ETV Bharat / bharat

Leopard attacked girl : নাহৰ ফুটুকীৰ আক্ৰমণত নিহত ১৮ মহীয়া শিশু

author img

By

Published : Oct 25, 2022, 2:20 PM IST

ইতিকাই মাকৰ সৈতে খোজকাঢ়ি মন্দিৰটোলৈ গৈ আছিল । ঠিক তেনে সময়তে এটা নাহৰফুটুকীটোৱে ইতিকাক আক্ৰমণ কৰে (girl attacked by leopard) । কেৱল আক্ৰমণ কৰাই নহয়, তেওঁক প্ৰায় এশ মিটাৰমান চোঁচৰাই লৈ যায় ।

Leopard attacked girl
নাহৰ ফুটুকীৰ আক্ৰমণত নিহত ১৮ মহীয়া শিশু

নিউজ ডেস্ক, ২৫ অক্টোবৰ : দেৱালীত মন্দিৰলৈ যাওঁতে হয় এক ভয়ংকৰ আক্ৰমণৰ ঘটনা (Diwali 2022) । অৱশ্যে এয়া কোনো দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা নহয় । ঘটনাটো ঘটে হাৰিয়ানাৰ গুড়গাঁৱত । সোমবাৰে পুৱা প্ৰায় ৬.৩০ বজাত সংঘটিত হয় এই ঘটনা । ইতিকা নামৰ ১৮ মহীয়া এটি কন্যাশিশুৰ লগত তেওঁৰ মাতৃয়ে গুড়গাঁৱৰ আৰেৰ ১৫ নং ইউনিটত বাস কৰে ।

এই ঘটনাটো দেৱালীৰ প্ৰথমদিনা পুৱা বেলাতেই সংঘটিত হয় । নৰক চতুৰ্দশী উপলক্ষে (Narak Chaturdashi) তেওঁলোক দুয়ো পুৱা ওচৰৰ মন্দিৰ এটালৈ যাবলৈ ওলাই গৈছিল ।

ইতিকাই মাকৰ সৈতে খোজকাঢ়ি মন্দিৰটোলৈ গৈ আছিল । ঠিক তেনে সময়তে এটা নাহৰফুটুকীটোৱে ইতিকাক আক্ৰমণ কৰে (girl attacked by leopard) । কেৱল আক্ৰমণ কৰাই নহয়, তেওঁক প্ৰায় এশ মিটাৰমান চোঁচৰাই লৈ যায় । এই ঘটনাত হতভম্ব হৈ ইতিকাৰ মাতৃ আৰু ওচৰ-পাজৰৰ লোকসকলে চিঞৰিবলৈ আৰম্ভ কৰে ।

তেওঁলোকৰ চিঞৰ-বাখৰ শুনি নাহৰফুটুকীটোৱে ইতিকাক বাটতে পেলাই থৈ অৰণ্যলৈ দৌৰি পলাই যায় । ঘটনাটোৰ পিছত ইতিকাক মাৰোলৰ ছেভেন হিলছ চিকিৎসালয়লৈ নি ভৰ্তি কৰোৱা হয় ।

কিন্তু চিকিৎসালয়খনত চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয় (girl attacked by leopard death in gorgaon) । আনহাতে, ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত বন বিষয়াসকলেও গৈ ছেভেন হিলছ চিকিৎসালয়ত উপস্থিত হয় । লগতে বন বিষয়াই এইটোও জনায় যে তেওঁলোক ঘটনাস্থলীলৈ গৈ পৰিদৰ্শন কৰিব ।

ইয়াৰ উপৰি নাহৰফুটুকীৰ বাসস্থানত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈও বন বিভাগে স্থানীয় ৰাইজক আহ্বান জনায় । ইয়াৰ উপৰি নাহৰফুটুকী থকা এলেকাবোৰত শিশুসকলক সন্ধিয়া আৰু পুৱা ঘৰৰ পৰা বাহিৰলৈ নিব নালাগে বুলিও জনায় ।

উল্লেখ্য, নাহৰফুটুকীয়ে মানুহক খাদ্য হিচাপে ভাল নাপায় । কিন্তু নিজৰ বিপদাশংকা দেখিলেহে নাহৰফুটুকীয়ে মানুহক আক্ৰমণ কৰে । আনহাতে, শিশুসকলক প্ৰায়ে নাহৰফুটুকীয়ে আক্ৰমণ কৰে । বন বিভাগে নাহৰফুটুকীৰ বাসস্থানত ৰাইজক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :PM Modi congratulates Rishi Sunak : ৰোডমেপ ২০৩০ কাৰ্যকৰ্য ৰী কৰাৰ বাবে ইচ্ছুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.