ETV Bharat / bharat

Heatstroke in Maharashtra: উৎকট গৰমৰ বাবে মহাৰাষ্ট্ৰৰ চৰকাৰী সভাত মৃত্যুৰ কিৰিলি

author img

By

Published : Apr 17, 2023, 7:03 AM IST

Updated : Apr 17, 2023, 10:56 AM IST

Heatstroke in Maharashtra
Heatstroke in Maharashtra

মহাৰাষ্ট্ৰ চৰকাৰৰ জনসভাত গৰমে প্ৰাণ ল’লে 11 জনৰ ৷ কামোথেৰ এম জি এম হাস্পতালত ভৰ্তি কৰোৱা হয় লোকসকলক ৷ চিকিৎসা খৰচ বহনৰ প্ৰতিশ্ৰুতি একনাথ সিণ্ডে চৰকাৰৰ ৷ বৰ্তমানেও হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে কেইবাগৰাকীও লোক (11 people have died from heatstroke in Maharashtra ) ৷

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : উৎকট গৰমৰ বাবে প্ৰাণ গ’ল 11 জনকৈ লোকৰ ৷ দুৰ্ভাগ্যজনক এই ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰত ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি নৱী মুম্বাইৰ খাৰঘৰত মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত মুঠ এঘাৰজন লোকৰ গৰমৰ বাবে মৃত্যু হয় (11 people died due to the heat) ।

16 এপ্ৰিলৰ দিনা মুম্বাইৰ খাৰঘৰত অনুষ্ঠিত কৰা হৈছিল ডাঃ অপ্পাছাহেব ধৰ্মাধিকাৰী মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানতে উৎকট গৰমৰ বাবে প্ৰাণ গ’ল 11 জনকৈ লোকৰ ৷ মৃতকৰ প্ৰতি দুখ প্ৰকাশ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে এক টুইটযোগে কয়, ‘‘এয়া এক অতি অভাৱনীয় আৰু বেদনাদায়ক ঘটনা ৷ মৃতকৰ পৰিয়াললৈ শ্ৰদ্ধাঞ্জলি জনাইছো । তেওঁলোকৰ পৰিয়ালৰ দুখৰ আমি সমভাগী ৷’’ (Eknath Shinde tweet)।

লগতে কয় যে এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে মই ততাতৈয়াকৈ কামোথেৰ এম জি এম হাস্পতাললৈ গৈ চিকিৎসকৰ লগতে চিকিৎসাধীন অৱস্থাত থকা লোকসকলৰ সদস্যৰ সৈতে কথা পাতিলোঁ । প্ৰশাসনে নিৰ্দেশ দিছে যে এই দুৰ্ভাগ্যজনক ঘটনাত মৃত্যু হোৱা সদস্যসকলৰ পৰিয়ালক পাঁচ লাখ টকাকৈ আগবঢ়োৱা হ'ব আৰু চিকিৎসাধীন সদস্যসকলৰ সমগ্ৰ চিকিৎসা খৰচ চৰকাৰে বহন কৰিব (MGM Hospital in Kamothe Maharashtra)৷

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হোৱা একাংশ সদস্যৰ চিকিৎসাৰ ওপৰত নিজাববীয়াকৈ নজৰ ৰাখি প্ৰশাসন আৰু চিকিৎসকক যথাযথভাৱে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে বুলি টুইটটোত উল্লেখ কৰে । চিকিৎসাধীন হৈ থকাসকলৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি কামনা কৰে একেটা টুইটতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উৎকট গৰমৰ ফলস্বৰূপে বঁটা প্ৰদান অনুষ্ঠানত হিটষ্ট্ৰকত আক্ৰান্ত লোকসকলক খাৰঘৰৰ টাটা হাস্পতাললৈ লৈ যোৱা হয় (Maharashtra CM Eknath Shinde tweet) ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, তেওঁৰ পুত্ৰ আদিত্য থাকৰে আৰু এন চি পি নেতা অজিত পাৱাৰে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । মহাৰাষ্ট্ৰ ভূষণ বঁটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু তেওঁৰ উপ-দেৱেন্দ্ৰ ফাডনৱীও উপস্থিত থাকে । অনুষ্ঠানত বঁটা বিতৰণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah in Maharastra) ।

লগতে পঢ়ক : Adani is a symbol of corruption: আদানিক দুৰ্নীতিৰ প্ৰতীক আখ্যা ৰাহুল গান্ধীৰ

Last Updated :Apr 17, 2023, 10:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.