেটেলিয়নৰ দুজন জোৱান আহত হৈছে । প্ৰাথমিক চিকিৎসাৰ পিছত জোৱানসকলক ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে (2 crpf jawan injured in bijapur ied blast) । আহত দুয়োজন জোৱানকে প্ৰথমতে বিজাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকক ৰায়পুৰলৈ প্ৰেৰণ কৰা হয় । বিজাপুৰৰ এছ পি অঞ্জনেয়া বৰ্ষনেয়ে এই তথ্য প্ৰদান কৰিছে । ঘটনাটো সংঘটিত হৈছে গংগালুৰ আৰক্ষী থানা অধীনৰ অঞ্চলত ।

ঘটনাটো গংগালুৰ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত টেকামেটা পাহাৰৰ ওচৰত সোমবাৰে পুৱা ১০.৩০ বজাত সংঘটিত হয় । চিআৰপিএফৰ ৮৫ নং বেটেলিয়নৰ এটা দল পুছনৰ শিবিৰৰ পৰা তালাচী অভিযানত ওলাই যোৱাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয় । বিজাপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি, দলটোৱে অঞ্চলটো ঘেৰাও কৰি থকাৰ সময়তে এটা চাপযুক্ত আইইডি বিস্ফোৰণ হয় (pressure ied blast in bijapur chhattisgarh) । যাৰ ফলত চিআৰপিএফৰ দুজন জোৱান আহত হয় ।

উল্লেখ্য যে ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীসকলে নিৰন্তৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে । ইয়াৰ পূৰ্বে যোৱা ২৪ মে'ত নক্সালবাদীসকলে আভাপল্লী বাচাগুড়া পথত ৫০ কিলোগ্ৰাম বিস্ফোৰকসহ দুটা আইইডি স্থাপন কৰিছিল । কিন্তু নিৰাপত্তা বাহিনীৰ সক্ৰিয়তা আৰু সাৱধানতাৰ বাবে আইইডি আৰু বিস্ফোৰকখিনি উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰে ।

আনহাতে, যোৱা ৬ মে'ত চুকমাত সেনাবাহিনীয়ে দুটা আইইডি উদ্ধাৰ কৰে । পিছত বোমা নিষ্কাশনকাৰী দলে উক্ত আইইডি ঘটনাস্থলীতে নিষ্ক্ৰিয় কৰে । একেদৰে ২৮ এপ্ৰিলতো বিজাপুৰত নক্সালবাদীৰ কূটাঘাতৰ এক ষড়যন্ত্ৰ বিফল হয় । উক্ত ঘটনাত নিৰাপত্তাৰক্ষীয়ে তিনি কিলোগ্ৰাম ওজনৰ আইইডি উদ্ধাৰ কৰে । ইফালে ২১ এপ্ৰিলত নক্সালবাদীসকলে নাৰায়ণপুৰত ৫ কিলোগ্ৰাম প্ৰেছাৰ আইইডি স্থাপন কৰিছিল । পিছত সুৰক্ষা বাহিনীয়ে সেয়া ধ্বংস কৰে ।

লগতে পঢ়ক :Kuki militant camp burnt : মণিপুৰত ৰাইজে জ্বলালে কুকি সংগঠনৰ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.