ETV Bharat / bharat

Andhra train accident: অন্ধ্ৰ প্ৰদেশৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পিচত বাতিল হ’ল 12 খন ৰেলৰ চলাচল

author img

By ANI

Published : Oct 30, 2023, 7:25 AM IST

12 trains cancelled several diverted after Andhra train accident
ভাৰতীয় ৰেল বিভাগে

বাতিল কৰা হৈছে 12 খন ৰেলৰ চলাচল ৷ 15 খন ৰেলৰ পথ ডাইভাৰ্ট হোৱাৰ বিপৰীতে আন 7 খন ৰেলৰ চলাচল আংশিকভাৱে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেল বিভাগে । অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় ৰেল বিভাগে ৷

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ: অন্ধ্ৰ প্ৰদেশত ৰেল দুৰ্ঘটনা হোৱাৰ পাচতে ৰেল বিভাগে সলনি কৰিছে বহুকেইখন ৰেলৰ সময়সূচী ৷ দেওবাৰে East Coast Railway এ বিষয়াই জনোৱা মতে, অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰমত দুখন ৰে’লৰ সংঘৰ্ষৰ ফলত 12 খন ৰেলৰ চলাচল বাতিল কৰা হৈছে, 15 খন ডাইভাৰ্ট হোৱাৰ বিপৰীতে আন 7 খন ৰেল আংশিকভাৱে বাতিল কৰা হৈছে ।

উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰ জিলাত দেওবাৰে সন্ধিয়া একেটা পথেৰে গৈ থকা বিশাখাপট্টনম-ৰাগড়া যাত্ৰীবাহী ৰেলে আন এখন যাত্ৰীবাহী ৰেলত খুন্দা মৰাৰ ফলত কমেও 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে 18 জন আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

বিজিয়ানগৰৰ আৰক্ষী অধীক্ষক দীপিকাই কয় যে অন্ধ্ৰ প্ৰদেশৰ ৰেল দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে 40 জন লোক আহত হৈছে । বিভাগীয় ৰেলৱে পৰিচালকগৰাকীয়ে এই সন্দৰ্ভত কয়, "বিশাখাপট্টনম-পলাছা যাত্ৰীবাহী ৰেল আৰু বিশাখাপট্টনম-ৰাগদা যাত্ৰীবাহী ৰেলৰ মাজত সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত 3 খন ডবা ক্ষতিগ্ৰস্ত হোৱাৰ ফলত 10 জন লোক আহত হয় । উদ্ধাৰ অভিযান চলি আছে, স্থানীয় প্ৰশাসন আৰু এনডিআৰএফক সহায় আৰু এম্বুলেন্সৰ বাবে অৱগত কৰা হৈছে ।"

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগানে শীঘ্ৰে সাহায্য ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিশাখাপট্টনম আৰু অনকাপল্লীৰ পৰা পাৰ্যমানে এম্বুলেন্স প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । X যোগে মুখ্যমন্ত্ৰী কাৰ্যালয়ে কয়, "ভিজিয়ানগৰৰ নিকটৱৰ্তী জিলা বিশাখাপট্টনম আৰু অনকাপল্লীৰ পৰা যিমান পাৰি সিমান এম্বুলেন্স প্ৰেৰণ কৰাৰ লগতে সমীপৰ চিকিৎসালয়সমূহত সকলো ধৰণৰ ব্যৱস্থা কৰি ভাল চিকিৎসা সেৱা আগবঢ়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক ৷"

লগতে, মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য, আৰক্ষী আৰু ৰাজহকে ধৰি অন্যান্য চৰকাৰী বিভাগসমূহৰ সমন্বয় সাধন কৰি দ্ৰুত সকাহৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আহতসকলে যাতে তৎকালীনভাৱে চিকিৎসা সেৱা লাভ কৰে তাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ।

লগতে পঢ়ক: Andhra Train Accident : ক্ৰচিঙৰ সময়ত দুখন ৰে’লৰ সংঘৰ্ষ, 6 জন যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.