ETV Bharat / bharat

কুঁৱলীৰ কাৰণে ১৮ খন ৰে'লৰ যাত্ৰা ব্যাহত; বিমান যাত্ৰাতো বিলম্ব

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:11 PM IST

কুঁৱলীৰ কাৰণে ১৮ খন ৰে'লৰ যাত্ৰা ব্যাহত
কুঁৱলীৰ কাৰণে ১৮ খন ৰে'লৰ যাত্ৰা ব্যাহত

18 Trains late due to fog : ঘন কুঁৱলীৰ বাবে কমেও 18 খন দিল্লী অভিমুখী ৰে'ল কেইবা ঘণ্টা পলমকৈ চলি আছে । ইয়াৰ উপৰি বিমান পৰিচালনাও প্ৰভাৱিত হৈছে ।

নিউজ ডেস্ক, ১৮ জানুৱাৰী : ঘন কুঁৱলীৰ বাবে বৃহস্পতিবাৰে 18 খন ৰে'লৰ যাত্ৰা প্ৰভাৱিত হৈছে । বিভিন্ন ৰাজ্যৰ পৰা দিল্লীমুখী কমেও ১৮ খন ৰে'ল একৰ পৰা ছয় ঘণ্টা পলমকৈ চলি আছে । এই ৰে'লবোৰ সময়মতে দিল্লীত উপস্থিত নোহোৱাৰ বাবে এফালে যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে, আনফালে তেওঁলোকৰ উভতনি যাত্ৰাও প্ৰভাৱিত হৈছে ।

উত্তৰ ৰে'লৱেই প্ৰকাশ কৰা তথ্য অনুসৰি, কুঁৱলীৰ বাবে ৰাজধানী এক্সপ্ৰেছো পলমকৈ চলি আছে । প্ৰভাৱিত ৰে'লসমূহৰ ভিতৰত আছে জম্মু-তাৱী-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ১ ঘণ্টা ৪৫ মিনিট, বেংগালুৰু-নিজামুদ্দিন ৰাজধানী এক্সপ্ৰেছ ১ ঘণ্টা ১০ মিনিট, ভুৱনেশ্বৰ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৩ ঘণ্টা ৪৫ মিনিট, জম্মু-তাৱী-দিল্লী শৰায়-ৰোহিল্লা দূৰন্ত এক্সপ্ৰেছ ২ ঘণ্টা ৩০ মিনিট, ভুৱনেশ্বৰ-নতুন দিল্লী দুৰন্ত ৪ ঘণ্টা ৩০ মিনিট আৰু নিজামুদ্দিন পুৰুষোত্তম এক্সপ্ৰেছ ৬ ঘণ্টা পলমকৈ চলি আছে ।

ইয়াৰ উপৰি ৰেৱা-আনন্দ বিহাৰ এক্সপ্ৰেছ ৪ ঘণ্টা ১৫ মিনিট, আজমগড়-দিল্লী কাইফিয়াত এক্সপ্ৰেছ ৫.৩০ ঘণ্টা, আম্বেদকাৰ নগৰ কাটৰা এক্সপ্ৰেছ ৩ ঘণ্টা, প্ৰতাপগড়-দিল্লী ১ ঘণ্টা ২০ মিনিট, ডেৰাডুন-দিল্লী এক্সপ্ৰেছ ১ ঘণ্টা ২০ মিনিট, মুজাফ্ফৰপুৰ-আনন্দ বিহাৰ এক্সপ্ৰেছ ৩ ঘণ্টা ১৫ মিনিট, চেন্নাই-নতুন দিল্লী এক্সপ্ৰেছ ১ ঘণ্টা, ফিৰোজপুৰ-মুম্বাই এক্সপ্ৰেছ ১ ঘণ্টা, অমৃতসৰ-মুম্বাই এক্সপ্ৰেছ ১ ঘণ্টা ২০ মিনিট,জম্মু-তাৱী-আজমীৰ পূজা এক্সপ্ৰেছ ১ ঘণ্টা ৪৫ মিনিট, কামাখ্যা-দিল্লী জংচন ১ ঘণ্টা আৰু মাণিকপুৰ-নিজামুদ্দিন এক্সপ্ৰেছ ২ ঘণ্টা পলমকৈ চলি আছে ।

আনহাতে, জানিব পৰা মতে, এই ৰে'লসমূহৰ সেৱা আৰু অধিক প্ৰভাৱিত হ'ব পাৰে । ইয়াৰ বাবে যাত্ৰীসকলে ৰাষ্ট্ৰীয় ৰে'ল অনুসন্ধান ব্যৱস্থাৰ ৱেবছাইট লগইন কৰি তেওঁলোকৰ ৰে'লৰ স্থিতি পৰীক্ষা কৰিব পাৰে । উত্তৰ ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া দীপক কুমাৰৰ মতে, লোকো পাইলটসকলে কুঁৱলীৰ বাবে সংকেত দেখা পোৱাত অসুবিধা হয় । যাৰ বাবে ৰে'লৰ গতি লেহেমীয়া কৰি ৰাখিব লাগে আৰু তাৰ ফলতে ৰে'লসমূহৰ যাত্ৰা বহুত পলম হৈ যায় ।

ইফালে বিমান পৰিচালনাতো বিলম্ব হৈছে । বৃহস্পতিবাৰেও ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কুঁৱলীৰ পৰিস্থিতিৰ বিশেষ উন্নতি হোৱা নাই । যাৰ বাবে বিমান চলাচলত বিলম্ব হয় । কিন্তু বুধবাৰতকৈ পৰিস্থিতি কিছু উন্নত হৈছে । আইজিআই বিমানবন্দৰত পুৱাৰ ভাগত 50-100 মিটাৰ দৃশ্যমানতা আছিল । অৱশ্যে দুঘণ্টাৰ পিছত ই 600-1200 মিটাৰত উপনীত হয় । এনেদৰে দৃশ্যমানতা বৃদ্ধি হোৱাত যাত্ৰীসকলে কিছু সকাহ লাভ কৰিছে । কিন্তু যিবোৰ বিমান মাজনিশাতকৈ পলম হৈছিল, সেই বিমানবোৰৰ যাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ।

লগতে পঢ়ক :কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস; উত্তৰ আৰু উত্তৰ-পূব ভাৰতত ৰে'ল সেৱা প্ৰভাৱিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.