ETV Bharat / bharat

কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস; উত্তৰ আৰু উত্তৰ-পূব ভাৰতত ৰে'ল সেৱা প্ৰভাৱিত

author img

By PTI

Published : Jan 18, 2024, 1:23 PM IST

উত্তৰ আৰু উত্তৰ-পূব ভাৰতত ৰে'ল সেৱা প্ৰভাৱিত
উত্তৰ আৰু উত্তৰ-পূব ভাৰতত ৰে'ল সেৱা প্ৰভাৱিত

Cold Wave in Assam : বৃহস্পতিবাৰে অসমকে ধৰি পঞ্জাব, হাৰিয়ানা, পশ্চিম ৰাজস্থান, বিহাৰ, দিল্লী, পশ্চিম উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশাৰ কিছু অংশত ঘনৰ পৰা অতি ঘন কুঁৱলীয়ে বিৰাজ কৰে । ভাৰতীয় ৰে'লৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কুঁৱলীৰ বাবে দিল্লীমুখী ১৮ খন ৰে'লৰ যাত্ৰা ছয় ঘণ্টালৈকে পলম হৈছে ।

নিউজ ডেস্ক, ১৮ জানুৱাৰী : কুঁৱলীৰ আচ্ছাদনত এতিয়া উত্তৰ আৰু উত্তৰ-পূব ভাৰত । যাৰবাবে দেশৰ এই অঞ্চল দুটাৰ কেইবাটাও স্থানত দৃশ্যমানতা শূন্য মিটাৰলৈ হ্ৰাস হৈছে । ইয়াৰ ফলত প্ৰভাৱিত হৈছে ৰে'ল চলাচল । বৃহস্পতিবাৰে ৰে'ল বিভাগৰ সূত্ৰত এই কথা প্ৰকাশ । আনহাতে, উপগ্ৰহ ছবিত বিহাৰ আৰু পূব উত্তৰ প্ৰদেশত কুঁৱলী কিছু পৰিমাণে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ।

বৃহস্পতিবাৰে অসমকে ধৰি পঞ্জাব, হাৰিয়ানা, পশ্চিম ৰাজস্থান, বিহাৰ, দিল্লী, পশ্চিম উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশাৰ কিছু অংশত ঘনৰ পৰা অতি ঘন কুঁৱলীয়ে বিৰাজ কৰে । ভাৰতীয় ৰে'লৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কুঁৱলীৰ বাবে দিল্লীমুখী ১৮ খন ৰে'লৰ যাত্ৰা ছয় ঘণ্টালৈকে পলম হৈছে ।

বৃহস্পতিবাৰে পুৱা ৫.৩০ বজাত পাটিয়ালা, অমৃতসৰ, আম্বালা, হিছাৰ, বিকানেৰ আৰু পূৰ্ণিয়াত দৃশ্যমানতাৰ স্তৰ ২৫ মিটাৰ আৰু চুৰু, গংগানগৰ, ঝান্সি, ৰাঁচী, পাৰাদীপ আৰু লখিমপুৰত ৫০ মিটাৰ হয় । দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ পালাম অবজাৰ্ভেটৰীত এই দৃশ্যমানতা মাত্ৰ 50 মিটাৰত সীমাবদ্ধ আছিল ।

অৱশ্যে পুৱা 8.30 বজালৈ ই 350 মিটাৰলৈ উন্নীত হয় । উত্তৰ আৰু উত্তৰ-পূব ভাৰতত পুৱা কুঁৱলীৰ বতৰৰ বাবে বিগত পষেকটোত পথ, ৰে'ল আৰু বিমান যাতায়তত যথেষ্ট প্ৰভাৱ পেলাইছে । আইএমডিয়ে জনোৱা অনুসৰি, ঘনৰ পৰা অতি ঘন কুঁৱলী আৰু শীতৰ পৰা তীব্ৰতৰ শীতৰ পৰিস্থিতি পৰৱৰ্তী পাঁচ দিনৰ বাবে উত্তৰ ভাৰতত বিৰাজ কৰাৰ সম্ভাৱনা আছে ।

"উত্তৰ-পশ্চিম ভাৰতত পাঁচ দিন ধৰি শীতৰ পৰা তীব্ৰ শীত প্ৰবাহ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে ।" আইএমডি সূত্ৰত কোৱা হৈছে । সমভূমিত বতৰ মন্ত্ৰালয়ৰ কাৰ্যালয়ে শীত প্ৰৱাহ ঘোষণা কৰিছে । যদি নিম্নতম তাপমাত্ৰা 4 ডিগ্ৰী চেলচিয়াছৰ তললৈ নামে বা যেতিয়া নিম্নতম তাপমাত্ৰা 10 ডিগ্ৰী বা তাতকৈ কম হয় তেতিয়া এই তাপ মাত্ৰা স্বাভাৱিকতকৈ চাৰে চাৰি গুণ কম হয় বুলি উল্লেখ কৰা হৈছে ।

আনহাতে, তীব্ৰ শীত প্ৰৱাহ হৈছে যেতিয়া নিম্নতম তাপমাত্ৰা 2 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস হয় বা স্বাভাৱিকতকৈ অৱনমন 6.4 ডিগ্ৰীতকৈ অধিক হয় । শীতৰ দিন হৈছে যেতিয়া নিম্নতম তাপমাত্ৰা স্বাভাৱিকতকৈ 10 ডিগ্ৰী চেলচিয়াছতকৈ কম বা সমান হয় আৰু সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ কমেও 4.5 ডিগ্ৰী কম হয় । এটা তীব্ৰ শীতৰ দিন হৈছে যেতিয়া তাপ মাত্ৰা স্বাভাৱিকতকৈ সৰ্বাধিক ৬.৫ ডিগ্ৰী চেলচিয়াছ বা ততোধিক কম হয় ।

লগতে পঢ়ক :তামিলনাডুৰ পৰম্পৰাগত জাল্লিকাট্টু উৎসৱত ২ জনৰ মৃত্যু, ৪০ৰো অধিক আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.