ETV Bharat / bharat

Indo China Armies Talks : আজি চীন আৰু ভাৰতৰ সেনাবাহিনীৰ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ 19 সংখ্যক বৈঠক

author img

By

Published : Aug 14, 2023, 2:25 PM IST

Indo China  Armies Talks
Indo China Armies Talks

২০২০ চনৰ গালৱান সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল । কূটনৈতিক আৰু সামৰিক আলোচনাৰ জৰিয়তে উত্তেজনা হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছিল । এই সন্দৰ্ভত দুয়োখন দেশৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ কাৰ্যসূচী সোমবাৰে চুছুলত আছে ।

নিউজ ডেস্ক, ১৪ আগষ্ট : পূব লাডাখত চলি থকা অচলাৱস্থা সমাধানৰ বাবে ভাৰত আৰু চীনৰ মাজত চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে সোমবাৰে চুছুলত ১৯ সংখ্যক কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, জি-২০ সন্মিলনৰ কেইদিনমান পূৰ্বে এই আলোচনা অনুষ্ঠিত হ'ব । চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে বুলি আলোচনা হৈছে ।

তথ্য অনুসৰি, কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাত বহুতো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে । লগতে এইটোও কোৱা হৈছে যে, দুয়োখন দেশৰ কমাণ্ডাৰসকলে ২০২০ চনৰ এপ্ৰিলৰ স্থিতি পুনৰ প্ৰতিষ্ঠাৰ সন্দৰ্ভত আলোচনাৰ জৰিয়তে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব । আলোচনাৰ বাবে ভাৰতৰ পক্ষৰ নেতৃত্ব দিব লেহ-ভিত্তিক ১৪ কৰ্পছ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰশ্মি বালিয়ে ।

  • 19th round of Corps Commander level talks between Armies of India and China scheduled to start at 9:30 AM at Chushul border meeting point in Eastern Ladakh today, 14th August.

    — ANI (@ANI) August 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পূৰ্বে ২৩ এপ্ৰিলত কৰ্পছ কমাণ্ডাৰ আলোচনাৰ ১৮ সংখ্যত পৰ্যায় অনুষ্ঠিত হৈছিল । উল্লেখ্য যে ২০২০ চনত কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ পিছত দুয়োপক্ষৰ মাজত বহু ঠাইক লৈ সহমত স্থাপন হৈছিল, তাৰ পিছত দুয়োপক্ষৰ সৈন্যবাহিনী প্ৰত্যাহাৰ কৰিছিল । আনহাতে, ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে কেইবাবাৰো এলএচিৰ পৰিস্থিতি সুস্থিৰ কিন্তু অপ্ৰত্যাশিত বুলি বৰ্ণনা কৰিছিল ।

উল্লেখ্য যে অহা মাহৰ ৯ আৰু ১০ তাৰিখে নতুন দিল্লীত জি-২০ সন্মিলন অনুষ্ঠিত হ'ব । চলিত মাহত ২২ তাৰিখৰ পৰা ২৪ তাৰিখলৈ জোহান্সবাৰ্গত ব্ৰিকছ সন্মিলন অনুষ্ঠিত হ'ব, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । অৱশ্যে বৰ্তমান এই কথা নিশ্চিত কৰা হোৱা নাই । যোৱা মাহত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে জোহান্সবাৰ্গত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু জাকাৰ্টাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হৈছিল ।

লগতে পঢ়ক :Independence Day celebrations: লালকিল্লাৰ অনুষ্ঠানলৈ দেশৰ ১৮০০ গৰাকী লোকক বিশেষ অতিথিৰূপে আমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.